নিৰ্বাচিত নহয় অসমৰ পৰা, নহয় বিৰোধী দলৰো সাংসদ! অসম চুক্তিৰ ৬ নং দফা কমিটীৰ প্ৰতিবেদনৰ বিষয়ে জানিব বিচৰা কোন এইগৰাকী ৰাজ্যসভাৰ সাংসদ?

News18 Assam | News18-Assam
Updated:September 16, 2020, 4:46 PM IST
নিৰ্বাচিত নহয় অসমৰ পৰা, নহয় বিৰোধী দলৰো সাংসদ! অসম চুক্তিৰ ৬ নং দফা কমিটীৰ প্ৰতিবেদনৰ বিষয়ে জানিব বিচৰা কোন এইগৰাকী ৰাজ্যসভাৰ সাংসদ?
বুধবাৰে ৰাজ্যসভাৰ এজন সাংসদৰ লিখিত প্ৰশ্নৰ উত্তৰত ওলাই পৰিল অসম চৰকাৰৰ মিথ্যাচাৰ!

বুধবাৰে ৰাজ্যসভাৰ এজন সাংসদৰ লিখিত প্ৰশ্নৰ উত্তৰত ওলাই পৰিল অসম চৰকাৰৰ মিথ্যাচাৰ!

  • News18 Assam
  • Last Updated: September 16, 2020, 4:46 PM IST
  • Share this:
বুধবাৰে ৰাজ্যসভাৰ এজন সাংসদৰ লিখিত প্ৰশ্নৰ উত্তৰত ওলাই পৰিল অসম চৰকাৰৰ মিথ্যাচাৰ! কিন্তু সাংসদজন অসমৰ পৰা নিৰ্বাচিত হৈ যোৱা নাই। অসমৰ নিবাসীও নহয় বা কংগ্ৰেছ অথবা বিৰোধী দলৰ সদস্যও নহয়।

মহাৰাষ্ট্ৰৰ কোলহাপুৰৰ নিবাসী ৰাজ্যসভাৰ সদস্য সম্ভাজী ৰাজে চত্ৰপতিয়ে লিখিত প্রশ্নৰ যোগেদি জানিব বিচাৰিছিল অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটীৰ কেতবোৰ কথা। সাংসদজন হ’ল শাসকীয় বিজেপি দলৰে সাংসদ।

সম্ভাজী ৰাজে চত্ৰপতিৰ আছে আন এক বিশেষ পৰিচয়। তেওঁ মাৰাঠা সম্ৰাট চত্ৰপতি শিৱাজীৰ উত্তৰ পুৰুষ। চত্ৰপতি শিৱাজী মহাৰাজৰ তেওঁ ত্ৰয়োদশ বংশধৰ (13th direct descendant)। লগতে তেওঁ কোলহাপুৰৰ চত্ৰপতি শাহু মহাৰাজৰ আজু নাতি। তেওঁ ভাৰতীয় জনতা পাৰ্টীৰ সদস্য আৰু ২০১৬ চনত তেতিয়াৰ ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে তেওঁক ৰাজ্যসভালৈ মনোনীত কৰিছিল।

চত্ৰপতিৰ লিখিত প্ৰশ্নৰ উত্তৰত বুধবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষণ ৰেড্ডীয়ে অসমৰ চুক্তিৰ ৬ নং দফা ৰূপায়ণ কমিটীৰ প্ৰতিবেদন এতিয়াও অসম চৰকাৰৰ হাতত থকাৰ কথাটো সদৰী কৰে ।
Published by: Himangshu Bhuyan
First published: September 16, 2020, 4:42 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading