আজি সীতাৰমনে দাখিল কৰিব বাজেট, মহিলাসকলৰ বাবে আছে বহু প্ৰত্যাশা!

News18 Assam | News18-Assam
Updated:February 1, 2021, 10:32 AM IST
আজি সীতাৰমনে দাখিল কৰিব বাজেট, মহিলাসকলৰ বাবে আছে বহু প্ৰত্যাশা!
২০০৫–০৬ বৰ্ষৰ পৰা কেন্দ্ৰীয় বাজেটৰ এটা অংশ হিচাপে জিআৰবি বাজেট (Gender Responsive Budgeting) দাখিল কৰা হৈছে।

২০০৫–০৬ বৰ্ষৰ পৰা কেন্দ্ৰীয় বাজেটৰ এটা অংশ হিচাপে জিআৰবি বাজেট (Gender Responsive Budgeting) দাখিল কৰা হৈছে।

  • Share this:
আজি ২০২১–২২ বৰ্ষৰ বাবে সংসদত বাজেট দাখিল কৰিব বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে। ইয়াকে লৈ তৃতীয়বাৰ কেন্দ্ৰীয় বাজেট দাখিল কৰিব সীতাৰমনে। ২০০৫–০৬ বৰ্ষৰ পৰা কেন্দ্ৰীয় বাজেটৰ এটা অংশ হিচাপে জিআৰবি বাজেট (Gender Responsive Budgeting) দাখিল কৰা হৈছে। স্পেইন, ইটালী, জাৰ্মানী, অষ্ট্ৰেলিয়া, ইউকেসহ আন দেশত এইধৰণৰ বাজেট দাখিল কৰা হয়।

বৰ্তমান চৰকাৰে কেন্দ্ৰীয় বাজেটৰ মুঠ ৫ শতাংশ মহিলাসকলৰ আঁচনিত খৰচ কৰে। ইক’নমিকেল ৰিছাৰ্চ আৰু পলিচী থিংক টেক নিকোৰ এছ’চিয়েটৰ ফাউণ্ডাৰ মিতালী নিকোৰে জনাইছে, ভাৰতৰত জেণ্ডাৰ বাজেটৰ বিষয়ে চৰকাৰক যি বিষয়ত জোৰ দিয়া প্ৰয়োজন সেয়া হ’ল ইয়াৰ বাবে আবণ্টন আৰু বৃদ্ধি কৰিব লাগিব।

দেখা গৈছে বহু আঁচনিৰ পৰা মহিলাসকল লাভৱান হয় কিন্তু সেইসমূহ কেৱল মহিলাসকলৰ বাবে নহয়। যেনে MGNREGA, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পৰা মহিলাসকল লাভৱান হৈছে। কিন্তু এই আঁচনিসমূহ সম্পূৰ্ণৰূপে মহিলাসকলৰ ক্ষমতায়ন আৰু কল্যাণৰ বাবে নহয়। সেয়ে মহিলাসকলৰ বাবে বিশেষ আঁচনিৰ বাবে বাজেটত আবণ্টন থকাটো উচিত।আজিৰ বাজেটত সকলোৰে দৃষ্টি নিবদ্ধ আছে। বিশেষজ্ঞসকলৰ মত, এই বাজেটত ব্যয়ৰ বাবে বৃদ্ধি কৰিব লাগিব ধন আবণ্টনৰ পৰিমাণ।
Published by: Sanjay Kumar Das
First published: February 1, 2021, 10:32 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি