চেন্নাইত আই পি এলৰ প্ৰস্তুতিৰ বাবে চিএছকেৰ শিবিৰত যোগদান কৰিবলৈ ৰাঁচীৰ পৰা ৰাওনা হৈছে মহেন্দ্ৰ সিং ধোনী। বিশেষ চাৰ্টাৰ্ড বিমানেৰে চেন্নালৈ ৰাওনা হয় চেন্নাই ছুপাৰ কিংছৰ অধিনায়কজন। এতিয়া সমগ্ৰ দেশে অধীৰ আগ্ৰহেৰে বাট চাইছে আই পি এললৈ। য’ত প্ৰিয় খেলুৱৈজনক আৰু এবাৰ দেখা যাব ২২ গজৰ যুঁজত। কাৰণ আন্তঃৰাষ্ট্রীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে ধোনীয়ে। ধোনীৰ অৱসৰৰ সিদ্ধান্তই আঘাত দিছে দেশৰ অগণন অনুৰাগীক।
বিশ্বকাপৰ পিছৰে পৰা ক্ৰিকেটৰ পৰা আঁতৰত আছিল ধোনী। কেতিয়াবা যদি পত্নী সাক্ষীৰ ঘৰ চিমলাৰ পাহাৰৰ কোলাত সময় কটাইছে, কেতিয়াবা আকৌ নিজৰ ঘৰত। লকডাউন আৰম্ভ হোৱাৰ পিছৰে পৰা ৰাঁচীত নিজৰ ফাৰ্ম হাউছত পৰিয়ালৰ সৈতে সময় কটাইছিল ধোনীয়ে। ৫ মাহৰ অন্তত ধোনীয়ে চহৰৰ বাহিৰলৈ যোৱাত মন বেয়া পত্নী সাক্ষীৰ।
আনহাতে, ধোনী চেন্নাইলৈ ৰাওনা হোৱাৰ পিছতে পৰিয়াললৈ আহিল নতুন সদস্য। কেপ্টেইন কুলৰ গাড়ী আৰু বাইকৰ খুব চখ। ধোনীৰ গেৰেজত ভৰ্তি হৈ আছে দেশ–বিদেশৰ নানা জনপ্ৰিয় মডেলৰ গাড়ী আৰু বাইক। এইবাৰো এখন নতুন গাড়ী আহিল ধোনী–সাক্ষীৰ সংসাৰলৈ।
ৰঙা ৰঙৰ ডজ চেলেঞ্জাৰ (Dodge Challenger) গাড়ীখন আহিল ধোনী যোৱাৰ পিছতে। সেয়েহে স্বামীক মিছ কৰিছে পত্নী সাক্ষীয়ে। নতুন গাড়ীৰ ফটো আৰু ভিডিঅ’ শ্বেয়াৰ কৰিছে সাক্ষীয়ে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|