உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • অৰুণাচল প্ৰদেশ আৰু লাডাখ 'শাস্তিমূলক বদলি'ৰ স্থান নেকি? চৰকাৰক কৰিছে প্ৰশ্ন, ছচিয়েল মিডিয়াত বিতৰ্ক

    অৰুণাচল প্ৰদেশ আৰু লাডাখ 'শাস্তিমূলক বদলি'ৰ স্থান নেকি? চৰকাৰক কৰিছে প্ৰশ্ন, ছচিয়েল মিডিয়াত বিতৰ্ক

    অৰুণাচল প্ৰদেশ আৰু লাডাখ শাস্তিমূলক বদলিৰ স্থান নেকি বুলি প্ৰশ্ন কৰিছে বহুতে।

    অৰুণাচল প্ৰদেশ আৰু লাডাখ শাস্তিমূলক বদলিৰ স্থান নেকি বুলি প্ৰশ্ন কৰিছে বহুতে।

    অৰুণাচল প্ৰদেশ আৰু লাডাখ শাস্তিমূলক বদলিৰ স্থান নেকি বুলি প্ৰশ্ন কৰিছে বহুতে।

    • Share this:
    জ্যেষ্ঠ আইএএছ বিষয়া সঞ্জীৱ খিৰৱাৰক লাডাখলৈ আৰু তেওঁৰ পত্নী ৰিংকু ডুগ্গাক অৰুণাচল প্ৰদেশলৈ স্থানান্তৰ কৰাৰ পিছত, কেইবাজনো লোকে এই সিদ্ধান্তক শাস্তিমূলক বদলি হিচাপে ব্যাখ্যা কৰিছে। ছচিয়েল মিডিয়াতো বিষয়টোক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে।

    অৰুণাচল প্ৰদেশ আৰু লাডাখ শাস্তিমূলক বদলিৰ স্থান নেকি বুলি প্ৰশ্ন কৰিছে বহুতে। আনহাতে একাংশই এই সন্দৰ্ভত যুক্তি দিছে যে, উত্তৰ-পূবৰ অৰুণাচল প্ৰদেশ আৰু উত্তৰৰ লাডাখ হৈছে আন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ তুলনাত যোগাযোগ ব্যৱস্থা কিছু পিছপৰা। কিন্তু বাস্তৱত কিমান যুক্তিসংগত এই কথা?

    টিএমচিৰ সাংসদ মহুয়া মৈত্ৰাই বিষয়টোৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে, অৰুণাচল প্ৰদেশলৈ স্থানান্তৰ কৰাটো এটা শাস্তি নেকি? সঞ্জীৱ খিৰৱাৰক আন কোনো ৰাজ্যলৈ কিয় স্থানান্তৰ কৰা নহ'ল? তেওঁৰ মতে, বিষয়াজনক অৰুণাচল প্ৰদেশলৈ তথাকথিত 'শাস্তিমূলক' বদলি কৰি ৰাজ্যখনক লাজ দিছে। আৰু প্ৰমাণ কৰিছে যে, অৰুণাচলৰ উন্নয়ন হোৱা বুলি যি দাবী কৰিছে সেয়া মিছা। অৱশ্যে, সঞ্জীৱ খিৰৱাৰক লাডাখলৈ স্থানান্তৰ কৰা হৈছে, আৰু তেওঁৰ পত্নীক অৰুণাচল প্ৰদেশত নিযুক্তি লাভ কৰিছে।



    উল্লেখ্য যে, দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত ক্ষমতাৰ অপপ্ৰয়োগ কৰি খেলৰ অনুশীলন সময়তকৈ আগতেই বন্ধ কৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছিল দুয়োগৰাকী প্ৰশাসনিক বিষয়াৰ বিৰুদ্ধে। বিতৰ্কৰ পিছত বৃহস্পতিবাৰে IAS দম্পতী সঞ্জীৱ খিৰৱাৰ (Sanjeev Khirwar) আৰু তেওঁৰ পত্নী ৰিংকু দুগ্গা (Rinku Dugga)ক কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ক্ৰমে লাডাখ (Ladakh ) আৰু অৰুণাচল প্ৰদেশ (Arunachal Pradesh)লৈ বদলি কৰিছিল।

    দিল্লীৰ ৰাজহ বিভাগৰ প্ৰধান সচিবে নিজৰ কুকুৰটোক খোজ কাঢ়িবলৈ সুবিধা কৰি দিয়াৰ বাবে ত্যাগৰাজ ষ্টেডিয়াম (Thyagraj Stadium)ৰ পৰা সাধাৰণ লোকক উলিয়াই দি আগতীয়াকৈ বন্ধ কৰি দিছিল।
    Published by:Himangshu Bhuyan
    First published: