অৰুণাচলৰ কিৰেণ ৰিজিজুৰ আপুনি নজনা কথা, কোন হয় দেশৰ নতুন ক্ৰীড়া মন্ত্ৰী?
News18-Assam Updated:June 1, 2019, 9:17 AM IST

স্কুলীয়া দিনত ৰিজিজু শ্ৰেষ্ঠ খেলুৱৈ আছিল, তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্টতো অংশগ্ৰহণ কৰিছিল।
স্কুলীয়া দিনত ৰিজিজু শ্ৰেষ্ঠ খেলুৱৈ আছিল, তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ টুৰ্ণামেণ্টতো অংশগ্ৰহণ কৰিছিল।
- News18 Assam
- Last Updated: June 1, 2019, 9:17 AM IST
ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ৰিজিজু
অসমৰ ৰামেশ্বৰ তেলী আৰু অৰুণাচল প্ৰদেশৰ কিৰেণ ৰিজিজু এইদুজন সাংসদকে মোদীয়ে মন্ত্ৰীসভাত স্থান দিছে। ৰিজিজু ক্ৰীড়া মন্ত্ৰীৰ পদৰ বাবে সুযোগ্য দাবীদাৰ বুলি ক’ব পাৰি। যুৱ নেতাগৰাকী স্কুলীয়া জীৱনত শ্ৰেষ্ঠ খেলুৱৈ থকাৰ লগতে ফিটনেছক লৈ সাংঘাতিক সক্ৰিয়। খেলৰ সৈতে তেওঁৰ সম্পৰ্ক পুৰণি। ছচিয়েল মিডিয়াত প্ৰায়ে তেওঁ নিজৰ ব্যায়ামৰ ফটো আপলোড কৰি ফিটনেছৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে।
উত্তৰ পূবত বিজেপিৰ শক্তিশালী নেতা কিৰেণ ৰিজিজু
৪৮বছৰীয়া কিৰেণ ৰিজিজুৱে ২০০৪চনত অৰুণাচল পশ্চিম লোকসভা আসনত নিৰ্বাচন খেলি সংসদত প্ৰৱেশ কৰে। চতুৰ্দশ লোকসভাৰ অন্যতম প্ৰখৰ বক্তাৰূপে তেওঁ নিজৰ নাম সন্নিবিষ্ট কৰে। ইয়াৰ পৰৱৰ্তী নিৰ্বাচনত তেওঁ ১৩১৪ ভোটত পৰাস্ত হয় কিন্তু ২০১৪চনত পুনৰ এইখন আসনৰ পৰাই জয়ী হয়।
বিগত নিৰ্বাচনত তেওঁ কংগ্ৰেছৰ টাকাম সঞ্জয়ক ৪৩,৭৩৮টা ভোটত পৰাস্ত কৰিছিল আৰু মোদী কেবিনেটৰ অংশ হৈছিল। এইবাৰ তেওঁ দুবাৰৰ মুখ্যমন্ত্ৰী নাবাম টুকীক ডেৰ লাখতকৈও অধিক ভোটত পৰাস্ত কৰে।