• Home
  • »
  • News
  • »
  • nation
  • »
  • Gandhi Jayanti: কি আছিল গান্ধীজীৰ অস্থিৰ ৰহস্য? যাক ৪০ বছৰ ধৰি লুকুৱাই ৰখা হৈছিল ষ্টেট বেংকৰ এটা লকাৰত

Gandhi Jayanti: কি আছিল গান্ধীজীৰ অস্থিৰ ৰহস্য? যাক ৪০ বছৰ ধৰি লুকুৱাই ৰখা হৈছিল ষ্টেট বেংকৰ এটা লকাৰত

কিছুমান সংগঠনে প্ৰশ্ন উত্থাপন কৰিছিল যে এই হাড়বোৰ মহাত্মা গান্ধীৰ নহয়, সুভাষ চন্দ্ৰ বসুৰ আছিল।

কিছুমান সংগঠনে প্ৰশ্ন উত্থাপন কৰিছিল যে এই হাড়বোৰ মহাত্মা গান্ধীৰ নহয়, সুভাষ চন্দ্ৰ বসুৰ আছিল।

কিছুমান সংগঠনে প্ৰশ্ন উত্থাপন কৰিছিল যে এই হাড়বোৰ মহাত্মা গান্ধীৰ নহয়, সুভাষ চন্দ্ৰ বসুৰ আছিল।

  • Share this:

হঠাতে '৯০ৰ দশকত দেশখনক এটা খবৰে ধুমুহাৰ দৰে চুই গ'ল'। খবৰটো আছিল মহাত্মা গান্ধীৰ চিতাভস্ম ওড়িশাৰ এটা বেংকৰ লকাৰত লুকুৱাই ৰখা হৈছে আৰু সেয়া ৪০ বছৰ ধৰি কাঠৰ এটা বাকচত পৰি আছে। ওড়িশাৰ বাতৰি কাকতত ওলোৱা এই খবৰক লৈ হৈ–চৈ লাগে। কোনেও বুজি পোৱা নাছিল এয়া কি হৈছে?


গোটেই ঘটনাটো প্ৰথমে ৰহস্যলৈ ৰূপান্তৰিত হৈছিল। তাৰ পিছত ওড়িশাৰ ৰাজ্য চৰকাৰক ইয়াৰ বাবে কাঠগড়াত উঠোৱা হৈছিল। কিছুমান সংগঠনে প্ৰশ্ন উত্থাপন কৰিছিল যে এই হাড়বোৰ মহাত্মা গান্ধীৰ নহয়, সুভাষ চন্দ্ৰ বসুৰ আছিল। সেয়ে ইয়াক বেংকত লুকুৱাই ৰখা হৈছিল।


প্ৰখ্যাত লেখক পিটাৰ ফ্ৰেঞ্চে তেওঁৰ 'লিবাৰ্টি অৰ ডেথ' নামৰ কিতাপখনত এই কথা উল্লেখ কৰিছে। গান্ধীজীৰ নাতি তুষাৰ অৰুণ গান্ধীয়ে ১৯৯৬ চনত ওড়িশাৰ মুখ্যমন্ত্ৰী, ৰাজ্যপাল আৰু ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষলৈ বিষয়টোৰ তদন্ত বিচাৰি এখন পত্ৰ লিখিছিল৷ পত্ৰখনত তেওঁ লিখিছিল যে তেওঁ কিছুমান সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ পৰা এই বিষয়ে জানিব পাৰিছিল৷


ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষই ১৯৯৬ চনৰ ৮ মাৰ্চত পুনৰ তুষাৰ গান্ধীলৈ এখন চৰকাৰী পত্ৰ টাইপ কৰে, য'ত কোৱা হৈছিল– ''২৯ নৱেম্বৰ, ১৯৫০ চনত ওড়িশাৰ মুখ্যমন্ত্ৰীৰ সচিবে বেংক লকাৰত ১৮–২০ ইঞ্চিৰ বাকচ জমা দিছিল। ইয়াৰ পৰিৱৰ্তে বেঙ্কে তেওঁক ১৯৫০ চনৰ ২৯ নৱেম্বৰত ৩০/২১ নম্বৰ সুৰক্ষিত জমা ৰচিদ নম্বৰ জাৰি কৰিছিল। বেংকে এই সুৰক্ষাৰ সম্পূৰ্ণ যত্ন লৈছে। ই সম্পূৰ্ণৰূপে সুৰক্ষিত।''


ইয়াৰ পিছত তুষাৰ গান্ধীয়ে ওড়িশা চৰকাৰক পত্ৰ লিখে, তুষাৰ গান্ধীৰ লগতে ষ্টেট বেংকেও চৰকাৰক বাকচ চমজি ল'বলৈ পত্ৰ লিখে, কিন্তু কোনো এখন পত্ৰৰে উত্তৰ দিয়া নাছিল চৰকাৰে। তুষাৰ গান্ধীয়ে ওড়িশাৰ মুখ্যমন্ত্ৰীক লগ কৰাৰ পিছত তেওঁ এয়া উৰাবাতৰি বুলি উল্লেখ কৰে আৰু চি বি আই তদন্তৰ পোষকতা কৰে। আনহাতে বেংকে এই বিষয়ে ভুল তথ্য দিয়া বুলিও উল্লেখ কৰে।


কিন্তু তুষাৰ গান্ধীৰ এই কথা বিশ্বাস নহয়। শেষত গোটেই ঘটনাটোক লৈ এটা ৰহস্য ঘনীভূত হয়। বহুতো সংগঠনে ইয়াকে লৈ প্ৰতিবাদো আৰম্ভ কৰে। আনহাতে বিষয়টোক লৈ এটা স্থিৰ সিদ্ধান্ত নোলোৱাত তুষাৰ গান্ধী অনশন কৰিবলৈ আগবাঢ়ে। অৱশেষত চৰকাৰে বেংকক স্বাধীনতা দিয়ে বাকচটোক লৈ সিদ্ধান্ত লোৱাৰ। ইয়াৰ পিছতে বেংকে ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি তুষাৰ গান্ধীক বাকচটো অৰ্পণ কৰে।



তুষাৰ গান্ধীয়ে কাঠৰ বাকচটোত সঁচাকৈ হাড়বিলাক বিচাৰি পায়। তাৰ পিছত তেওঁ ১৯৯৭ চনৰ ৩০ জানুৱাৰীত এলাহাবাদলৈ যায়, য'ত নদীত ইয়াক বিসৰ্জন দিয়ে। কিন্তু আজিও এই ৰহস্যৰ অন্ত নপৰিল যে সেয়া সঁচাকৈয়ে গান্ধীৰ অস্থি আছিল নে নেতাজীৰ নে আন কাৰোবাৰ। কিন্তু নিশ্চিত যে এই অস্থিৰ মাজত লুকাই আছিল কোনো ডাঙৰ ৰহস্য।

Published by:Gautam Barman
First published: