• Home
  • »
  • News
  • »
  • nation
  • »
  • ৰাহুল গান্ধীৰ সৈতে পাবত কোন যুৱতী? ‘মিষ্টি গাৰ্ল’ক লৈ ছচিয়েল মিডিয়াত ভিন্ন দাবী

ৰাহুল গান্ধীৰ সৈতে পাবত কোন যুৱতী? ‘মিষ্টি গাৰ্ল’ক লৈ ছচিয়েল মিডিয়াত ভিন্ন দাবী

Rahul Gandhi Viral Video | কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে যে ৰাহুল গান্ধীয়ে এজন বন্ধুৰ বিয়াত অংশ ল’বলৈ গৈছিল আৰু সমাৰোহত অংশ লোৱা কোনো অপৰাধ নহয়।

Rahul Gandhi Viral Video | কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে যে ৰাহুল গান্ধীয়ে এজন বন্ধুৰ বিয়াত অংশ ল’বলৈ গৈছিল আৰু সমাৰোহত অংশ লোৱা কোনো অপৰাধ নহয়।

Rahul Gandhi Viral Video | কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে যে ৰাহুল গান্ধীয়ে এজন বন্ধুৰ বিয়াত অংশ ল’বলৈ গৈছিল আৰু সমাৰোহত অংশ লোৱা কোনো অপৰাধ নহয়।

  • Share this:
বিয়াত অংশগ্ৰহণ কৰিবলৈ নেপাললৈ যোৱা কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছচিয়েল মিডিয়াত (Rahul Gandhi Viral Video)। এই ভিডিঅ’ত ৰাহুল গান্ধীক এখন পাবত দেখা গৈছে। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বিজেপিৰ ফালৰ পৰা ইয়াক লৈ সৰৱ হোৱা দেখা গৈছে। আনহাতে, পাবত তেওঁৰ সৈতে দেখা যোৱা যুৱতীগৰাকী নেপালস্থিত চীনৰ ৰাষ্ট্ৰদূত হাউ য়াংকী বুলি ছচিয়েল মিডিয়াত দাবী কৰা হৈছে। ইয়াৰ মাজতে, কংগ্ৰেছৰ ফালৰ পৰা কোৱা হৈছে যে ৰাহুল গান্ধীয়ে এজন বন্ধুৰ বিয়াত অংশ ল’বলৈ গৈছিল আৰু সমাৰোহত অংশ লোৱা কোনো অপৰাধ নহয়।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে এই ভিডিঅ’ শ্বেয়াৰ কৰি লিখিছে যে ৰেগুলাৰ পাৰ্টী, ছুটী, ব্যক্তিগত বিদেশ ভ্ৰমণ এয়া দেশৰ বাবে কোনো নতুন কথা নহয়। এজন সাধাৰণ নাগৰিক হিচাপে কোনো বিষয় নহয়, কিন্তু যেতিয়া এগৰাকী সাংসদ, এজন ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ স্থায়ী মালিক যিয়ে আনক উপদেশ দিয়ে...

ছচিয়েল মিডিয়াত ভিন্ন দাবী কৰা হৈছে। টুইটাৰত ঋষি বাগৰীয়ে লিখিছে যে ৰাহুল গান্ধীয়ে নেপালত চীনৰ ৰাষ্ট্ৰদূত হাউ য়াংকীৰ সৈতে কাঠমাণ্ডুত পাৰ্টী কৰি আছে নেকি। আন এটা টুইটত লিখিছে যে নেপাল পৰ্যটনৰ বাবে মডেলিং কৰে চীনৰ ৰাষ্ট্ৰদূত হাউ য়াংকীয়ে।



স্নেহা নামৰ এগৰাকী ব্যৱহাৰকাৰীয়ে লিখিছে যে ৰাহুল গান্ধীয়ে এয়া স্পষ্ট কৰা উচিত যে তেওঁ চীনৰ ৰাষ্ট্ৰদূতৰ সৈতে কিয় পাৰ্টী কৰিছে। ইয়াৰ কি সংযোগ আছে। বিজেপি নেতা কপিল মিশ্ৰই এই ভিডিঅ’ টুইট কৰি লিখিছে যে কোন চিনাক্ত কৰক। কপিল মিশ্ৰই লিখিছে যে এয়া ব্যক্তিগত বিষয় নহয়। ৰাহুল গান্ধী কাৰ সৈতে আছে। চীনৰ এজেণ্টৰ সৈতে আছে নেকি। প্ৰশ্ন নিশ্চয় কৰা হ’ব।







বিজেপি সাংসদ মনোজ তিৱাৰীয়ে ভিডিঅ’ টুইট কৰি লিখিছে যে এতিয়াও পাৰ্টী বাকী আছে। সংকট পাৰ্টীৰ ওপৰত, পৰিয়ালৰ ওপৰত নহয়। বিজেপিৰ মুখপাত্ৰ শ্বাহজাদ পুনাৱালাই কয় যে ৰাজস্থান জ্বলি আছে কিন্তু ৰাহুল গান্ধীয়ে পাৰ্টী কৰি আছে। ৰাহুল পাৰ্ট টাইম ৰাজনৈতিক নেতা নহয়, পাৰ্টী টাইম ৰাজনৈতিক নেতা। এয়া প্ৰথমবাৰ নহয়। মনত কৰক  তেওঁৰ 26/11ৰ সময়ৰ পাৰ্টী ম’ড।
Published by:Sanjay Kumar Das
First published: