உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • nation
    • »
    • Explained: AFSPA ব্যৱহাৰৰ কৰাৰ সময়ত সেনা বাহিনীক মানৱ ধৰ্ম পালন কৰি, দেশ আৰু সেনাৰ গৰিমা অটুট ৰখাৰ নিৰ্দিষ্ট নির্দেশ দি থৈছে উচ্চতম ন্যায়ালয়ে 

    Explained: AFSPA ব্যৱহাৰৰ কৰাৰ সময়ত সেনা বাহিনীক মানৱ ধৰ্ম পালন কৰি, দেশ আৰু সেনাৰ গৰিমা অটুট ৰখাৰ নিৰ্দিষ্ট নির্দেশ দি থৈছে উচ্চতম ন্যায়ালয়ে 

    ১৯৯৭ চনত Naga People’s Movement for Human Rights v/s Union of India শীর্ষক এটা গোচৰত উচ্চতম ন্যায়ালয়ে কিছুমান বিশেষ পৰিস্থিতিতহে সংঘাতিক বল প্ৰয়োগ কৰিবলৈ নিৰ্দেশ দিছে।

    ১৯৯৭ চনত Naga People’s Movement for Human Rights v/s Union of India শীর্ষক এটা গোচৰত উচ্চতম ন্যায়ালয়ে কিছুমান বিশেষ পৰিস্থিতিতহে সংঘাতিক বল প্ৰয়োগ কৰিবলৈ নিৰ্দেশ দিছে।

    ১৯৯৭ চনত Naga People’s Movement for Human Rights v/s Union of India শীর্ষক এটা গোচৰত উচ্চতম ন্যায়ালয়ে কিছুমান বিশেষ পৰিস্থিতিতহে সংঘাতিক বল প্ৰয়োগ কৰিবলৈ নিৰ্দেশ দিছে।

    • Share this:
    সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন (Armed Forces Special Power Act) সেনা বা অৰ্ধ সামৰিক বাহিনীয়ে জধে মধে ব্যৱহাৰ কৰাটো উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পৰিপন্থী। ১৯৯৭চনতে এই সন্দৰ্ভত এক শুনানি গ্ৰহণ কৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ে (Supreme Court of India) অতি সাৱধানে নূন্যতম বল প্ৰয়োগ কৰি এই আইনৰ অধীনত পদক্ষেপ ল’বলৈ নির্দেশ দি থৈছে। কাৰণ যিসকলৰ বিৰুদ্ধে  অভিযান চলোৱা হয় সেই সকল ভাৰতৰে নাগৰিক।

    ১৯৯৭ চনত Naga People’s Movement for Human Rights v/s Union of India শীর্ষক এটা গোচৰত উচ্চতম ন্যায়ালয়ে কিছুমান বিশেষ পৰিস্থিতিতহে সংঘাতিক বল প্ৰয়োগ কৰিবলৈ নিৰ্দেশ দিছে। উচ্চতম ন্যায়ালয়ে স্পষ্ট কৰি দিছে আইন শৃংখলা অটুট ৰাখিবলৈ কাৰোবাক হত্যা কৰাৰ প্ৰয়োজনীয়তা উদ্ভৱ হ’বলৈ কিছুমান নিৰ্দিষ্ট পৰিস্থিতিৰ সৃষ্টি হ’ব লাগিব। ইয়াৰ কাৰণে উচ্চস্তৰৰ এখন কমিটীয়ে অঞ্চলটোক অশান্ত বুলি ঘোষণা কৰিব লাগিব। সেনা বাহিনীৰ নেতৃত্বত থকাজনে হত্যাৰ অনুমতি দিয়াটো আইন শৃংখলা অটুট ৰখাৰ স্বাৰ্থত কিমান প্ৰয়োজন সেয়া সঠিকভাৱে নিৰ্ধাৰণ কৰিহে আগবাঢ়িব লাগিব। যিসকলৰ বিৰুদ্ধে অভিযান চলোৱা হ’ব পোনতে তেওঁলোকক সকীয়নি (Warning) দিব লাগিব  আৰু তেওঁলোকে আইন উলংঘন কৰিলেহে সেনাই অভিযান চলাব পাৰিব।

    আনহাতে ২০১৬চনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মদন লুকুৰে Extra Judicial Execution Victim Families Associationৰ এক শুনানি গ্ৰহণ কৰি অশান্ত অঞ্চলত কৰ্তব্যৰত সেনা বাহিনীক Chief of The Army Staffয়ে প্ৰদান কৰা কেতবোৰ কথা সোঁৱৰাই দিছিল।

    Commandmentsৰ মূল বিন্দু কেইটা হৈছে –

    ১. মনত ৰাখিব যি সকল লোকৰ বিৰুদ্ধে আপোনালোকে অভিযান চলাব সেইসকল দেশৰ নাগৰিক।

    ২. আপোনালোকৰ সকলো পদক্ষেপ এই কথাটোতে কেন্দ্ৰীভূত হ’ব।

    ৩. আপোনালোক সহানুভূতিশীল হোৱাটো বাধ্যতামূলক।

    ৪. স্থানীয় ৰাইজক সৰ্বতোপ্ৰকাৰে সহায় কৰি মন জয় কৰক।

    ৫. আপোনালোকৰ হাতত থকা সকলো সমল স্থানীয় লোকৰ জীৱন–জীৱিকাৰ উত্তৰণৰ কাৰণে ব্যৱহাৰ কৰক।

    ৬. মানৱ ধৰ্ম পালন কৰক (Upheld Dharma) আৰু দেশৰ আৰু সেনাৰ গৰিমা অটুট ৰাখক।

    Read all News in Assamese, Assam News Today, Entertainment News in Assamese, Business News in Assamese, Sports News in Assamese, Health News in Assamese, India News in Assamese
    Published by:Sanjay Kumar Das
    First published: