কোন হ’ব কংগ্ৰেছ দলৰ নতুন অধ্যক্ষ? সেই লৈ অব্যাহত আছে জল্পনা কল্পনা। লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰাজয়ৰ সকলো দায়িত্ব স্বীকাৰ কৰি ৰাহুল গান্ধীয়ে অধ্যক্ষৰ পদ ত্যাগ কৰাৰ পিছৰ পৰাই খালী হৈ আছে দলটোৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ পদ। কিন্তু শণিবাৰে দলটোৰ CWC বৈঠক অনুষ্ঠিত হ’ব। উক্ত বৈঠকতে দলৰ নতুন অধ্যক্ষ চুড়ান্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ইতিমধ্যে জানিবলৈ দিছে ৰাহুল গান্ধীয়ে।
CWC ৰ বৈঠকৰ আগমুহূৰ্তত এতিয়া একাংশ দলীয় কৰ্মীয়ে ৰাহুল গান্ধীকেই দলৰ আকৌ দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষৰ দায়িত্ব ল’বলৈ আহ্বান জনাইছে। সেইদৰে একাংশই প্ৰিয়ংকা গান্ধীক দলৰ সভাপতিৰ দায়িত্ব দিলে দলটো শক্তিশালী হ’ব বুলি দাবী কৰিছে।
![]()
আজি অনুষ্ঠিত হ’বলগীয়া বৈঠকতে কংগ্ৰেছ দলটোত শেহতীয়া জম্মু–কাশ্মীৰৰ প্ৰসংগত চলি থকা বিবাদৰো এক পৰ্যালোচনা কৰা হ’ব বুলি আশা কৰা হৈছে। দলৰ বহুকেইজন জ্যেষ্ঠ নেতাই কংগ্ৰেছ দল ত্যাগ কৰি ইতিমধ্যে বিজেপি দলত যোগদান কৰাৰ পিছতে আমন্ত্ৰণ জনোৱা CWC ৰ বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|