বৰষুণৰ অভিলেখৰ পিছতো এটুপি খোৱাপানীৰ কাৰণে এই ঠাইত হাহাকাৰ কিয়?

#MissionPaani: পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইৰূপে অন্তৰ্ভুক্ত এখন ঠাইত খোৱাপানীৰ ভয়ংকৰ সংকট কিয়? 

News18
Updated:August 26, 2019, 4:23 PM IST
বৰষুণৰ অভিলেখৰ পিছতো এটুপি খোৱাপানীৰ কাৰণে এই ঠাইত হাহাকাৰ কিয়?
#MissionPaani: পৃথিৱীৰ ভিতৰত সৰ্বাধিক বৰষুণ হোৱা ঠাইৰূপে অন্তৰ্ভুক্ত এখন ঠাইত খোৱাপানীৰ ভয়ংকৰ সংকট কিয়? 
News18
Updated: August 26, 2019, 4:23 PM IST
পৃথিৱীৰ সৰ্বাধিক বৰষুণ হোৱা ঠাইৰূপে আমি সৰুৰে পৰা পাই আহিছো আমাৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ চেৰাপুঞ্জীৰ নাম।উল্লেখযোগ্য যে চেৰাপুঞ্জীৰ নাম এতিয়া চোহৰা (Sohra) লৈ সলনি কৰা হৈছে। অৱশ্যে বিভিন্ন নামফলকত এতিয়াও চেৰাপুঞ্জীৰ নাম একেই ৰখা হৈছে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে ইমান বৰষুণ হোৱাৰ পিছতো পানীবোৰ আচলতে ক’লৈ যায়। ভূমিগত জলস্তৰ আৰু খোৱাপানীৰ সংকটে ইয়াত কিয় দেখা দিছে। লগতে বৰ্তমান যিখন ঠাইত সৰ্বাধিক বৰষুণ হয় তাত খোৱাপানীৰ পৰিস্থিতি কি?

পৃথিৱীৰ সৰ্বাধিক পৰিমাণৰ বৰষুণ হোৱা ঠাই চেৰাপুঞ্জীৰ মৌচিনৰাম আৰু গিনীজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডছত মৌচিনৰামৰ নাম অন্তৰ্ভুক্ত হৈ থকাৰ কথা সকলোৱে জানে। এই ঠাইত জল সংবৰ্ধন তথা জল সংৰক্ষণৰ কি অৱস্থা আৰু এই ঠাইত জলসংকট কেনেকৈ বাঢ়িছে? 

শীতকাললৈকে চেৰাপুঞ্জীত খোৱাপানীৰ নাটনিয়ে তীব্ৰ ৰূপ লয়। বিশেষকৈ খোৱাপানীৰ কাৰণে মানুহে বহু দূৰত্ব অতিক্ৰম কৰিবলগীয়া হয়। জলসংকটৰ কাৰণে এই ঠাইখনক বিশ্বৰ ‘সিক্ত মৰভূমি’ আখ্যা দিয়া হয়।

জলসংকটৰ ভয়াৱহতা

এয়া এক বিড়ম্বনাই যে য’ত বিশ্বৰ সকলোতকৈ অধিক বৰষুণ হয় তাত খোৱাপানীৰ সংকটে ভয়ানক ৰূপ লৈছে। অৱশ্যে ইয়াত মানুহে বহু দূৰ অতিক্ৰম কৰি চৰকাৰী পাইপলাইনেৰে পানী সংগ্ৰহ কৰে। ২৫–৩০বছৰ পুৰণি এই পাইপলাইনসমূহেৰে চাফা পানীকনো পোৱা নাযায়। এই ঠাইত পানী সংৰক্ষণৰো কোনো বিশেষ ব্যৱস্থা নাই।

