মোদী–শ্বাহৰ প্ৰিয়পাত্ৰ, ‘ত্ৰিপুৰাজয়ী’ সুনীল দেওধৰেই বিজেপিৰ বংগ জয়ৰ ভৰসা

News18 Assam | News18-Assam
Updated:November 19, 2020, 11:54 AM IST
মোদী–শ্বাহৰ প্ৰিয়পাত্ৰ, ‘ত্ৰিপুৰাজয়ী’ সুনীল দেওধৰেই বিজেপিৰ বংগ জয়ৰ ভৰসা
ত্ৰিপুৰাজয়ী সুনীলক সন্মুখত ৰাখিয়ে দলীয় নেতাৰ মনৰ ভাব বুজিব বিচাৰিছে শীৰ্ষ নেতৃত্বই। কিন্তু কিয় এই ভৰসা?

ত্ৰিপুৰাজয়ী সুনীলক সন্মুখত ৰাখিয়ে দলীয় নেতাৰ মনৰ ভাব বুজিব বিচাৰিছে শীৰ্ষ নেতৃত্বই। কিন্তু কিয় এই ভৰসা?

  • News18 Assam
  • Last Updated: November 19, 2020, 11:54 AM IST
  • Share this:

সলসলীয়াকৈ বেংগলী কয় তেওঁ। কোনো কৈ নিদিলে বুজিবই নোৱাৰিব যে তেওঁ মাৰাঠী। দলৰ ভিতৰচ’ৰাত তেওঁৰ কোড নেম ভোট মেনেজাৰ। বিজেপিৰ আশা–ভৰসাৰ থল হৈ পৰিছে সুনীল দেওধৰ। আসন্ন পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কেইবামাহ ধৰি কলকাতাত থাকিব তেওঁ। চম্ভালিব তিনিখন জিলাৰ দায়িত্ব।



কেন্দ্ৰীয় সম্পাদক সুনীল দেওধৰ বুধবাৰেই কামত নামিছে। উলুবেৰিয়াৰ এখন ৰিজ’ৰ্টত তেওঁ মেদিনীপুৰ, হাওৰা আৰু হুগলীৰ নেতাসকলৰ সৈতে বৈঠকত বহে। এই বৈঠকত উপস্থিত থকা সকলো নেতাৰ বক্তব্য শুনে সুনীল দেওধৰে। নেতাসকলৰ মতামত, অভিযোগ সকলো লিপিবদ্ধ কৰে তেওঁ। এই বৈঠকত উপস্থিত আছিল কৈলাস বিজয়বৰ্গীয়ও। সূত্ৰ অনুসৰি, ত্ৰিপুৰাজয়ী সুনীলক সন্মুখত ৰাখিয়ে দলীয় নেতাৰ মনৰ ভাব বুজিব বিচাৰিছে শীৰ্ষ নেতৃত্বই। কিন্তু কিয় এই ভৰসা?


নৱেম্বৰৰ প্ৰথম সপ্তাহতে পশ্চিম বংগত অমিত শ্বাহে হুংকাৰ দি গৈছে ২০০খন আসন পাব বিজেপিয়ে। মুখেৰে ক’লেও গেৰুৱা বাহিনীয়ে জানি এয়া মুখৰ কথা নহয়। ফলত দ্ৰুতগতিত ঠিক কৰিবলগীয়া হৈছে কৌশল। আৰু সেইবাবেই প্ৰয়োজন সুনীল দেওধৰৰ।



বিধানসভা নিৰ্বাচনৰ চাৰি বছৰ পূৰ্বে ত্ৰিপুৰাত দলৰ কামৰ দায়িত্ব লৈছিল সুনীলে। স্থানীয় ভাষা শিকি স্থানীয় মানুহৰ সৈতে মিলি গৈছিল। ফল পাইছে হাতে হাতে। ত্ৰিপুৰা বিজেপিৰ দখলত। কেন্দ্ৰীয় নেতাসকলে বিনাদ্বিধাই তেওঁক কিংমেকাৰ আখ্যা দিয়ে। কেৱল ত্ৰিপুৰাই নহয়, ২০১৩ চনৰ গুজৰাট নিৰ্বাচনৰ সফলতাৰ পুৰস্কাৰ হিচাপে মোদীয়ে তেওঁক ২০১৪ চনত বাৰাণসীৰ দায়িত্ব প্ৰদান কৰে। কেজৰিৱালৰ সৈতে যুঁজিবলৈ দিল্লী, মহাৰাষ্ট্ৰৰ যুঁজত মুম্বাই, জুইৰ সন্মুখত তেওঁক আগুৱাই দিছে বিজেপিয়ে। ইয়াৰ উপৰি বহু দায়িত্ব পালনৰ অভিজ্ঞতা আছে সুনীলৰ, অথচ কাম কৰে নীৰৱে। সেইবাবেই বংগ দখলৰ বাবে মোদী–শ্বাহৰ আস্থাভাজন দেওধৰৰ ওপৰত গুৰুদায়িত্ব।


তৃণমূলে কৈছে বহিৰাগত, কিন্তু সুনীলৰ ক্ষেত্ৰত এই তত্ব নাখাটে। ইয়াৰ পূৰ্বেও নিৰ্বাচনৰ দায়িত্ব লৈ কলকাতালৈ আহিছে সুনীল। বিগত লোকসভা নিৰ্বাচনত তেওঁৰ দায়িত্ব আছিল কলকাতা উত্তৰ, কলকাতা দক্ষিণ, যাদৱপুৰ, দমদম কেন্দ্ৰ চোৱাচিতাৰ। যদিও পদুম নুফুলিল, তথাপি দপদপনি আৰম্ভ হৈছিল তেতিয়াৰে পৰা। এইবাৰো সুনীলক সন্মুখত ৰাখিয়ে বংগ জয়ৰ সপোন দেখিছে বিজেপিয়ে।
Published by: Sanjay Kumar Das
First published: November 19, 2020, 11:53 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading