বেলেগৰ কাণ্ডজ্ঞানহীনতাৰ ফল কিয় ভুগিম, কাৰ বিৰুদ্ধে ক্ষোভৰ বিস্ফোৰণ নিৰ্ভয়াৰ মাতৃৰ?

News18 Assam | News18-Assam
Updated:January 16, 2020, 4:39 PM IST
বেলেগৰ কাণ্ডজ্ঞানহীনতাৰ ফল কিয় ভুগিম, কাৰ বিৰুদ্ধে ক্ষোভৰ বিস্ফোৰণ নিৰ্ভয়াৰ মাতৃৰ?
প্ৰচণ্ড ক্ষোভত ফাটি পৰিছে নিৰ্ভয়াৰ মাতৃ।

প্ৰচণ্ড ক্ষোভত ফাটি পৰিছে নিৰ্ভয়াৰ মাতৃ।

  • Share this:
অধৈৰ্য হৈ পৰিছে নিৰ্ভয়াৰ মাতৃ। তাৰিখৰ ওপৰত তাৰিখ পৰি ৭বছৰে একমাত্ৰ জীয়ৰিৰ সৈতে হোৱা জঘন্য অপৰাধৰ ন্যায় বিচাৰি মানুহগৰাকীয়ে অসীম ধৈৰ্যৰে সংগ্ৰাম কৰাৰ পিছত অৱশেষত চূড়ান্ত হৈছিল ২২জানুৱাৰীত চাৰিওটা পাষণ্ডক ফাঁচীকাঠত ওলমোৱা হ’ব। কিন্তু শেষ মুহূৰ্তত আইনী সুৰুঙাৰে ২২জানুৱাৰীত ফাঁচী নোহোৱাক লৈ তীব্ৰ উষ্মা প্ৰকাশ কৰে নিৰ্ভয়াৰ মাতৃ আশা দেৱীয়ে। News18ৰ আগত তেওঁ কয়, আমি এটাই বিচাৰো যে ফাঁচী ২২তাৰিখেই হ’ব লাগে। সেইকেইটাৰ ওচৰত বাচি যাবলৈ হাজাৰটা উপায় আছে কিন্তু ৭বছৰ পূৰ্বে মোৰ ছোৱালীজনীয়ে প্ৰাণ হেৰুৱাইছিল আৰু মই মাতৃ হিচাপে ন্যায় পাব লাগে। মই একেৰাহে ক’ৰ্টলৈ অহা যোৱা কৰি আছো। দিল্লী চৰকাৰ আৰু তিহাৰ কৰ্তৃপক্ষৰ গাফিলতিৰ পৰিণাম মই কিয় ভুগিম? মোৰ ছোৱালীজনীৰ কাৰণে ন্যায় লাগে আৰু মই ক’ৰ্টক এটাই অনুৰোধ কৰিম যে আটাইকেইটা অপৰাধীক ২২তাৰিখে ফাঁচী দিব লাগে। 
আৰু চাওক
পৰৱৰ্তী বাতৰি