এবিপি-চি ভোটাৰৰ সমীক্ষা অনুসৰি বিজেপিয়ে এইবাৰ নতুন ৰেকৰ্ড কৰিব। বিজেপিয়ে গুজৰাটৰ নিৰ্বাচনত ১৩৪ৰ পৰা ১৪২খন আসন লাভ কৰিব। কংগ্ৰেছে ২৮ৰ পৰা ৩৬খন আসন লাভ কৰাৰ বিপৰীতে আম আদমী পাৰ্টিয়ে ৭ৰ পৰা ১৫খন আসন লাভ কৰিব।
ইপিনে এইবাৰ সমীক্ষাৰ মতে গুজৰাটৰ সৌৰাষ্ট্ৰত আসনৰ সংখ্যা বৃদ্ধি হ'ব বিজেপিৰ। একেদৰে আন সমীক্ষাসমূহতো বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ সম্ভাৱনা দেখুওৱা হৈছে।