ভাৰতীয় হিচাপে আপোনাক গৌৰৱান্বিত কৰিব পৰা লোকসভা নিৰ্বাচন ২০১৯ৰ ৫টা চিত্তাকৰ্ষক খবৰ

আপুনিও ভাৰতীয় হিচাপে গৌৰৱান্বিত হ’ব।

news18
Updated:May 9, 2019, 7:52 PM IST
ভাৰতীয় হিচাপে আপোনাক গৌৰৱান্বিত কৰিব পৰা লোকসভা নিৰ্বাচন ২০১৯ৰ ৫টা চিত্তাকৰ্ষক খবৰ
আপুনিও ভাৰতীয় হিচাপে গৌৰৱান্বিত হ’ব।
news18
Updated: May 9, 2019, 7:52 PM IST
ভোটদান হৈছে আপোনাৰ মৌলিক প্ৰক্ৰিয়া যাৰ জৰিয়তে গণতন্ত্ৰ সঠিক দিশত পৰিচালিত হয়, আমি বিশ্বাস কৰা এখন চৰকাৰ নিৰ্বাচন কৰাত এই প্ৰক্ৰিয়াই সহায় কৰে। কিন্তু আপুনি জানেনে ১৯৫৭চনৰ নিৰ্বাচনত সৰ্বাধিক ৬২.২শতাংশ ভোটদান লিপিৱদ্ধ হৈছিল।

৫টা এনেকুৱা বিষয় যাৰ দ্বাৰা আপুনিও ভাৰতীয় হিচাপে গৌৰৱান্বিত হ’বঃ
১.মহিলা শক্তিঃ২০১৯ৰ লোকসভা নিৰ্বাচন হৈছে প্ৰথমটো নিৰ্বাচন য’ত মহিলা ভোটাৰৰ সংখ্যা পুৰুষতকৈ অধিক হ’৸ব। বিগত নিৰ্বাচনসমূহত এই দৃশ্য আছিল সম্পূৰ্ণ পৃথক আৰু পুৰুষ ভোটাৰৰ সংখ্যা প্ৰায় ২০শতাংশ বেছি আছিল।

২.অভিলেখ ভংগঃনিৰ্বাচন আয়োগৰ মতে ৯০০ মিলিয়ন লোকে এইবাৰ ভোটাধিকাৰ সাব্যস্ত কৰা সুযোগ লাভ কৰিছে। ২০১৪চনৰ নিৰ্বাচনৰ ভোটাৰতকৈ এই সংখ্যা ৮৪.৩মিলিয়ন বৃদ্ধি পাইছে। বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক প্ৰক্ৰিয়াৰূপে বিবেচিত হৈছে ভাৰতৰ নিৰ্বাচন।
৩.প্ৰতিটো ভোটক সামৰি লোৱা হৈছেঃপ্ৰগতিৰ কথা ক’৸বলৈ যাওঁতে ১৮–১৯বছৰ বয়সৰ কমেও ১৫মিলিয়ন প্ৰথমবাৰৰ ভোটাৰ আছে আৰু ৩৮,৩২৫ তৃতীয় লিংগৰ ভোটাৰে এইবাৰ প্ৰথম ভোটাধিকাৰ সাব্যস্ত কৰাৰ সুযোগ পাইছে।
৪.উচ্চ প্ৰযুক্তিৰ ব্যৱহাৰঃপেপাৰ বেলটৰ পৰা আমি বহুদূৰ আগুৱাই আহিলো। শেহতীয়া নিৰ্বাচনসমূহৰ দৰেই ২০১৯ৰ নিৰ্বাচনত ইলেকট্ৰনিক ভোটিং মেচিন বা ইভিএম ব্যৱহাৰ কৰা হৈছে। ইয়াৰ লগতে দেশৰ নিৰ্বাচন আয়োগে ভোটাৰ ভেৰিফাইড পেপাৰ অডিট ট্ৰেইল বা ভিভিপিএটি ব্যৱস্থাৰ প্ৰচলন কৰিছে যাৰ দ্বাৰা ইলেকট্ৰনিক ভোটিং মেচিনত প্ৰতিটো ভোট এখন শ্লিপৰ ৰূপত লিপিৱদ্ধ কৰাৰ সুবিধা প্ৰদান কৰা হৈছে। এই ব্যৱস্থা এইবছৰ দেশৰ ৫৪৩টা লোকসভা সমষ্টিতে প্ৰচলন কৰা হৈছে।
৫.প্ৰথমবাৰ ভোটদানঃভাৰত–বাংলাদেশৰ সীমান্তৰ চুক্তি ২০১৫চনত স্বাক্ষৰ কৰা হৈছিল য’ত দুয়োখন দেশে নিজৰ মতভেদ একাষৰীয়া কৰি একাংশ বসতি হস্তান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অৰ্থাৎ এই বসতিৰ লোকসকলে প্ৰথমবাৰ ভাৰতৰ নিৰ্বাচনত ভোট দিয়াৰ সুযোগ লাভ কৰিছে।

Photo by: Nicola Fioravanti on Unsplash.com


বৰ্তমান নিৰ্বাচনত যিসকল লোকে ভোটদান কৰিছে তেওঁলোকেই প্ৰাসংগিক, নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি সাতটা পৰ্যায়ৰ প্ৰথম চাৰিটা পৰ্যায়ৰ ভোটগ্ৰহণত ৬৪শতাংশ লোকে ৭২জন প্ৰতিনিধি নিৰ্বাচন কৰাৰ সুযোগ লাভ কৰিছে। ২০১৪ত এই পৰিসংখ্যা আছিল ৬১.৪৮শতাংশ।
এতিয়াও এক ভাল আৰম্ভনি কৰিবলৈ বাকী, কিন্তু এই ধাৰা ধৰি ৰাখিব পাৰিলেহে আমি সফল হ’ম। আমি ভোট দিয়াৰ লগতে আনক এই বিষয়ত সজাগ কৰি, ভোট দিবলৈ আহ্বান জনোৱাটো আমাৰ দায়িত্ব। বৰ্তমান আমাৰ সময়ৰ আহ্বান হৈছে ভৱিষ্যতে ৰাইজৰ দ্বাৰা আৰু ৰাইজৰ বাবে গঠন কৰা এখন চৰকাৰৰ জৰিয়তে ভৱিষ্যতে আহিবলগীয়া যিকোনো পৰিস্থিতিৰ সন্মুখীন হ’বলৈ সাজু হোৱাৰ।
Button Dabao Desh Banao হৈছে Network18ৰ প্ৰয়াস, আগবঢ়াইছে RP-Sanjiv Goenka Group–এ, প্ৰতিজন ভাৰতীয়ক ভোট দিবলৈ আহ্বান জনাই এই আহ্বান । ছচিয়েল মিডিয়াত এই বিষয়ত সবিশেষ জানিব পাৰিব, ব্যৱহাৰ কৰক #ButtonDabaoDeshBanao ।

 

 

 
আৰু চাওক পৰৱৰ্তী বাতৰি