ল’ৰাবোৰক সৰুৰে পৰা আমি প্ৰেম আৰু যৌনতাৰ বিষয়ে কি শিকাইছো?

News18 Assam | News18-Assam
Updated:February 7, 2020, 12:30 PM IST
ল’ৰাবোৰক সৰুৰে পৰা আমি প্ৰেম আৰু যৌনতাৰ বিষয়ে কি শিকাইছো?
ফাইল ফটোঃইণ্টাৰনেট

বিপৰীত লিংগৰ মানুহ সমান মৰ্যাদাৰ মানুহ, কিমান পুৰুষে সৰুৰে পৰা এই কথা শিকিছে?ৈ

  • Share this:
কিৰণ (নাম সলনি কৰা হৈছে) ডাঙৰ হৈছে প্ৰেম, সম্পৰ্ক আৰু যৌনতাক লৈ অপাৰ কৌতুহলৰ মাজত। তেওঁৰ মতে, ‘মই খুব কম বয়সতে আকৰ্ষণ অনুভৱ কৰিছিলো। হয়তো তৃতীয় বা চতুৰ্থমানত থাকোতে মই এক শক্তিশালী অনুভৱ কৰিছিলো। মই বুজিব বিচাৰিছিলো যে মই আচলতে কি অনুভৱ কৰিছিলো।’ বলিউডৰ চিনেমাৰ পৰাহে এইবোৰৰ আভাস পাইছিল কিৰণে। কিন্তু ৯০ৰ দশকত উত্তৰ প্ৰদেশৰ এখন সৰু চহৰত বাস কৰা কিৰণৰ অভিভাৱক যথেষ্ট কঠোৰ আছিল আৰু তেওঁক চিনেমা আদি চাবলৈ নিদিছিল। সেইকাৰণে শ্ৰেণী শেষ হোৱাৰ পিছত নিজৰ বন্ধুবৰ্গৰ সৈতে লুকাই–চুৰকৈ গৈ চিনেমা চাইছিল কিৰণে। দিলৱালে দুলহনীয়া লে জায়েংগেৰ এটা বিশেষ দৃশ্য তেওঁৰ ভালকৈ মনত আছে য’ত নায়কে নায়িকাৰ ব্ৰা মুখৰ আগত জোকাৰি মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে। ‘মই ভাবিছিলো ছোৱালীবোৰক তেনেকৈয়ে আকৰ্ষিত কৰে, মই সন্মতিৰ বিষয়ে জনাই নাছিলো।’ এয়া তেওঁৰ কাৰণে সাধাৰণ যেন আছিল। স্কুলৰ ল’ৰাবোৰে যেনেকৈ ছোৱালীবোৰক অনুসৰণ কৰি ঘৰলৈকে গৈছিল, সুঁহুৰি বজাই আমনি কৰিছিল এই সকলোবোৰ তেওঁলোকৰ কাৰণে সাধাৰণ যেন আছিল। ঘৰৰ চলি থকা ঘটনাৱলীৰ তুলনাত এইবোৰ ৰোমাণ্টিক যেনেই অনুভৱ হৈছিল কিৰণৰ।

‘মোৰ অভিভাৱকে যথেষ্ট কাজিয়া কৰিছিল। তেওঁলোকে ইজনে সিজনৰ ওপৰত চিঞৰ–বাখৰ কৰিছিল আৰু কেতিয়াবা আনকি সামগ্ৰীও দলিয়াইছিল। এই‍বোৰ চাই মই ভয় খাইছিলো।’ কিৰণে কয়। এইবোৰ কাৰণতে চিনেমাৰ ৰোমান্সক ইমান সহজে গ্ৰহণ কৰিছিল কিৰণে। ‘মোৰ ঘৰখন এক দুঃস্বপ্ন সদৃশ আছিল আৰু চিনেমাত যি দেখুওৱা হৈছিল সেয়া এক সপোনৰ দৰেই আছিল। মই ভাবিছিলো যে অনুসৰণ কৰাটো খেলৰ দৰে আৰু মৰমলগা কাম। ঘৰৰ চিঞৰ বাখৰতকৈ এয়া বহুত ওপৰত। এয়া যে ভুল সেয়া মই কেতিয়াও অনুভৱেই কৰা নাছিলো। শিশু হিচাপে মই দুখী আছিলো আৰু অলপমান ৰোমান্সৰ ধাৰণা মোক সুখী কৰিবলৈ যথেষ্ট আছিল।’

