• Home
  • »
  • News
  • »
  • nation
  • »
  • Facebook Whatsapp Instagram down globally: ফেচবুক, Whatsapp,ইনষ্টাগ্ৰামে কাম নকৰাৰ আঁৰৰ কাৰণ কি?

Facebook Whatsapp Instagram down globally: ফেচবুক, Whatsapp,ইনষ্টাগ্ৰামে কাম নকৰাৰ আঁৰৰ কাৰণ কি?

Facebook WhatsApp Instagram down globally: সমগ্ৰ বিশ্ব বিপৰ্যস্ত ফেচবুক, WhatsApp, ইনষ্টাগ্ৰামত! ভাৰতবৰ্ষতো থমকি ৰৈছে সেৱা!

  • Share this:
সমগ্ৰ বিশ্বজুৰি বিধ্বস্ত ফেচবুক, হোৱাটচএপ আৰু ইনষ্টাগ্ৰাম সেৱা। আজিৰ দিনটোত কেইঘণ্টামানৰ পূৰ্বৰে পৰা কাম কৰা নাই এই তিনিটা ছচিয়েল মিডিয়া সেৱাই।

সেৱা সমূহ বিকল হৈ পৰাৰ বাবে এতিয়া সমস্যাত পৰিছে ব্যৱহাৰকাৰীসকল। কিছুসময়ৰ পূৰ্বৰে পৰা ভাৰতবৰ্ষতো বন্ধ হৈ পৰিছে ফেচবুক, হোৱাটচএপ আৰু ইনষ্টাগ্ৰাম সেৱা।

পিছে কিয় এই সেৱা সমূহ বিকল হৈ পৰিছে, সেয়া এতিয়াও স্পষ্ট হোৱা নাই। কিন্তু  WhatsApp-এ এই সন্দৰ্ভত টুইটাৰ যোগে কৈছে যে, 'আমি জানিব পাৰিছো যে, বহুলোকে আমাৰ সেৱা কিছু সময় ধৰি ব্যৱহাৰ কৰিব পৰা নাই। আগৰ অৱস্থালৈ ঘূৰাই নিবলৈ আমি কাম কৰি আছো। যিমান সম্ভৱ সোনকালে আমি আপডেট জনাম। ধৈৰ্য ধৰাৰ বাবে ধন্যবাদ।'

আনহাতে ফেচবুকৰ ফালৰ পৰাও এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ফেচবুক কৰ্তৃপক্ষই টুইটাৰ যোগে লিখিছে যে, 'আমি জানিব পাৰিছো যে, একাংশ লোকে আমাৰ সেৱা গ্ৰহণ কৰিব পৰা নাই। আমি পূৰ্বৰ অৱস্থালৈ ঘূৰাই আনিবলৈ চেষ্টা চলাই আছো। এনে ধৰণৰ ঘটনাৰ বাবে আমি ক্ষমাপ্ৰাৰ্থী।'
Published by:Himangshu Bhuyan
First published: