মুখ্যপৃষ্ঠা »খবৰ »দেশ »দশম আৰু দ্বাদশৰ পিছত কেনেকৈ নিৰ্ধাৰণ কৰিব বিষয় বা শাখা?

দশম আৰু দ্বাদশৰ পিছত কেনেকৈ নিৰ্ধাৰণ কৰিব বিষয় বা শাখা?

সঠিক বিষয় বা শাখা নিৰ্বাচনৰ বাবে কি কি কথাত ৰাখিব লাগে গুৰুত্ব, আহক জানো

সঠিক বিষয় বা শাখা নিৰ্বাচনৰ বাবে কি কি কথাত ৰাখিব লাগে গুৰুত্ব, আহক জানো

  • Share this:
    শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ হৈছে এক নতুন অধ্যায়, কাৰণ প্ৰায় দেশৰ প্ৰতিখন বোৰ্ডৰ দশম আৰু দ্বাদশ ফলাফল ইতিমধ্যে প্ৰকাশ পাইছে। ছাত্ৰ–ছাত্ৰীসকল এইখিনি সময়তেই যথেষ্ট বিমোৰত পৰে কাৰণ তেওঁলোকে নিৰ্বাচন কৰিব লাগে সঠিক বিষয় বা শাখা। এই নিৰ্বাচনে নিৰ্ধাৰণ কৰিব তেওঁলোকৰ ভৱিষ্যৎ। আহক জানো, সঠিক বিষয় বা শাখা নিৰ্বাচনৰ বাবে কি কি কথাত ৰাখিব লাগে গুৰুত্ব...

    নিজৰ কথা শুনক
    ছাত্ৰ–ছাত্ৰীসকলে পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগে লগে পৰিয়াল বৰ্গই নিৰ্ধাৰণ কৰিবলৈ আৰম্ভ কৰে যে তেওঁলোকে কৰিব কি। কিন্তু তেওঁলোকৰ বাবে শ্ৰেষ্ঠ কি, এই কথা পৰিয়ালৰ সদস্যই যে বুজিব ইয়াত কোনো নিশ্চয়তা নাই। এইখিনি সময়ত ছাত্ৰ–ছাত্ৰীয়ে নিজেই বিশ্লেষণ কৰি চাব লাগে যে তেওঁলোকে কৰিব কি বিচাৰে। লগতে পৰিয়ালৰ ইচ্ছাও সন্তানৰ ওপৰত জাপি দিয়াটো উচিত নহয়।

    ‍বিশেষজ্ঞৰ সহায় লওক
    দশম আৰু দ্বাদশ শ্ৰেণীৰ পিছত যি বিষয় লৈ আগলৈ অধ্যয়ন কৰিব বিচাৰে, সেই সন্দৰ্ভত বিশেষজ্ঞৰ সহায় লওক। আপুনি যি শাখা নিৰ্বাচন কৰিছে সেই শাখাৰ সৈতে জড়িত লোকৰ সৈতে এই সন্দৰ্ভত কথা পাতি লওক। সেই ক্ষেত্ৰখনৰ লগত জড়িত লোকসকলৰ বাদে আনে কোনেও ভালকৈ বুজাব নোৱাৰে কাৰণ তেওঁলোক বাস্তৱ অভিজ্ঞতাসম্পন্ন।

    কম নম্বৰ প্ৰাপ্তসকলে কৰিব কি?
    বহু ছাত্ৰ–ছাত্ৰীৰ এটা চিন্তাৰ বিষয় এইটো যে যদি তেওঁলোকৰ বোৰ্ডৰ পৰীক্ষাত নম্বৰ কম লাভ কৰে তেতিয়া তেওঁলোকে কৰিব কি? এইটো কথা সত্য যে আপোনাৰ বিষয় বা শাখা নিৰ্বাচনৰ ওপৰত ফলাফলে যথেষ্ট প্ৰভাৱ পেলায়। কিন্তু এই প্ৰভাৱ দীঘলীয়া নহয়। এনেকুৱা পৰিস্থিতিত আপোনাৰ হাতত প্ৰৱেশ পৰীক্ষাৰ সুবিধা থাকে। আপুনি প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে কলেজত নামভৰ্তি কৰিব পাৰে।

    বহু বিকল্পৰ পৰা আঁতৰত থাকক
    ছাত্ৰ–ছাত্ৰীসকল এইখিনি সময়তেই যথেষ্ট বিমোৰত পৰে কাৰণ তেওঁলোকে নিৰ্বাচন কৰিব লাগে সঠিক বিষয় বা শাখা। এই পৰিস্থিতিত ছাত্ৰ–ছাত্ৰীসকলে যিমান সম্ভৱ তথ্য যুগুটাব লাগে। ছাত্ৰ–ছাত্ৰীসকলে সেইসমূহ বিষয়ৰ ওপৰত অধ্যয়ন কৰিব লাগে যিসমূহ বিষয় ইতিমধ্যে তেওঁলোকে নিৰ্বাচন কৰা বিষয়সমূহৰ তালিকাত ৰাখিছে। ইয়াৰ জৰিয়তে শিক্ষাৰ্থীসকলে যথেষ্ট সহায় পাব আৰু তেওঁলোকৰ বাবে কি শ্ৰেষ্ঠ সেয়া নিৰ্বাচন কৰিবলৈ সুবিধা হব।

    শেহতীয়া বাতৰি