• Home
  • »
  • News
  • »
  • nation
  • »
  • 'মোবাইল ফোনে যুৱতীক ধৰ্ষণৰ দিশলৈ লৈ যায়, সম্পূৰ্ণ ৰূপে দায়ী মাতৃ'- উত্তৰ প্ৰদেশৰ মহিলা আয়োগৰ সদস্যাৰ মন্তব্যক দেশজুৰি ধিক্কাৰ!

'মোবাইল ফোনে যুৱতীক ধৰ্ষণৰ দিশলৈ লৈ যায়, সম্পূৰ্ণ ৰূপে দায়ী মাতৃ'- উত্তৰ প্ৰদেশৰ মহিলা আয়োগৰ সদস্যাৰ মন্তব্যক দেশজুৰি ধিক্কাৰ!

মীনা কুমাৰী বুধবাৰে আলীগড়লৈ গৈছিল। আৰু সেইঠাইতে নাৰী ধৰ্ষণৰ ঘটনাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে।

মীনা কুমাৰী বুধবাৰে আলীগড়লৈ গৈছিল। আৰু সেইঠাইতে নাৰী ধৰ্ষণৰ ঘটনাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে।

মীনা কুমাৰী বুধবাৰে আলীগড়লৈ গৈছিল। আৰু সেইঠাইতে নাৰী ধৰ্ষণৰ ঘটনাৰ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে।

  • Share this:
উত্তৰপ্ৰদেশৰ ৰাজ্যিক মহিলা আয়োগৰ সদস্য মীনা কুমাৰীয়ে এইমাৰ যুৱতীৰ সন্দৰ্ভত এটা মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। মহিলাগৰাকীৰ মন্তব্যক সকলোৱে দিছে একেমুখে ধিক্কাৰ। মীনা কুমাৰীয়ে কৈছিল যে, যুৱতীয়ে ঘণ্টাৰ পিছত ঘণ্টা মোবাইলত কথা পাতে। গতিকে ছোৱালীক মোবাইল দিয়া একেবাৰে উচিত নহয়। তেওঁ লগতে কৈছিল যে, ছোৱালী যদি বেয়া পথলৈ যায়, তাৰ বাবে সম্পূৰ্ণ দায়ী মাতৃ। উল্লেখ্য যে, মীনা কুমাৰীয়ে বুধবাৰে আলীগড়লৈ গৈছিল আৰু,সেই ঠাইতে নাৰী ধৰ্ষণক লৈ সংবাদিকৰ আগত সেই বিতৰ্কিত মন্তব্য কৰিছিল।

তেওঁ লগতে কয় যে, সমাজত মহিলাৰ ক্ৰমৱৰ্ধমান অপৰাধজনীত ঘটনাকলৈ সমাজেই চিন্তা কৰিব লাগিব। আৰু এই ধৰণৰ ঘটনাৰ ক্ষেত্ৰত মোবাইল ফোন এটা কাৰণ হৈ উঠিছে। ছোৱালীয়ে ঘণ্টাৰ পিছত ঘণ্টা ধৰি মোবাইলত কথা পাতে। বিভিন্ন যুৱকৰ সৈতে মিলা-মিচা কৰে। তেওঁলোকৰ মোবাইল ফোন পৰীক্ষা কৰি চোৱা নহয়। ঘৰৰ মানুহে গমেই নাপাই যে, মোবাইল কথা পাতি পাতি কোনো যুৱকতৰ সৈতে পলাইয়ো গুচি যায়।'

মীনা কুমাৰীৰ এনে মন্তব্যৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মহিলা আয়োগৰ সভাপতি অঞ্জু চৌধুৰীয়ে মীনা কুমাৰীৰ মন্তব্য সম্পূৰ্ণ ভিত্তীহীন আখ্যা দিছে।
Published by:Himangshu Bhuyan
First published: