বৃহস্পতিবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ব্যক্তিগত ৱেবছাইট narendra modi.inৰ সৈতে জড়িত টুইটাৰ একাউণ্ট হেক কৰা হৈছে। হেকাৰে টুইটাৰ একাউণ্টত কোৰোণা মহামাৰীৰ পৰা পৰিত্ৰাণৰ বাবে মানুহক পি এম ৰিলিফ ফাণ্ডত ধন জমা দিবলৈ আহ্বান জনায়। প্ৰায় আধা ডজন টুইট কৰা হৈছে। সকলো টুইটত প্ৰায় একেধৰণৰ বাৰ্তা আছিল। ইমানেই নহয়, মানুহক বিটকইনৰ জৰিয়তে বৰঙণি দিবলৈও কোৱা হৈছে। অৱশ্যে, কিছু সময় পিছত একাউণ্টটো ৰিক’ভাৰ কৰা হয় আৰু হেকাৰৰ সকলো টুইট ডিলিট কৰা হয়। টুইটাৰেও ইয়াৰ তদন্ত আৰম্ভ কৰিছে।
প্ৰধানমন্ত্ৰী মোদীৰ এই টুইটাৰ হেণ্ডেলৰ প্ৰায় ২৫ লাখ ফলোৱাৰ আছে। একাউণ্ট হেক হোৱাৰ পিছতে হেকাৰৰ মেছেজ ভাইৰেল হ’বলৈ লয়। হেকাৰে একাউণ্ট হেক কৰাৰ পিছত লিখিছিল যে এই একাউণ্টটো জন ৱিক (hckindia@tutanota.com)–এ হেক কৰিছে। লগতে দাবী কৰে যে পেটিএম মল এপ হেক কৰাত তেওঁৰ কোনো হাত নাই।
কোন এই জন ৱিক?
জন ৱিক হলীউদৰ এখন বিখ্যাত ছবি। ইয়াত জন ৱিকৰ ভূমিকাত অভিনয় কৰিছে কীনু ৰিভছে। এই ছবিখন এক কাল্পনিক চৰিত্ৰৰ ওপৰত আধাৰিত। ছবিখনত জন ৱিক্ছে নিজৰ কুকুৰটো হত্যা কৰা দুষ্কৃতিকাৰীৰ সন্ধান কৰে।
এই ছবিখনৰ তিনিটা পৃথক পৃথক খণ্ডত এতিয়ালৈকে ৰিলিজ হৈছে। ২০১৪ চনত প্ৰথম খণ্ডই মুক্তিলাভ কৰিছিল। ইয়াৰ পিছত দুটা ছিকুৱেল বনোৱা হৈছে।
Published by: Sanjay Kumar Das
First published: September 03, 2020, 12:11 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|