একেজন ল’ৰাই ১৫বছৰ বয়সত উপনীত হোৱাৰ পিছত যেতিয়া এদিন তেওঁৰ ভগ্নী টিউচনৰ পৰা কান্দি কান্দি আহি অভিভাৱকৰ সৈতেও কথা পাতিবলৈ অস্বীকাৰ কৰে তেতিয়াহে কিৰণে গম পায় যে দুজন মানুহে ভনীয়েকক অনুসৰণ কৰি ঘৰ পাইছিলহি। মদ্যপ ব্যক্তিদুজনে ভনীয়েকক পিছফালৰ পৰা খামুচি ধৰিবলৈ চেষ্টা কৰাৰ লগতে মটৰচাইকেল এখনত অনুসৰণো কৰিছিল। ‘তেতিয়াহে মই লাহেকৈ অনুভৱ কৰিছিলো যে মাইকী মানুহে আচলতে কি অনুভৱ কৰে। তাই মোক সকলো খুলি কোৱাৰ কাৰণে মই সুখী। মই এজনী প্ৰেয়সীৰ সন্ধানত আছিলো আৰু যদিহে মোৰ ভণ্টীয়ে সেই সময়ত মোক কথাবোৰ নক’লেহেতেঁন তেনেহ’লে হয়তো মইও কোনো ছোৱালীক অনুসৰণ কৰি হাৰাশাস্তি কৰিলোহেতেন।’

পিছে এই অনুভৱৰ পিছতো মহিলা আৰু সম্পৰ্কক লৈ এক সুস্থ মনোভাৱ গঢ়ি উঠাতো সম্ভৱ হৈ নুঠে বেছিভাগ সময়ত। এজন সম্পৰ্কীয় ভাতৃয়ে এগৰাকী মহিলাক মটৰ বাইকত অনুসৰণ কৰি অশ্ৰাব্য কথা বতৰা ক’বলৈ ধৰাত কিৰণে যেতিয়া বাধা আৰোপ কৰিলে তেতিয়া কাজিনজনে উত্তৰ দিলে, ‘এই ছোৱালীবোৰে ধুনীয়াকৈ সাজি কাছি ঘুৰি ফুৰে, যদি তেওঁলোক আকৰ্ষণীয় হয় মই কেনেকৈ নিজক নিয়ন্ত্ৰণ কৰিম?’ সেই একেজনে কাজিনে কিৰণক সেই সময়ত পৰ্ণ ছবিৰ সৈতে চিনাকী কৰি দিছিল। ‘চোৱা পৰ্ণ চোৱাটো একেবাৰে বেয়া কথা নহয়।’ এনেকৈ বাৰে বাৰে ভাতৃজনে কৈ থাকিছিল কিৰণক। কোনোদিনে শ্ৰেণীকক্ষত ছোৱালী বন্ধুৰ সৈতে বহাৰ বা কথা পতাৰ সুযোগ নোপোৱাৰ কাৰণে কেৱল পৰ্ণৰ জৰিয়তেহে ছোৱালীৰ দেহৰ সৈতে চিনাকী হৈছিল কিৰণৰ। কিছুমান অতি অশ্লীল পৰ্ণ ছবিৰ কাৰণে ছোৱালীক কোনো ব্যক্তিৰ সলনি সামগ্ৰী হিচাপে চাবলৈ লৈছিল কিৰণে।

