কংগ্ৰেছৰ সভাত প্ৰিয়ংকা গান্ধীৰ সলনি বিধায়কে দিলে ‘প্ৰিয়ংকা চোপ্ৰা জিন্দাবাদ’ ধ্বনি, চাওক VIDEO

News18 Assam | News18-Assam
Updated:December 1, 2019, 5:49 PM IST
কংগ্ৰেছৰ সভাত প্ৰিয়ংকা গান্ধীৰ সলনি বিধায়কে দিলে ‘প্ৰিয়ংকা চোপ্ৰা জিন্দাবাদ’ ধ্বনি, চাওক VIDEO
জিভা পিচলিল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক সুৰেন্দ্ৰ কুমাৰৰ। মঞ্চতে প্ৰাক্তন বিধায়কজনে প্ৰিয়ংকা গান্ধীৰ সলনি দিলে প্ৰিয়ংকা চোপ্ৰা জিন্দাবাদ ধ্বনি।

জিভা পিচলিল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক সুৰেন্দ্ৰ কুমাৰৰ। মঞ্চতে প্ৰাক্তন বিধায়কজনে প্ৰিয়ংকা গান্ধীৰ সলনি দিলে প্ৰিয়ংকা চোপ্ৰা জিন্দাবাদ ধ্বনি।

  • Share this:
দিল্লীত আয়োজিত কংগ্ৰেছৰ এক জনসভাত কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীৰ সলনি দিয়া হ’ল প্ৰিয়ংকা চোপ্ৰা ধ্বনি। জিভা পিচলিল কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক সুৰেন্দ্ৰ কুমাৰৰ। মঞ্চতে প্ৰাক্তন বিধায়কজনে প্ৰিয়ংকা গান্ধীৰ সলনি দিলে প্ৰিয়ংকা চোপ্ৰা জিন্দাবাদ ধ্বনি। অৱশ্যে নিজৰ ভুল বুজিব পাৰি শীঘ্ৰে ইয়াৰ শুধৰণি কৰি প্ৰিয়ংকা গান্ধী জিন্দাবাদ ধ্বনি দিয়ে প্ৰাক্তন বিধায়কজনে।

মঞ্চত সৰ্বপ্ৰথমে ‘ছোনিয়া গান্ধী জিন্দাবাদ’ ধ্বনি দিয়া হয়। তাৰ পিছতে কংগ্ৰেছ দল, ৰাহুল গান্ধীৰ নামত জিন্দাবাদ ধ্বনি দিয়ে প্ৰাক্তন বিধায়কজনে। কিন্তু যেতিয়া প্ৰিয়ংকা গান্ধীৰ নামৰ পাল পৰিল তেতিয়াই জিভা পিছলিল জিন্দাবাদ ধ্বনি দিয়া প্ৰাক্তন বিধায়ক সুৰেন্দ্ৰ কুমাৰৰ। প্ৰিয়ংকা গান্ধীৰ সলনি প্ৰাক্তন বিধায়কজনে দিলে ‘প্ৰিয়ংকা চোপ্ৰা জিন্দাবাদ’ ধ্বনি। এই দৃশ্য ভাইৰেল হৈছে ছচিয়েল মিডিয়াত।




NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।

আৰু চাওক পৰৱৰ্তী বাতৰি