নতুন কৃষি বিধেয়ককলৈ কিয় অসন্তুষ্ট কৃষকসকল? বিজেপিয়ে কিয় হেৰুৱাবলগীয়া হ’ল মিত্ৰ শক্তি? ইছ্যু বিচাৰি পালে বিৰোধীয়ে

News18 Assam | News18-Assam
Updated:September 18, 2020, 2:33 PM IST
নতুন কৃষি বিধেয়ককলৈ কিয় অসন্তুষ্ট কৃষকসকল? বিজেপিয়ে কিয় হেৰুৱাবলগীয়া হ’ল মিত্ৰ শক্তি? ইছ্যু বিচাৰি পালে বিৰোধীয়ে
তিনিখন বিলক লৈ এতিয়া আৰম্ভ হৈছে কৃষক বিক্ষোভ

তিনিখন বিলক লৈ এতিয়া আৰম্ভ হৈছে কৃষক বিক্ষোভ

  • News18 Assam
  • Last Updated: September 18, 2020, 2:33 PM IST
  • Share this:
কৃষক ‘বিৰোধী’ আইন আনিব বিচাৰিছে কেন্দ্ৰীয় চৰকাৰে। এই অভিযোগ উত্থাপন কৰি হঠাত্‍ নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিলে পঞ্জাৱৰ শিৰোমণি আকালি দলৰ নেত্ৰী হৰচিমৰত কৌৰ বাদলে। পদত্যাগ কৰাৰ পিছত টুইট যোগে নেত্ৰীগৰাকীয়ে কয় যে, কৃষক ভাই-বন্ধুৰ স্বাৰ্থতেই তেওঁ ল’লে এই সিদ্ধান্ত।

উল্লেখ্য যে, নতুন কৃষি বিল যেতিয়া মন্ত্ৰীসভাৰ বৈঠকত উত্থাপন কৰা হৈছিল, তেতিয়া উপস্থিত আছিল হৰচিমৰত কৌৰ বাদলো। কিন্তু এতিয়া দলৰ কৃষক-কৰ্মী সমৰ্থকৰ চাপত সুৰ সলনি কৰিবলৈ বাধ্য হ’ল এন ডি এৰ অন্যতম আগশাৰীৰ সহযোগী শিৰোমণি আকালি দলৰ নেত্ৰীগৰাকীয়ে।



তিনিখন বিলক লৈ এতিয়া আৰম্ভ হৈছে কৃষক বিক্ষোভ। পঞ্জাৱ, হাৰিয়ানা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশত চলিছে বিক্ষোভ। ফাৰ্মাছ ট্ৰে়ড এণ্ড কমাৰ্চ বিলক কেন্দ্ৰ কৰি যি ক্ষোভৰ সৃষ্টি হৈছে, তাৰ সমানে প্ৰাইচ প্ৰটেকশ্যন অণ্ড ফাৰ্ম চাৰ্ভিচ বিলকলৈও সৃষ্টি হৈছে বাদ-বিবাদ। মঙলবাৰে বিলৰ বিৰোধিতা কৰে শিৰোমণি আকালি দলৰ সাংসদসকলে। নিত্য প্ৰয়োজনীয় বিলৰ বিৰুদ্ধে ভোট দিয়ে তেওঁলোকে। তিনিওখন বিল কৃষক বিৰোধী বুলি দাবী কৰিলে সুখবীৰ সিং বাদলে।

কিন্তু সংসদত আলোচনা চলাৰ সময়ত তিনিওখন বিলৰ সমৰ্থন কৰাৰ কথা জনাইছিল শিৰোমণি আকালি দলে। ২০২২ চনত পঞ্জাৱত বিধান সভা নিৰ্বাচন। গতিকে নিৰ্বাচনৰ আগত ৰাইজৰ ৰোষৰ পৰা ভয়তে সিদ্ধান্ত সলনি কৰিলে নেকি দলটোৱে?

পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলৰ বোৱাৰী হৰচিমৰত কৌৰ আছিল ৰাজ্যখনৰ একমাত্ৰ কেন্দ্ৰীয় মন্ত্ৰী। হৰচিমৰত কৌৰে নিজৰ পদত্যাগ পত্ৰত লিখিছে যে, কৃষকসকলৰ সৈতে কোনো ধৰণৰ আলোচনা নকৰাকৈয়ে কেন্দ্ৰীয় চৰকাৰে এইখন বিধেয়ক উত্থাপন কৰিছে। তেওঁ এই ক্ষেত্ৰত আপত্তি কৰিছিল যদিও, কোনোধৰণৰ গুৰুত্ব নিদিলে। এই তিনিওখন বিল হ’ল The Farmers' Produce Trade and Commerce (Promotion and Facilitation) Bill, 2020 The Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Bill, 2020,Essential Commodities (Amendment) Bill.

কৃষিক্ষেত্ৰৰ ফচল বিক্ৰী আৰু কৃষিজাত সামগ্ৰীৰ বজাৰত চৰকাৰী নিয়ন্ত্ৰণ হ্ৰাস কৰিবলৈ বহু আগতেই এই তিনিখন অধ্যাদেশ জাৰি কৰিছিল কেন্দ্ৰই। তাত বেচৰকাৰী সংস্থাৰ বাবে প্ৰত্যক্ষ ভাবে কৃষকৰ পৰা ফচল ক্ৰয় কৰাৰ ৰাস্তা মুকলি কৰি দিয়া হৈছিল। ইয়াৰ ফলত কৃষকৰ মনত সৃষ্টি হয় আশংকাৰ। তেওঁলোকৰ ধাৰণা- বজাৰৰ পৰা উঠি যাব চৰকাৰী নিয়ন্ত্ৰণ। চৰকাৰে নূন্যতম মূল্যত ফচল ক্ৰয় কৰা বন্ধ কৰি দিব।

কেন্দ্ৰীয় চৰকাৰৰ এই নতুন কৃষি বিলক আৰম্ভণিৰে পৰা বিৰোধ কৰি আহিছে কিষাণ মজদুৰ সংঘই। তেওঁলোকৰ মতে, বিলকেইখন কৃষকৰ স্বাৰ্থৰ খাতিৰত লোৱা হৈছে বুলি কৈ আভুৱা ভৰিছে চৰকাৰে। আমি বেচৰকাৰী-পুঁজিপতিৰ হাতৰ পুতলা হৈ থাকিব নোৱাৰো। প্ৰধানমন্ত্ৰীক আমাৰ কথা শুনিবলৈ অনুৰোধ জনালো। দেশৰ কৃষকসকলৰ ভালৰ কাৰণে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰক।’
Published by: Himangshu Bhuyan
First published: September 18, 2020, 1:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading