এবাৰ অন্য দিশৰ পৰা বিষয়টো ভবা যাওক। ইমান দিন ধৰি সংস্কাৰৰ কথা কৈ থকাৰ পিছতো অন্যান্য ৰাজনৈতিক দল চৰকাৰত থকাৰ সময়ত এই সিদ্ধান্ত কিয় কাৰ্যকৰী কৰা নহ’ল?কাৰণ সম্ভৱত তেওঁলোকৰ ওপৰত প্ৰভাৱশালী গোষ্ঠীৰ চাপ আছিল, যিয়ে কৃষকৰ মাজত ক্ষোভৰ সৃষ্টি কৰিব পাৰে। দশকৰ পিছত দশক ধৰি দেশৰ মণ্ডি বা মধ্যভোগীৰ দ্বাৰা নিয়ন্ত্ৰিত এই ব্যৱস্থা চলি আহিছে। ভাৰতৰ এই ব্যৱস্থাৰ সৈতে স্থানীয় ৰাজনৈতিকৰ নিবিড়
সম্পৰ্ক আছে।
বিক্ষোভকাৰীৰ মাজত বহুতে বিভিন্ন ধৰণৰ কথা কৈছে। চৰকাৰৰ বিৰুদ্ধে কথা কৈ আন্দোলনক উচতনি দিয়াৰো অপচেষ্টা কৰিছে। নতুন কৃষি আইনৰ বিৰুদ্ধে বিক্ষোভ চলিছে
ঠিকেই,কিন্তু আইনৰ বিৰুদ্ধে নাই তেওঁলোকৰ নাই কোনো স্পষ্ট যুক্তি।
কোনে এই আন্দোলন নেতৃত্ব দিছে সেই দিশটো চোৱাতো প্ৰয়োজন। এই আন্দোলনত আটাইতকৈ বেছি যি প্ৰতীক চকুত পৰিছে, সেয়া হ’ল কাঁচী। ভাৰতৰ জনসংখ্যাৰ
অধিকাংশই কৃষিজীৱি লোক। এই জনসংখ্যাক যদি কোনো ৰাজনৈতিক সমৰ্থনৰ প্ৰয়োজন হয়. তেন্তে কি তেওঁলোক বাওপন্থীৰ ফালে হাত আগবঢ়ায় নেকি? বামপন্থী দলসমূহে
বহুদিনৰ পূৰ্বেই দেশত গণভিত্তি হেৰুৱাইছে।
এই আন্দোলন যিমান ডাঙৰ বুলি দাবী কৰিছে, তাৰ ওপৰতো উঠিছে প্ৰশ্ন। কাৰণ দেশৰ জনতাৰ যি অংশ প্ৰতিনিধিত্ব কৰিছে বুলি বিক্ষোভকাৰীয়ে দাবী কৰিছে. বাস্তৱৰ সৈতে সেই ক্ষেত্ৰত আছে অমিল।কাৰণ যদি ধৰা হয়, ৬০ কোটি মানুহ জীৱিকাৰ সংকটত পৰিছে আৰু
তাৰ বাবেই ক্ষোভ, তেন্তে ইমানদিনে দেশত অচলাবস্থাৰ সৃষ্টি হ’ল হেতেন। নতুন আইন পাছ হোৱাৰ সাত মাহ পাৰ হ’ল। অতদিনে মূলতঃ এখন ৰাজ্যৰ পৰাই ১০ হাজাৰ মান
কৃষক একগোট হৈ আন্দোলন কৰিছে।
এই আন্দোলনৰ পৰা কোন উপকৃত হৈছে? চীনৰ তুলনাত ভাৰতত সুবিধা হ’ল, আমাৰ দেশে গণতন্ত্ৰত বিশ্বাস কৰে। সেই কাৰণে গোটেই বিশ্বই চীনৰ তুলনাত ভাৰত চৰকাৰৰ পদক্ষেপৰ ওপৰত বেছি ভৰসা ৰাখে। চীনে বিচাৰে, গোটেই বিশ্বই এটা বিশ্বাস কৰক যে, তেওঁলোকৰ দেশৰ দৰে ভাৰতত চৰকাৰ বিৰোধী ক্ষোভ দেখাৰ কোনো সুযোগ নাই।
চীনৰ এই স্বাৰ্থ কি উপেক্ষা কৰিব পৰা যায়? ভাৰতৰ বামপন্থীৰ সৈতে চীন চৰকাৰৰ সম্পৰ্কৰ কথা কি একেবাৰে উপেক্ষা কৰিব পাৰি? এই বিক্ষোভত দেশৰ বিভিন্ন বেচৰকাৰী সংস্থাক লক্ষ্য কৰি লোৱা হৈছে। বিশেষকৈ ভাৰতৰ ডাঙৰ ডাঙৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰা হৈছে। অথচ চীনা সামগ্ৰী বা সংস্থাক বয়কট কৰাৰ কোনো শ্লোগান দিয়া হোৱা নাই। এটা অংশই চীনা এপ নিষিদ্ধ কৰা আৰু আত্মনিৰ্ভৰ ভাৰত সংকল্পকো ইতিকিং কৰিছিল।