ভূমিগত জলৰ অৱস্থা

ভাৰত চৰকাৰৰ জল সংসাধন মন্ত্ৰালয়ৰ দ্বাৰা পূৰ্বে জাৰি কৰা খাচী জিলাৰ ৰিপ’ৰ্টত উল্লেখ কৰিছিল যে ভূমিগত জলৰ সংৰক্ষণৰ কাৰণে কুঁৱা নিৰ্মাণ কৰাৰ বিকল্পৰ কথা চিন্তা কৰা হৈছে। ২০১৩চনত দেখা গ’ল যে প্ৰায় ৬০–২৫০মিটাৰ খন্দাৰ পিছতে কুঁৱাসমূহত পানীৰ সোঁত পোৱা গৈছিল। এই প্ৰতিবেদনত কোৱা গৈছিল যে ভূমিগত জল সংৰক্ষণৰ কাৰণে সমগ্ৰ জিলাখন কেৱল বৰষুণৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে। আনহাতে ডাউন টু আৰ্থৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ইয়াত কোনো ৰিজাৰ্ভাৰ বাদেই দূৰলৈকে কোনো বৃক্ষ দেখিবলৈ পোৱা নাযায় যাৰ জৰিয়তে ভূমিগত জলস্তৰ বৃদ্ধি পাব পাৰে। 

আঠ বছৰতো সম্পূৰ্ণ হোৱা নাই পৰিকল্পনা

চোহৰাৰ কাৰণে জল সংৰক্ষণ বিভাগৰ সহায়ত পিএচই–এ ২০১০চনত গ্ৰেটাৰ চোহৰা ৱাটাৰ চাপ্লাই স্কীম আৰম্ভ কৰিছিল। ইয়াৰ জৰিয়তে মানুহে খোৱাপানী সহজে লাভ কৰোৱা হৈছিল। টাইমছ অৱ ইণ্ডিয়াৰ এক প্ৰতিবেদন অনুসৰি আঠ বছৰৰ পিছতো এই আঁচনি এক সপোন হৈ থাকি গৈছিল। গাঁৱৰ প্ৰমুখে সংবাদগোষ্ঠীটোক জনোৱা মতে, যদিহে আমি পানী নাপাওঁ তেনেহ’লে আমি প্ৰতি হাজাৰ লিটাৰ পানী ৩০০টকাত কিনিব লগা হ’ব আৰু যিসকলে এই মূল্য দিব নোৱাৰে তেওঁলোকে বাধ্য হৈ ঝৰ্ণা বা নিজৰাৰ পানী খাব লাগিব।

চোহৰা সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৪৮৪মিটাৰ অৰ্থাৎ ডেৰ কিলোমিটাৰ উচ্চতাত পাহাৰীয়া এলেকাত অৱস্থিত। একেধৰণে মৌচিনৰামো। ইয়াৰ তলভাগত বাংলাদেশৰ সীমা আৰু সমীপতে বংগোপসাগৰ। এই ভৌগলিক অৱস্থিতিৰ বাবে ইয়াত যথেষ্ট বৰষুণ হয় কিন্তু ঠাইৰ কাৰণে ইয়াত পানী যোগান এক ডাঙৰ সমস্যা।

মুঠতে যোজনাসমূহ ভালদৰে বলৱৎ নোহোৱাৰ কাৰণে যথেষ্ট পৰিমাণৰ বৰষুণ হোৱাৰ পিছথো পানী ৰৈ নাথাকে। লগতে পানীয়ে পাহাৰীয়া এলেকা আৰু শিলাভূমিৰো মাটিও বোৱাই লৈ যায়। ফলত কৃষিক্ষেত্ৰক লৈ সমস্যাৰ সৃষ্টি হৈছে। চোহৰাত বিগত কেইবাবছৰৰ পৰা প্ৰতিবছৰে শীতকালত খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হয়। বিজনেছ ৱৰ্ল্ডৰ এক প্ৰতিবেদন অনুসৰি চেৰাপুঞ্জীত খোৱাপানীৰ যথেষ্ট সমস্যা আছে।
আৰু চাওক পৰৱৰ্তী বাতৰি