দিল্লীলৈ গৈ কলেজত পঢ়াৰ পিছতহে কিৰণে ছোৱালীৰ সংস্পৰ্শলৈ আহে, ‘তেওঁলোকৰ কিছুমান অতি খোলা আৰু মুক্ত চিন্তাৰ আছিল। তেওঁলোকে অতি স্পষ্টকৈ সকলো কথা কৈছিল। প্ৰথমে মই নাৰ্ভাছেই হৈছিলো।’ কিৰণে কয়। কিন্তু সোনকালে কথা শিকাৰ আগ্ৰহৰ কাৰণে লাহে লাহে কিৰণে নাৰীৰ সৈতে কথা পতা, নাৰীবাদৰ বিষয়ে ৱৰ্কশ্বপ আদিত গৈ সন্মতিৰ বিষয়ে জানিবলৈ ধৰে। নাৰীৰ মৰ্যাদাক বুজি উঠা কিৰণৰ মতে, তেওঁ সুখী যে এই সকলোবোৰ তেওঁ অনুভৱ কৰাৰ সুযোগ পালে, কিন্তু কিৰণৰ পিতৃ, সম্পৰ্কীয় ভাতৃ আৰু শৈশৱৰ বন্ধুসকলে এই কথাবোৰ কেতিয়াও নিশিকিব সেই লৈ তেওঁৰ কিছু খেদো থাকি গ’ল।

কলেজত গৈ সম্পৰ্কত সোমাই তেওঁ অনুভৱ কৰিলে যে ‘এইবোৰ চিনেমাৰ দৰে নহয়, অনুসৰণ কৰা সহজ, কিন্তু এঠাইত বহি এজন মানুহক বুজি উঠা কঠিন। তেওঁলোকৰ পচন্দ–অপচন্দক সন্মান কৰা অতি প্ৰত্যাহ্বানপূৰ্ণ।’ নিজৰ প্ৰেয়সীক সম মৰ্যাদা প্ৰদান কৰাটো কিমান গুৰুত্বপূৰ্ণ আৰু কঠিন সেয়া বুজি উঠিছিল তেওঁ। ‘মই নিজৰ প্ৰেয়সীৰ সৈতে কথা পাতিব বিচাৰিছিলো। বেছিভাগ পুৰুষে এটা ভুল কৰে যে তেওঁলোকে কেৱল প্ৰেয়সীক উদ্দেশ্যি কথা কয়। তেওঁলোকে ওপৰত থাকিব খোজে। কোনোধৰণৰ কথা–বতৰা ইয়াত পতা নহয়।’ আনকি যৌন সম্পৰ্কও যে পৰ্ণ ছবি নহয় সেই কথা তেওঁ বুজি উঠিছিল। পৰ্ণ ছবিত কাহানিও নেদেখুৱা কথা বতৰা পতাৰ পৰা নাৰ্ভাছ হোৱা ভুল হোৱাৰ দিশবোৰ উন্মোচিত হোৱাত কিৰণ চমকি গৈছিল।

এইবোৰ কথালৈ চালে, কিৰণে এটাই আক্ষেপ কৰে যে এইবোৰ কথা যদি আগতীয়া জীৱনত গম পালেহেতেঁন। তেওঁ এনে এটা ভৱিষ্যতৰ সপোন দেখে য’ত পুৰুষ আৰু মহিলাই কম বয়সৰ পৰাই বন্ধুত্ব কৰিব পাৰিব। মানুহ হিচাপে ইজনে সিজনক বুজিব আৰু সমস্যাবোৰ গম পাব। ‘বিপৰীত লিংগৰ মানুহ ৰহস্য হৈ থাকিব নালাগে। কেৱল মানুহ আৰু সমান মানুহ হ’ব লাগে।’ সৰ্বশেষত কিৰণে কয়, ‘মই পাৰফেক্ট নহয়, বহু কথাই মোৰ শিকবলৈ আছে। মোৰ শৈশৱে মোক আৰু বহু পুৰুষক মহিলাৰ বিষয়ে বহু কুৰুচিপূৰ্ণ কথা বতৰা শিকাইছে।মই এতিয়াও সেইবোৰৰ পৰা ওলাবলৈ চেষ্টা কৰি আছো।’
আৰু চাওক
পৰৱৰ্তী বাতৰি