মুখ্যপৃষ্ঠা »খবৰ »দেশ »নৱবৰ্ষৰ বাৰ্তাত হোৱাটছএপে দেখুওৱালে ভাৰতৰ ভুল মানচিত্ৰ; তৎক্ষণাৎ সতৰ্ক কৰিলে চৰকাৰে

নৱবৰ্ষৰ বাৰ্তাত হোৱাটছএপে দেখুওৱালে ভাৰতৰ ভুল মানচিত্ৰ; তৎক্ষণাৎ সতৰ্ক কৰিলে চৰকাৰে

হোৱাটছএপে নৱবৰ্ষ উপলক্ষে এটা টুইট কৰিছিল, য'ত ভাৰতৰ ভুল মানচিত্ৰ দেখুওৱা হৈছে

হোৱাটছএপে নৱবৰ্ষ উপলক্ষে এটা টুইট কৰিছিল, য'ত ভাৰতৰ ভুল মানচিত্ৰ দেখুওৱা হৈছে

হোৱাটছএপে নৱবৰ্ষ উপলক্ষে এটা টুইট কৰিছিল, য'ত ভাৰতৰ ভুল মানচিত্ৰ দেখুওৱা হৈছে

  • Share this:
তাৎক্ষণিক মেচেজিং এপ্লিকেচন হোৱাটছএপক চৰকাৰে ভাৰতৰ ভুল মানচিত্ৰ দেখুওৱাৰ বাবে সতৰ্ক কৰি দিছে। দৰাচলতে, হোৱাটছএপে নৱবৰ্ষ উপলক্ষে এটা টুইট কৰিছিল, য'ত ভাৰতৰ ভুল মানচিত্ৰ দেখুওৱা হৈছে। ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে হোৱাটছএপক যিমান সম্ভৱ সোনকালে ঠিক কৰিবলৈ সতৰ্ক কৰি দিয়ে।

উল্লেখযোগ্য যে, আজি বছৰটোৰ শেষৰ দিনা শনিবাৰে আবেলি হোৱাটছএপে এক টুইট কৰিছিল যে ব্যৱহাৰকাৰীসকলে নৱবৰ্ষৰ শুভেচ্ছা প্ৰেৰণ কৰিবলৈ মাজনিশালৈ অপেক্ষা কৰিব নালাগিব। টুইটটোত কোম্পানীটোৱে কৈছিল,"আমাৰ ২৪ ঘণ্টাৰ এনৱাই লাইভ ষ্ট্ৰীম চাওক আৰু আপোনাৰ বাৰ্তা কেতিয়া প্ৰেৰণ কৰিব সিদ্ধান্ত লওক... পাৰ্টিটো নিশা ১১:১৫ বজাত এচ.ই.ডি.টি.-ত (অষ্ট্ৰেলিয়ান ইষ্টাৰ্ণ টাইম জোন) আৰম্ভ হ'ব।"

হোৱাটছএপে ইয়াৰ টুইটত #TheRealFireworks হেচটেগ লগাই ব্যৱহাৰকাৰীসকলক লাইভ ষ্ট্ৰীমিং লিংকত যোগদান কৰিবলৈ আহ্বান জনাইছে। কোম্পানীটোৱে ঘূৰ্ণনশীল পৃথিৱীৰ এটা ভিডিঅ' স্থাপন কৰিছে, কিন্তু ইয়াত দেখুওৱা ভাৰতৰ মানচিত্ৰত পাকিস্তান অধিকৃত কাশ্মীৰ আৰু চীনে দাবী কৰা কিছুমান ঠাই অন্তৰ্ভুক্ত নহয়।

এই টুইটৰ পাছতেই কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰে লগে লগে টুইট কৰি হোৱাটছএপৰ ভুলৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰে। নিজৰ টুইটত তেওঁ লিখে,"প্ৰিয় হোৱাটছএপ, আপোনাক যিমান সম্ভৱ সোনকালে ভাৰতীয় মানচিত্ৰৰ সৈতে সম্পৰ্কিত ভুলটো সংশোধন কৰিবলৈ অনুৰোধ কৰিলো।" ইয়াৰ লগতে তেওঁ কয় যে ভাৰতত ব্যৱসায় কৰা বা ব্যৱসায় কৰিব বিচৰা সকলো মঞ্চই সঠিক মানচিত্ৰ ব্যৱহাৰ কৰা উচিত।

মন কৰিবলগীয়া যে, যিকোনো মঞ্চত ভাৰতৰ ভুল মানচিত্ৰ দেখুওৱাটো দণ্ডনীয় অপৰাধ বুলি ঘোষণা কৰা হৈছে। নতুন আইনৰ অধীনত, ভাৰতৰ ভুল মানচিত্ৰ প্ৰদৰ্শন কৰিলে সৰ্বাধিক সাত বছৰৰ কাৰাদণ্ড আৰু ১০০ কোটি টকালৈকে জৰিমনা হ'ব পাৰে।

শেহতীয়া বাতৰি