নিৰ্বাচনী ফলাফলৰ দিনা অৰ্ণৱ গোস্বামীয়ে কিয় মনত পেলালে ছানী লিয়নীক?

News18-Assam
Updated:May 23, 2019, 2:03 PM IST
নিৰ্বাচনী ফলাফলৰ দিনা অৰ্ণৱ গোস্বামীয়ে কিয় মনত পেলালে ছানী লিয়নীক?
ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল অৰ্ণৱ গোস্বামীৰ টক শ্ব’ৰ সেই বিশেষ ক্লিপটো।

ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল অৰ্ণৱ গোস্বামীৰ টক শ্ব’ৰ সেই বিশেষ ক্লিপটো।

  • Share this:
দেশৰ প্ৰখ্যাত সাংবাদিক তথা ৰিপাব্লিক টিভিৰ সম্পাদক অৰ্ণৱ গোস্বামীৰ এটা ভুল উচ্চাৰণে মুহূৰ্তৰ ভিতৰতে খলকনি তুলিছে ছচিয়েল মিডিয়াত। দেশৰ প্ৰতিটো টেলিভিছন চেনেলে আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ফলাফল সম্প্ৰচাৰৰ লগতে টক শ্ব’ অনুষ্ঠিত কৰিছে। ৰিপাব্লিক টিভিতো নিৰ্বাচনী শ্ব’ চলি আছিল। কিন্তু হঠাৎ জিভা পিছলিল অৰ্ণৱ গোস্বামীৰ। পঞ্জাবৰ গুৰুদাসপুৰ সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা অভিনেতা ছানী দেউলৰ কথা ক’বলৈ গৈ অৰ্ণৱ গোস্বামীয়ে নাম ল’লে ছানী লিয়নীৰ। তাৰ পিছতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিল অৰ্ণৱ গোস্বামীৰ টক শ্ব’ৰ সেই বিশেষ ক্লিপটো। আনকি টুইটাৰতো ট্ৰেণ্ডত উঠিল ছানী লিয়নীৰ নাম। হাজাৰ হাজাৰ ইউজাৰে টুইটাৰত শ্বেয়াৰ কৰিছে অৰ্ণৱ গোস্বামীৰ ভুল উচ্চাৰণৰ সেই ভিডিঅ’।

 

আৰু চাওক
পৰৱৰ্তী বাতৰি