உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • ম’বাইলত TikTok সহ এই ৫৯টা এপ ইনষ্টল কৰিছিল নে কি? জানক এতিয়া কি হ’ব?

    ম’বাইলত TikTok সহ এই ৫৯টা এপ ইনষ্টল কৰিছিল নে কি? জানক এতিয়া কি হ’ব?

    Chinese Apps Banned by India: কেন্দ্ৰ চৰকাৰে আইটি এক্টৰ অধীনত ৫৯টা চাইনীজ এপৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। চৰকাৰে সুৰক্ষাজনিত কাৰণৰ দোহাই দি এই এপসমূহ নিষিদ্ধ কৰিছে। 

    Chinese Apps Banned by India: কেন্দ্ৰ চৰকাৰে আইটি এক্টৰ অধীনত ৫৯টা চাইনীজ এপৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। চৰকাৰে সুৰক্ষাজনিত কাৰণৰ দোহাই দি এই এপসমূহ নিষিদ্ধ কৰিছে। 

    Chinese Apps Banned by India: কেন্দ্ৰ চৰকাৰে আইটি এক্টৰ অধীনত ৫৯টা চাইনীজ এপৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। চৰকাৰে সুৰক্ষাজনিত কাৰণৰ দোহাই দি এই এপসমূহ নিষিদ্ধ কৰিছে। 

    • Share this:
    নতুন দিল্লীঃ সীমান্তত উত্তেজনাৰ কাৰণে কেন্দ্ৰ চৰকাৰে ৫৯টা চাইনীজ এপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যিসমূহ এপ চৰকাৰে নিষিদ্ধ কৰিছে সেইসমূহৰ ভিতৰত চৰ্ট ভিডিও মেকিং এপ টিকটকৰ পৰা ইউচি ব্ৰাউজাৰ, শ্বেয়াৰইট আৰু কেম স্কেনাৰৰ দৰে এপ আছে। ভাৰতত যথেষ্ট পৰিমাণে এই এপসমূহ ব্যৱহাৰ কৰা হয়। চৰকাৰৰ এই সিদ্ধান্তৰ পৰা স্পষ্ট হৈ পৰিল যে পূৱ লাডাখত বৰ্ধিত সংঘাতৰ মাজত চীনক চৰকাৰে এক স্পষ্ট বাৰ্তা দিছে।

    চৰকাৰে কেনেকৈ চীনা এপসমূহ নিষিদ্ধ কৰিছে? 
    কেন্দ্ৰ চৰকাৰে ইনফৰমেচন টেকন’লজি এক্ট, 2000 (IT Act, 2020)ৰ ধাৰা 69Aৰ অধীনত এই ৫৯চীনা এপ নিষিদ্ধ কৰিছে। এই চেকশ্যনত ব্যৱস্থা আছে যে কেন্দ্ৰ চৰকাৰ বা অধিকৃত অধিকাৰসমূহে যদি বিবেচনা কৰে ইয়াৰ জৰিয়তে দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব বা সুৰক্ষাৰ প্ৰতি কোনো ধৰণৰ বিপদ আছে তেনেহ’লে এইসমূহ তেওঁলোকে নিষিদ্ধ কৰিব পাৰে।

    ইনফৰ্মেচন টেকন’লজী এক্সপাৰ্ট বালেন্দ্ৰ শৰ্মা দধীচে এই নিষেধাজ্ঞাক লৈ কৈছে যে যদি চৰকাৰে নাগৰিক আৰু দেশৰ সুৰক্ষাৰ প্ৰতি দৃষ্টি ৰাখি এই পদক্ষেপ লৈছে যে তেওঁলোকে সেনা আৰু চৰকাৰৰ এই সিদ্ধান্তক স্বাগতম জনোৱা উচিত। চৰকাৰে চাৰ্ভিচ প্ৰভাইডাৰ্চসকলক এই এপসমূহৰ ব্যৱহাৰ ৰোধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে।

    ব্যৱহাৰকৰ্তাসকলৰ কাৰণে এই এপসমূহ কেনেকৈ নিষিদ্ধ হ’ব?
    চৰকাৰৰ দ্বাৰা এই এপসমূহ নিষিদ্ধ কৰিবলৈ নটিফিকেশ্যন জাৰি হোৱাৰ পিছত চাৰ্ভিচ প্ৰভাইডাৰসকলে (Service Providers) এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে। এনেকুৱাত সম্ভৱতঃ এই ইউজাৰ্চসকলৰ আগৰে পৰা ম’বাইলত ডাউনলোড এই এপ পৰৱৰ্তী সময়ত ব্যৱহাৰ কৰিলে হয়তো মেচেজ পপ আপ হ’ব যে চৰকাৰৰ অনুৰোধত এই এপ নিষিদ্ধ কৰা হৈছে। অৱশ্যে ইয়াৰ সম্ভাৱনা অধিক যে কেৱল এক্টিভ ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ প্ৰয়োজন থকা এপৰ ক্ষেত্ৰতহে এই মেচেজ আহিব পাৰে। কিন্তু প্লে’ ষ্টৰৰ পৰা এই এপসমূহ এতিয়া আগলৈ ডাউনলোড কৰিব নোৱাৰিব। চৰকাৰী আদেশর কপি পোৱাৰ পিছতে গুগল প্লে ষ্ট’ৰ (Google Play Store) আৰু এপল এপ ষ্ট’ৰত এই এপসমূহ ভাৰতীয় ব্যৱহাৰকাৰীৰ কাৰণে আঁতৰাই দিয়া হৈছে।

    নিষিদ্ধ কৰাৰ ফলত কি প্ৰভাৱ পৰিব?
    চৰকাৰৰ দ্বাৰা নিষিদ্ধ কৰা এই ৫৯টা এপৰ মাজত কিছুমান ভাৰতত যথেষ্ট জনপ্ৰিয়। বিশেষকৈ টিকটক, এই এপত প্ৰায় ১০কোটি এক্টিভ ইউজাৰ্চ কেৱল ভাৰততে আছে। ইয়াৰ বাহিৰে কেমস্কেনাৰ, শ্বেয়াৰইট, লাইকী, বিগ’ লাইভৰ দৰে অন্যান্য এপ আছে যিসমূহ ভাৰতত যথেষ্ট জনপ্ৰিয়। এনেকুৱাত এতিয়া চৰকাৰৰ সিদ্ধান্তৰ পিছত এই ইউজাৰ্চে অন্য বিকল্প বিচাৰিব লাগিব।

    উল্লেখ্য যে, ইয়াৰ মাজতে একাংশ প্লেটফ’ৰ্মত ভাৰতীয় ক্ৰিয়েটাৰ্চ আছে আৰু এই এপেই তেওঁলোকৰ উপাৰ্জনৰ একমাত্ৰ মাধ্যম। এনেকুৱাত এই লোকসকলৰ কাৰণে সমস্যাৰ সৃষ্টি হ’ব পাৰে। কিয়নো ইয়াৰে একাংশ এপৰ অফিচ ভাৰততো আছে য’ত ভাৰতীয় লোকসকলে কাম কৰে। এনেকুৱাত এইসকল লোকৰ চাকৰিৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ’ব পাৰে।

    সদায়ৰ কাৰণে এই এপসমূহ নিষিদ্ধ হ’ব নে কি?

    যোৱাবছৰৰ কিছু দিনৰ কাৰণে ভাৰতত টিকটক নিষিদ্ধ কৰা হৈছিল, কিন্তু অতি সোনকালেই এই নিষিদ্ধকৰণ উভতাই লোৱা হৈছিল। ইয়াৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা এই পদক্ষেপ বহুত কঠোৰ। এনেকুৱাত চাব লাগিব যে চৰকাৰে এইসমূহ সদায়ৰ কাৰণে নিষিদ্ধ কৰে নে নাই। চীনা কোম্পানীসমূহৰ ব্যৱসায়ৰ ক্ষেত্ৰত এই নিষিদ্ধকৰণৰ দ্বাৰা এক কঠোৰ বাৰ্তা প্ৰেৰণ কৰিছে।
    First published: