মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»ফেচবুকৰ ফল’ৱাৰ বঢ়াই কাল হ’ল! শিলেৰে থেতালি পত্নীক হত্যা ঈৰ্ষাপৰায়ণ স্বামীৰ

ফেচবুকৰ ফল’ৱাৰ বঢ়াই কাল হ’ল! শিলেৰে থেতালি পত্নীক হত্যা ঈৰ্ষাপৰায়ণ স্বামীৰ

News18 Assam | News18-Assam
Updated:January 21, 2020, 2:40 PM IST
ফেচবুকৰ ফল’ৱাৰ বঢ়াই কাল হ’ল! শিলেৰে থেতালি পত্নীক হত্যা ঈৰ্ষাপৰায়ণ স্বামীৰ
মৃত ৰেশমা। (ফাইল ফটো)

ৰাজস্থানৰ জয়পুৰৰ ঘটনা।

  • Share this:
ফেচবুকত ফটো আৰু ভিডিও শ্বেয়াৰ কৰাৰ লগে লগে ফল’ৱাৰৰ সংখ্যা বাঢ়িছিল মহিলাগৰাকীৰ। কিন্তু এই অনলাইন জনপ্ৰিয়তাই কাল হ’ল জয়পুৰৰ মহিলাগৰাকীৰ। অতি নৃশংসতাৰে স্বামীয়ে হত্যা কৰিলে পত্নীৰ। এই ঘটনা ৰাজস্থানৰ জয়পুৰৰ।

ম’বাইলত ব্যস্ত হৈ থকা মহিলাগৰাকীৰ ফেচবুকত ফল’ৱাৰ্ছ আছিল ৬০০০ৰো অধিক। ফটো আৰু ভিডিও আপলোড কৰি অনলাইন বহুতৰে দৃষ্টি আকৰ্ষণ কৰাৰ পিছতে এক প্ৰকাৰে ম’বাইল আসক্ত হৈ পৰিছিল মহিলাগৰাকী। এই কাৰণেই স্বামীয়ে অতি নৃশংসভাৱে হত্যা কৰে পত্নীৰ।

জয়পুৰৰ আমেৰত সংঘটিত হৈছে এই অপৰাধ। তেজেৰে তুমৰলি মহিলাগৰাকীৰ মৃতদেহ উদ্ধাপ হোৱাৰ পিছতে আৰক্ষীৰ অনুসন্ধানত প্ৰকাশ পাইছে এই তথ্য। আৰক্ষীয়ে হত্যাৰ অভিযোগত স্বামী আয়াজ আহমেদক গ্ৰেপ্তাৰ কৰিছে।

আৰক্ষীৰ মতে মহিলাগৰাকীক হত্যা কৰাৰ পিছত শিলেৰে খুন্দিয়াই মহিলাগৰাকীৰ মুৰ থেতালি পেলাইছিল স্বামীয়ে। জয়সিংহপুৰৰ নেনা ওৰফে ৰেশমা মংগলানী বুলি চিনাক্ত কৰা হৈছে মহিলাগৰাকীক।

দুবছৰৰ পূৰ্বে প্ৰেমসূত্ৰে বিবাহ পাশত আৱদ্ধ হৈছিল ভিন্ন সম্প্ৰদায়ৰ দুই পতি–পত্নী।

দুয়োৰে এটি তিনিমহীয়া সন্তানো আছে। হকে–বিহকে পত্নীৰ চৰিত্ৰৰ ওপৰত সন্দেহৰ আঙুলি উঠাই কাজিয়া কৰি থাকিছিল আয়াজে। ঘৰুৱা বিবাদৰ কাৰণেই ৰেশমাই বিগত বছৰৰ পৰা স্বামীৰ পৰা আঁতৰি থাকিছিল।

বেলেগে থাকিলেও ফেচবুকত পত্নীৰ জনপ্ৰিয়তা বঢ়াটো সহ্য কৰিব পৰা নাছিল আয়াজে। সেই কাৰণে মীমাংসা কৰিবলৈ কথা পতাৰ চলেৰে মাতি পঠিয়াইছিল পত্নীক। প্ৰথমে দুয়ো সুৰাপাণ কৰিছিল আৰু তাৰ পিছতে আয়াজে মুৰ থেতালি হত্যা কৰিছিল পত্নীৰ।
Published by: Tulika Devi
First published: January 21, 2020, 2:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি