உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Amazon : আৰিয়ান খানক কৰাৰ দৰে আমাজনৰ বিষয়াকো কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই, মধ্যপ্ৰদেশ আৰক্ষীক CAITৰ প্ৰশ্ন

    Amazon : আৰিয়ান খানক কৰাৰ দৰে আমাজনৰ বিষয়াকো কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই, মধ্যপ্ৰদেশ আৰক্ষীক CAITৰ প্ৰশ্ন

    Amazon secret website

    Amazon secret website

    "আমাজনৰ বিষয়াসকলক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে, এমপি পুলিচে তেওঁলোকক জাননী দি আমাজনৰ উত্তৰ দিয়ালৈ অপেক্ষা কৰাটোতহে গুৰুত্ব দিছিল। এনডিপিএছ আইনৰ অধীনত, কোনো জাননীৰ ব্যৱস্থা নাই। আইনৰ দুটা পৃথক ব্যৱহাৰ হ'ব নোৱাৰে কিয়নো ভাৰতৰ সংবিধানে সমতাৰ অধিকাৰ নিশ্চিত কৰে," খাণ্ডেলৱালে কয়।

    • Share this:
    কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে (The Confederation of All India Traders, CAIT) এই মাহৰ আৰম্ভণিতে মধ্য প্ৰদেশ আৰক্ষীয়ে ৭২০ কিলোগ্ৰাম গাঁজা জব্দ কৰা সন্দৰ্ভত আমাজন (Amazon)ৰ বিষয়াসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে।

    দেওবাৰে জাৰি কৰা এক বিবৃতিত CAITয়ে NDPS আইনৰ অধীনত পঞ্জীয়ন কৰা ড্ৰাগ-সৰবৰাহ গোচৰত কৰ্তৃপক্ষৰ দ্বাৰা বৈষম্যমূলক আচৰণৰ অভিযোগ উত্থাপন কৰে। ব্যৱসায়ী সংস্থাটোৱে আৰিয়ান খান গোচৰৰ সৈতে তুলনা কৰি কয় যে কৰ্তৃপক্ষই মধ্য প্ৰদেশৰ ক্ষেত্ৰতো একে ধৰণৰ তৎপৰতা প্ৰদৰ্শন কৰা উচিত। CAITয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ (Amit Shah)ক বিষয়টোত চকু দিবলৈ আহ্বান জনায়। কিয়নো এনডিপিএছ আইনে কেন্দ্ৰীয় চৰকাৰৰ সংস্থাসমূহক ৰাজ্য চৰকাৰ আৰু কৰ্তৃপক্ষৰ সৈতে সমন্বয় স্থাপন কৰাৰ ক্ষমতা প্ৰদান কৰে।

    ১৪ নৱেম্বৰত মধ্য প্ৰদেশ আৰক্ষীয়ে ভিন্দ জিলাত গাঞ্জা জব্দ কৰাৰ পিছত এনডিপিএছ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছিল। নিষিদ্ধ নিচাযুক্ত সামগ্ৰী (Banned Drugs) বিধ ই-কমাৰ্চ পৰ্টেলটোৰ জৰিয়তে যোগান ধৰা হৈছিল।

    আমাজনে এতিয়াও এই বিষয়টোত ৰাজহুৱাভাৱে কোনো মন্তব্য দিয়া নাই। কিন্তু আগৰ এটা বিবৃতিত কৈছিল যে এজন বিক্ৰেতাৰ দ্বাৰা কোনো নিয়ম পালন কৰা হোৱা নাই নেকি সেয়া অনুসন্ধান কৰি আছে।

    অন্ধ্ৰ প্ৰদেশ আৰক্ষীয়ে বিশাখাপত্তনমত ৪৮ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে আৰু আমাজনৰ জৰিয়তে সমগ্ৰ দেশত গাঞ্জা বিক্ৰী কৰা তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

    যদিও এনডিপিএছ আইন (NDPS Act)ৰ ধাৰা ৩৮ ৰ অধীনত ভিন্দত পঞ্জীয়ন কৰা গোচৰটোত গাঞ্জা যোগানৰ সুবিধা দিয়াৰ বাবে আমাজন কোম্পানীৰ নাম উল্লেখ কৰা হৈছে যদিও আৰক্ষীয়ে এতিয়ালৈকে ই-পৰ্টেলটোত নিযুক্ত কাকো গ্ৰেপ্তাৰ কৰা নাই বুলি অভিযোগ কৰিছে।

    "ই ড্ৰাগছ সৰবৰাহৰ দৰে চাঞ্চল্যকৰ আৰু গুৰুত্বপূৰ্ণ বিষয়  সম্পৰ্কে দুখজনক অৱস্থাটো উদঙাই দিছে।" সংস্থাটোৰ বিবৃতিটো এইদৰে খোদ প্ৰকাশ কৰিছে।

    CAITৰ ৰাষ্ট্ৰীয় সভাপতি বি.C ভাৰতিয়াই আৰক্ষী সংস্থাসমূহৰ  "বৈষম্য" আঙুলিয়াই দিছে। তেওঁ কয় যে যদিও এনচিবিয়ে শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানক হোৱাটছএপ চেটৰ আধাৰত গ্ৰেপ্তাৰ কৰাত অলপো "সময় অপচয় কৰা নাছিল", আমাজনৰ বিৰুদ্ধে গোচৰটোত কিন্তু কোম্পানীৰ বিষয়াসকলৰ নাম লোৱা স্বত্বেও আৰক্ষীয়ে কোনো গ্ৰেপ্তাৰ কৰা নাই।

    CAITৰ  চেক্ৰেটেৰী জেনেৰেল প্ৰবীণ খাণ্ডেলৱালে লগতে কয় যে এনডিপিএছ আইনে, যদি কোনো ব্যক্তিয়ে নিষিদ্ধ পদাৰ্থ প্ৰস্তুত কৰে, বিক্ৰী কৰে,  ক্ৰয় কৰে, মজুত কৰে, পৰিবহণ, আমদানি বা ৰপ্তানি কৰে আৰু এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ সৰবৰাহ কৰে, তেন্তে তদন্তকাৰী সংস্থাটোক কোনো ৱাৰেণ্ট অবিহনে এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা প্ৰদান কৰে  ।

    মধ্য প্ৰদেশ আৰক্ষী (Madhya Pradesh police)ৰ ফালৰ পৰা কোনো পদক্ষেপ নোলোৱাটোৱে নাগৰিকসকলৰ মাজত বৈষম্যমূলক আচৰণ স্পষ্টভাৱে প্ৰদৰ্শন কৰিছে, তেওঁ কয়। "আমাজনৰ বিষয়াসকলক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে, এমপি পুলিচে তেওঁলোকক জাননী দি আমাজনৰ উত্তৰ দিয়ালৈ অপেক্ষা কৰাটোতহে গুৰুত্ব দিছিল। এনডিপিএছ আইনৰ অধীনত, কোনো জাননীৰ ব্যৱস্থা নাই। আইনৰ দুটা পৃথক ব্যৱহাৰ হ'ব নোৱাৰে কিয়নো ভাৰতৰ সংবিধানে সমতাৰ অধিকাৰ নিশ্চিত কৰে," খাণ্ডেলৱালে লগতে কয়।

    জাননীখনৰ প্ৰতি আমাজনৰ সঁহাৰিয়ে ই-পৰ্টেলৰ বাবে নিৰ্ধাৰিত নিয়মবোৰ অমান্য কৰাৰ ইংগিত দিযছে বুলি অভিযোগ কৰে চিএআইটিয়ে।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Manjumoni Borah
    First published: