உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Vidhie Mukerjea: শ্বীনা বৰাই নহয়, আপুনি জানেনে ইন্দ্ৰাণী মুখাৰ্জীৰ আছে আৰু এগৰাকী কন্যা, কি কৰি আছে তেওঁ

    Vidhie Mukerjea: শ্বীনা বৰাই নহয়, আপুনি জানেনে ইন্দ্ৰাণী মুখাৰ্জীৰ আছে আৰু এগৰাকী কন্যা, কি কৰি আছে তেওঁ

    Vidhie Mukerjea: নিজৰ ১৮ বছৰীয়া জন্মদিনৰ আগদিনা বিধি মুখাৰ্জীৰ চকুৰ সন্মুখত গ্ৰেপ্তাৰ হৈছিল মাক ইন্দ্ৰাণী মুখাৰ্জী।

    Vidhie Mukerjea: নিজৰ ১৮ বছৰীয়া জন্মদিনৰ আগদিনা বিধি মুখাৰ্জীৰ চকুৰ সন্মুখত গ্ৰেপ্তাৰ হৈছিল মাক ইন্দ্ৰাণী মুখাৰ্জী।

    Vidhie Mukerjea: নিজৰ ১৮ বছৰীয়া জন্মদিনৰ আগদিনা বিধি মুখাৰ্জীৰ চকুৰ সন্মুখত গ্ৰেপ্তাৰ হৈছিল মাক ইন্দ্ৰাণী মুখাৰ্জী।

    • Share this:
    নিজৰ ১৮ বছৰীয়া জন্মদিন উদযাপনৰ বাবে ধুমধামেৰে আয়োজন কৰি থকাৰ সময়তে যেতিয়া আপোনাৰ পৃথিৱীখন ওলোটা হৈ পৰে তেতিয়া আপুনি কি কৰিব? যেতিয়া আপোনাৰ মাতৃক আপোনাৰ চকুৰ সন্মুখতে গ্ৰেপ্তাৰ কৰা হয় আৰু তাৰ পিছতে আপোনাৰ জীৱনৰ প্ৰতিটো দিশক এক চাঞ্চল্যকৰ ৰূপ দিবলৈ কুণ্ঠাবোধ নকৰা সংবাদ মাধ্যমৰ ধুমুহা আহি পৰে তেতিয়া আপুনি কেনেকৈ মোকাবিলা কৰিব? কিন্তু নিজ কন্যাৰ হত্যাৰ গোচৰত কাৰাদণ্ড ভোগা ইন্দ্ৰাণী মুখাৰ্জীৰ আন এগৰাকী কন্যাই এই ভয়ংকৰ সময়ত যি কৰি দেখুৱাইছিল সেয়া আছিল সকলোৰে সপোনৰো অগোচৰ।

    শেহতীয়া ঘটনাক্ৰমৰ ভিতৰত অন্যতম অবিশ্বাস্য আৰু জটিল কাহিনী শ্বীনা বৰা হত্যাকাণ্ড (Sheena Bora murder case)ত তেওঁৰ পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা ছয় বছৰতকৈও অধিক সময় ধৰি বিধি মুখাৰ্জীয়ে (Vidhie Mukerjea) এই প্ৰশ্নবোৰৰ সৈতে দৈনিক যুঁজ কৰিবলগীয়া হৈছিল। কিন্তু আধা দশকৰো অধিক সময় ধৰি দুঃস্বপ্নৰ মাজেৰে পাৰ হৈ অহা বিধি মুখাৰ্জীয়ে এই নৰক যন্ত্ৰণাৰ মাজৰ পৰাই নিজকে যেন নতুন ৰূপত গঢ়ি-পিতি নতুনকৈ আৱিষ্কাৰ কৰিলে। নিজে এগৰাকী লেখৰ ৰূপত আত্মপ্ৰকাশ কৰিলে বিধি মুখাৰ্জীয়ে। বিধি হৈছে ইন্দ্ৰাণীৰ আনগৰাকী কন্যা। ইন্দ্ৰাণী আৰু পিটাৰ মুখাৰ্জীৰ সন্তান বিধি মুখাৰ্জী।

    নিজৰ সন্মুখত পিতৃ-মাতৃক গ্ৰেপ্তাৰ কৰাৰ ভয়ংকৰ দৃশ্য দেখা আৰু পলকতে জীৱন উলট-পালট হৈ যোৱা সেই ভয়ংকৰ অভিজ্ঞতা আৰু বুকুত কঢ়িয়াই লৈ ফুৰা অব্যক্ত যন্ত্ৰণাবোৰৰ আক্ষৰিক ৰূপেই হ'ল বিধি মুখাৰ্জীৰ ডেভিলছ ডটাৰ (Devil’s Daughter) নামৰ গ্ৰন্থখন। এখন আকৰ্ষণীয় স্মৃতিগ্ৰন্থত বিধিয়ে নিজৰ অনুভৱবোৰ বৰ্ণনা কৰিছে।

    কিতাপখন যোৱা বছৰ প্ৰকাশৰ সময়ত এক সাক্ষাতকাৰত বিধিয়ে কয় যে গ্ৰেপ্তাৰ হোৱাৰ দুবছৰমানলৈ মাক ইন্দ্ৰাণীৰ সৈতে কথা পাতিব পৰা নাছিল। অৱশ্যে শেহতীয়াকৈ বিধিয়ে পুনৰ ইন্দ্ৰাণীৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিছে। মাকক ক্ষমা কৰিছে নেকি বুলি সোধাত বিধিয়ে কয়, ‘মই মাক ক্ষমা কৰিছোঁ কাৰণ ই নিজকে বোজামুক্ত কৰিবলৈ বিচাৰিছোঁ।'

    উল্লেখ্য যে বুধবাৰে দেশৰ উচ্চতম ন্যায়ালয়ত জামিন লাভ কৰাৰ পিছত আজি মুম্বাইৰ বাইকুলা মহিলা কাৰাগাৰৰ পৰা মুকলি হৈ ওলাই আহিছে ইন্দ্ৰাণী মুখাৰ্জী।
    Published by:Manjumoni Borah
    First published: