অসম আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ, জানক ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰিব খোজা শ্বাৰ্জিল ইমাম কোন হয়?

News18 Assam | News18-Assam
Updated:January 25, 2020, 5:02 PM IST
অসম আৰক্ষীয়ে ৰুজু কৰিলে গোচৰ, জানক ভাৰতৰ পৰা অসমক বিচ্ছিন্ন কৰিব খোজা শ্বাৰ্জিল ইমাম কোন হয়?
দিল্লীৰ শ্বাহিন বাগৰ প্ৰতিবাদৰ মুখ্য উদ্যোক্তা আখ্যা দিয়া হৈছে শ্বাৰ্জিল ইমামক। ছচিয়েল মিডিয়াত তেওঁ মানুহক এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ অহৰহ আহ্বান জনাই আহিছে।

দিল্লীৰ শ্বাহিন বাগৰ প্ৰতিবাদৰ মুখ্য উদ্যোক্তা আখ্যা দিয়া হৈছে শ্বাৰ্জিল ইমামক। ছচিয়েল মিডিয়াত তেওঁ মানুহক এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লোৱাৰ অহৰহ আহ্বান জনাই আহিছে।

  • Share this:
দেশত তোলপাৰ লগোৱা এটা ভাইৰেল ভিডিও য’ত শ্বাৰ্জিল ইমাম নামৰ এজন বাম ছাত্ৰ নেতাই অসমক ভাৰতৰ পৰা পৃথক কৰাৰ হুমকি দি কৈছে, ‘অসম আৰু ভাৰত খণ্ডিত হৈ পৃথক হৈ গ’লেহে তেওঁলোকে আমাৰ কথা শুনিব। অসমত মুছলমানসকলৰ কি অৱস্থা, আপুনি জানেনে? তাত এনআৰচি বলৱৎ হৈছে। মুছলিমসকলক ডিটেনশ্যন কেম্পত ভৰোৱা হৈছে। ৬–৮মাহৰ পিছত গম পোৱা যাব যে, সকলো বেংগলী মানুহক হত্যা কৰা হ’ল তাত। অসমক যদি আমি সহায় কৰিব বিচাৰো তেনেহ’লে অসমক আঁতৰাব লাগিব।’

ইতিমধ্যে অসম চৰকাৰে এই ছাত্ৰ নেতাজনৰ বিৰুদ্ধে নিজাববীয়া গোচৰ ৰুজু কৰাৰ কথা ঘোষণা কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মাই। আহক এবাৰ চকু ফুৰাও কোন এই শ্বাৰ্জিল ইমাম?



>>বিহাৰৰ জাহানাবাদৰ বাসিন্দা শ্বাৰ্জিল ইমাম। শ্বাৰ্জিলে আইআইটি বম্বেৰ পৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী গ্ৰহণ কৰিছে। আইআইটিত শ্বাৰ্জিলে কিছুদিন পঢুৱাৰ তথ্যও আছে। স্নাতক সম্পন্ন কৰি উঠি তেওঁ বেংগালুৰুৰ এটা ছফটৱেৰ কোম্পানীত ডেভলপাৰ হিচাপে কাম কৰে। ২০১৩চনত জেএনইউত আধুনিক ইতিহাসত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ নামভৰ্তি কৰে। ইয়াৰ পৰাই তেওঁ Mphil আৰু তাৰ পিছত PHD ও কৰে।

>> আইছাত দুবছৰৰো অধিক সময় অতিবাহিত কৰে শ্বাৰ্জিলে। ইয়াৰে এবছৰ তেওঁ কাৰ্যনিৰ্বাহকৰ সদস্যও আছিল। ইয়াৰ লগতে আইছাৰ প্ৰাৰ্থী হিচাপে কাউন্সিলাৰ পদৰ কাৰণে ২০১৫চনত তেওঁ জেএনইউৰ পৰা নিৰ্বাচনতো প্ৰতিদ্বন্দ্বীতাও কৰে।

>> কথিত ৰূপত শ্বাহিন বাগৰ প্ৰতিবাদী কাৰ্যসূচীৰ মুখ্য আয়োজক শ্বাৰ্জিল ইমাম। ছচিয়েল মিডিয়াত তেওঁ এই ধৰ্ণাত অংশ ল’বলৈ সকলোকে অহৰহ আহ্বান জনাই আহিছে। এটা ফেচবুক পোষ্টত শ্বাৰ্জিলে লিখিছে, শ্বাহিন বাগৰ মডেল হৈছে চকা বন্ধ, বাকীবোৰ সকলো গৌণ, চকা বন্ধ আৰু ধৰ্ণাৰ মাজৰ পাৰ্থক্য বুজক, প্ৰতিখন চহৰত ধৰ্ণা দিয়ক। সেই কাৰ্যসূচীত মানুহক চকা বন্ধৰ বিষয়ে বুজাওক। ইয়াৰ পিচত প্ৰস্তুতি চলাই ৰাজপথৰ ওপৰত বহি দিয়ক।

>> দুই জানুৱাৰীত এটা ফেচবুক পোষ্টত শ্বাৰ্জিলে লিখিছে যে তেওঁ হংকঙৰ আৰ্হিত জনতাক একত্ৰিত কৰিব বিচাৰে। ইয়াৰ কাৰণে তেওঁ প্ৰস্তুতিও চলোৱাৰ কথা জানিব পৰা গৈছে।

>> যোৱাবছৰ ৰাম মন্দিৰৰ ৰায় শুনোৱাৰ পিছত শ্বাৰ্জিল ইমামে ছচিয়েল মিডিয়াত Justice Denied নামৰ কেপচনো চলাইছিল। এই নামেৰে চলোৱা কেম্পেইনত তেওঁ সমবেত ৰাইজক কৈছিল যে বাবৰি মছজিদৰ প্ৰসংগত মুছলমানসকলৰ সৈতে অন্যায় হৈছে। CAA–NRCৰ বিৰুদ্ধে শ্বাৰ্জিলে জেএনইউ, জামিয়া আৰু আলীগড় মুছলিম ইউনিভাৰ্ছিটিতো প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়।

ইতিমধ্যে অসম আৰক্ষীয়ে শ্বাৰ্জিলৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰিছে।

Published by: Tulika Devi
First published: January 25, 2020, 5:01 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading