Why is the COVID-19 variant Omicron concerning? কোৰোণাৰ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ হৈ পৰিছে আতংকৰ নতুন নাম, অমিক্ৰনৰ বিষয়ে আপুনি এইবোৰ কথা জানেনে?
Why is the COVID-19 variant Omicron concerning? কোৰোণাৰ অমিক্ৰন ভেৰিয়েণ্টৰ সংক্ৰমণ হৈ পৰিছে আতংকৰ নতুন নাম, অমিক্ৰনৰ বিষয়ে আপুনি এইবোৰ কথা জানেনে?
Corona Virus Omicron Variant
ভাৰতত এই পৰ্যন্ত ৪১ জন লোক অমিক্ৰণ (Omicron Cases in India) ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত হৈছে। শেহতীয়াকৈ গুজৰাটত আৰু তিনিজন লোক অমিক্ৰণত সংক্ৰমিত হোৱাটো নিশ্চিত হৈছে।
উল্লেখ্য যে কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ আৰম্ভণিৰ পৰা ই নানা ধৰণে ইয়াৰ চৰিত্ৰ সলাইছে আৰু নানা ৰূপত ই মানুহক সংক্ৰমিত কৰিছে। ইয়াৰ ভিতৰত কোৰোণাৰ ডেল্টা ভেৰিয়েণ্ট (Delta Variant) যথেষ্ট শক্তিশালী আছিল বুলি কোৱা হয়। কোৰোণাৰ দ্বিতীয় লহৰৰ সময়ত ডেল্টা ভেৰিয়েণ্টে একপ্ৰকাৰ সংহাৰী ৰূপ ধাৰণ কৰিছিল। এই দ্বিতীয় লহৰতে বিশ্বত সৰ্বাধিক সংখ্যক লোকৰ কোৰোণাত মৃত্যু হৈছিল।
কিন্তু বিজ্ঞানীসকলে দাবী কৰা মতে আৰু কিছু গবেষণা মতে শেহতীয়াকৈ নতুনকৈ সংক্ৰমিত হোৱা অমিক্ৰন ভেৰিয়েণ্ট ডেল্টা ভেৰিয়েণ্টতকৈও হেনো অধিক শক্তিশালী। জাানিব পৰা মতে কোৰোণাৰ ডেল্টা ভেৰিয়েণ্টতকৈ কেইবাগুণ বেছি সংক্ৰমণশীল অমিক্ৰণ ভেৰিয়েণ্ট।