বলীউদৰ তাৰকা অভিনেতা ছলমান খানৰ অনুৰাগীৰ সংখ্যা কোটিৰ ঘৰত। শিশুৰ পৰা বৃদ্ধলৈকে, ছলমানৰ অভিনয়ত সকলো হৈ পৰে মন্ত্ৰমুগ্ধ।

ছলমান সদায় অভিনেত্ৰীসকলৰ সৈতে তেওঁৰ সম্পৰ্কৰ বাবে নিউজত থাকে। বহুসময়ত বিবাহৰ খবৰ পোৱা গৈছে যদি আজিও ছলমানৰ বিয়াখনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ছলমান খানৰ অনুৰাগীসকলে।
৫৫ বছৰ বয়সতো ফিট দেখা ছলমান খান কিন্তু বিয়া হোৱাৰ পক্ষপাতী নহয়। ছলমান খান বিয়া নকৰাৰ মেজাজত আছে। ৰাইজৰ মনত উত্থাপিত প্ৰশ্নটো হ'ল ছলমান খানৰ হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তিৰ মালিকীস্বত্ব কোনে পাব।
নিজৰ সম্পত্তিৰ উত্তৰাধিকাৰী কোন হ'ব বুলি ছলমানক সোধা প্ৰশ্নৰ উত্তৰত কৈছিলে- "মই বিয়া কৰোঁ নে নকৰো, মই যোৱাৰ পিছত মোৰ সম্পত্তিৰ আধা অংশ ট্ৰাষ্টলৈ দান কৰা হ'ব আৰু যদি মই বিয়া নকৰো, মোৰ সম্পূৰ্ণ সম্পত্তি ট্ৰাষ্টলৈ স্থানান্তৰ কৰা হ'ব।"
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বৰ্তমান অভিনেতা ছলমান খানৰ প্ৰায় ২,৩০০ কোটি টকাৰ সম্পত্তি আছে (Salman Khan property)। ছলমান খান হিন্দী চিনেমাৰ লগতে বিশ্বৰ শীৰ্ষতম ব্যয়বহুল অভিনেতাৰ তালিকাত থকা অভিনেতা। তেওঁৰ ব্যক্তিগত জেটৰ লগতে বিলাসী গাড়ীৰ সৰ্বশ্ৰেষ্ঠ সংগ্ৰহ আছে। একে সময়তে ছলমানে এখন চলচ্চিত্ৰৰ বাবে ৫০ৰ পৰা ৬০ কোটি টকাৰ বৃহৎ মাচুল আদায় কৰে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|