দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববডেৰ জীৱন পৰিক্ৰমা

উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব শৰদ অৰবিন্দ ববডে। দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰস্তাৱ কৰিলে ববডেৰ নাম।

News18-Assam
Updated:October 18, 2019, 7:27 PM IST
দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববডেৰ জীৱন পৰিক্ৰমা
উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব শৰদ অৰবিন্দ ববডে। দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰস্তাৱ কৰিলে ববডেৰ নাম।
News18-Assam
Updated: October 18, 2019, 7:27 PM IST
উচ্চতম ন্যায়ালয়ৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব শৰদ অৰবিন্দ ববডে। দেশৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে প্ৰস্তাৱ কৰিলে ববডেৰ নাম। ন্যায়াধীশ ববডেৰ নাম প্ৰস্তাৱেৰে কেন্দ্ৰলৈ পত্ৰ প্ৰেৰণ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ। ১৭ নৱেম্বৰত অৱসৰ গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। ১৮ নৱেম্বৰত নতুন মুখ্য ন্যায়াধীশৰূপে শপত ল’ব শৰদ অৰবিন্দ ববডেই। ১ বছৰ ৫ মাহৰ বাবে দেশৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব ববডেই। ২০২১ চনৰ ২৩ এপ্ৰিলত অন্ত পৰিব ন্যায়াধীশ ববডেৰ কাৰ্যকাল।

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববডেৰ জীৱন পৰিক্ৰমাৰ কিছু আভাসঃ

১.শৰদ অৰবিন্দ ববডেৰ  জন্ম নাগপুৰত ১৯৫৬ চনৰ ২৪ এপ্ৰিলত।

২.নাগপুৰতে শিক্ষা জীৱন আৰম্ভ কৰি নাগপুৰ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ।
৩.বৰ্তমান উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কৰ্মৰত।
৪. মহাৰাষ্ট নেছনেল ল’ ইউনিভাৰচিটিৰ আচাৰ্যৰ পদতো কাৰ্যনিৰ্বাহ কৰি আছে শৰদ অৰবিন্দ ববডে।
৫.১৯৭৮ চনত বম্বে উচ্চ ন্যায়ালয়ত যোগদান।

৬.১৯৯৮ চনত উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা ৰূপে স্বীকৃতি লাভ।
৭. ২০১২ চনত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে যোগদান।
৮.২০১৩ চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিস্থিত হয়  ববডে।
৯. আধাৰ কাৰ্ডৰ ওপৰত বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা উচ্চতম ন্যায়ালয়ৰ তিনিজনীয়া বিচাৰপীঠৰ অন্যতম আছিল ববডে।

 
আৰু চাওক পৰৱৰ্তী বাতৰি