உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Viral News: গোপনে মহিলা–যুৱতীৰ আপত্তিজনক ভিডিঅ’ কৰাৰ চখ স্বামীৰ, খুলশালীয়েকৰ ভিডিঅ’ বনাই থাকোতে দেখিলে পত্নীয়ে, তাৰ পিছত...

    Viral News: গোপনে মহিলা–যুৱতীৰ আপত্তিজনক ভিডিঅ’ কৰাৰ চখ স্বামীৰ, খুলশালীয়েকৰ ভিডিঅ’ বনাই থাকোতে দেখিলে পত্নীয়ে, তাৰ পিছত...

    প্ৰতীকী ফটো

    প্ৰতীকী ফটো

    গেলাৰীলৈ গৈ পত্নীয়ে দেখিলে যে অসংখ্য অচিনাকি মহিলাৰ ভিডিঅ’, নগ্ন হৈ স্নান কৰাৰ দৃশ্য আছে স্বামীৰ ম’বাইলত। স্বামীক সোধাত সকলো অভিযোগ অস্বীকাৰ কৰে।

    • Share this:
    স্বামীৰ অদ্ভুত বেয়া স্বভাৱ। এনেকুৱা স্বভাৱ যে নিজকে আৰু চম্ভালিব নোৱাৰিলে পত্নীয়ে। একেবাৰে আৰক্ষীৰ ওচৰ পালেগৈ পত্নী। আৰক্ষীক জনালে স্বামীৰ সমগ্ৰ কু–কীৰ্তিৰ কাহিনী। গোপনে মহিলাৰ স্নান কৰা, কাপোৰ সলোৱা বা পথত খোজ কাঢ়ি থকা অচিনাকী মহিলাৰ ভিডিঅ’ কৰে স্বামীয়ে। চেন্নাইৰ ৱাশাৰমেনপেট অঞ্চলৰ এই ঘটনা। স্বামীৰ এই স্বভাৱৰ কথা অৱশেষত জানিব পাৰিলে পত্নীয়ে। পত্নীৰ অভিযোগৰ ভিত্তিত স্বামীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

    আৰক্ষী সূত্ৰত প্ৰকাশ, এই ঘটনা পত্নীয়ে সেইদিনাহে জানিব পাৰিলে যিদিনা তেওঁৰ ভগ্নীয়ে কাপোৰ সলোৱাৰ গোপন ভিডিঅ’ কৰিছিল স্বামীয়ে। যেতিয়া পত্নীৰ আগত পৰিছিল, তেতিয়া স্বামীয়ে ম’বাইলৰ স্ক্ৰীণ লক কৰি দিছিল। স্বামীৰ আচৰণ দেখি সন্দেহ হয় পত্নীৰ। তাৰ পিছতে ম’বাইলটো চাব বিচাৰে পত্নীয়ে। আৰু লগে লগে ধৰা পৰে স্বামীৰ সেই কুকাণ্ড। সিমানেই নহয়, গেলাৰীলৈ গৈ পত্নীয়ে দেখিলে যে অসংখ্য অচিনাকি মহিলাৰ ভিডিঅ’, নগ্ন হৈ স্নান কৰাৰ দৃশ্য আছে স্বামীৰ ম’বাইলত। স্বামীক সোধাত সকলো অভিযোগ অস্বীকাৰ কৰে।

    ইয়াৰ পিছতে ম’বাইলত নিজৰ ভগ্নীৰ ভিডিঅ’ৰ প্ৰসংগ তুলি স্বামীক প্ৰশ্ন কৰে মহিলাগৰাকীয়ে। তেতিয়া এইদৰে লুকাই মহিলাৰ ভিডিঅ’ কৰাৰ কথা মানি লয় স্বামীয়ে। নিজৰ স্বামীৰ এই কুকৰ্মৰ কথা জানিব পাৰি অত্যন্ত দুখ পায় পত্নীয়ে। কিন্তু এনেদৰে মহিলাৰ শ্লীলতা হানি কৰা মানুহৰ সৈতে তেওঁ কোনোপধ্যেই থাকিব নিবিচাৰে। আৰু সেইবাবে নিজেই আৰক্ষীক খবৰ দিয়ে পত্নীয়ে। আৰক্ষীয়ে পত্নীৰ অভিযোগৰ ভিত্তিত স্বামীক গ্ৰেপ্তাৰ কৰে।
    Published by:Sanjay Kumar Das
    First published: