ৰাজস্থানৰ উদয়পুৰত দৰ্জী কানহাইয়া লাল (Tailor Kanhaiya Lal)ক হত্যা কৰাৰ পিছত দুই অভিযুক্ত ৰিয়াজ আখতাৰী আৰু ঘোষ মহম্মদে (Riyaz Akhtari and Ghosh Mohammad) আজমেৰ শ্বৰীফ দৰগাহলৈ যোৱাৰ পৰিকল্পনা কৰিছিল যদিও ৰাজসামণ্ডৰ ভিমত গ্ৰেপ্তাৰ হয়। এই তথ্য জানিবলৈ দিছে চোৰাংচোৱাই। অনুসন্ধানত পোহৰলৈ আহিছে ঘোষ মহম্মদৰ পাকিস্তানৰ সংগঠনৰ সৈতে সম্পৰ্কৰ তথ্য।
এক সূত্ৰই জনোৱা মতে, উদয়পুৰৰ ৰিয়াছাত হুছেইন আৰু আব্দুল ৰাজাকৰ জৰিয়তে ঘোষ মহম্মদে পাকিস্তানস্থিত ধৰ্মীয় উগ্ৰপন্থী সংগঠন দাৱাত-ই-ইছলামী (Dawat-e-Islami)ত যোগদান কৰিছিল আৰু ২০১৩ চনৰ শেষৰ পিনে ভাৰতৰ পৰা যোৱা আন ৩০ জন লোকৰ সৈতে পাকিস্তানৰ কৰাচী (Karachi in Pakistan) ভ্ৰমণ কৰিছিল। তেওঁৰ লগত উদয়পুৰৰ আন দুজন ব্যক্তি আছিল — ৱাছিম আকথাৰী আৰু আকথাৰ ৰাজা (Wasim Akthari and Akthar Raza) — আৰু ৪৫ দিনৰ মূৰত ২০১৪ চনৰ ১ ফেব্ৰুৱাৰীত ঘূৰি আহিছিল।
মহম্মদে ২০১৩ আৰু ২০১৯ চনত দুবাৰকৈ চৌদি আৰৱ (Saudi Arabia) আৰু ২০১৭-১৮ চনত নেপাল ভ্ৰমণ কৰিছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে।
মহম্মদে প্ৰকাশ কৰে যে পাকিস্তানৰ উগ্ৰপন্থী ৰাজনৈতিক দল তেহৰিক-ই-লাব্বাইক (Tehriq-e-Labbaik)ৰ সৈতেও দাৱাত -ই-ইছলামীৰ সম্পৰ্ক আছে।
কৰচীত ছলমান ভাই আৰু আব্বু ইব্ৰাহিম (Salman Bhai and Abbu Ibrahim)ৰ সৈতেও তেওঁৰ অহৰহ যোগাযোগ আছিল, দুয়োজনেই দাৱাত-ই-ইছলামীৰ সৈতে জড়িত।
আনহাতে ৰিয়াজে কানহায়ালালৰ দোকানখন চাৰি-পাঁচবাৰ ৰেকি কৰিছিল।
ইয়াৰ পিছত মহম্মদে ছলমান ভাই আৰু আব্বু ইব্ৰাহিমৰ সৈতে যোগাযোগ কৰি তেওঁলোকক কয় যে তেওঁ “কিবা এটা আদৰ্শগত” কৰি তেওঁলোকক এটা ভিডিঅ’ প্ৰেৰণ কৰিব বুলি মেছেজ কৰা বুলি এক সূত্ৰই জনাইছে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|