নগা চুক্তি স্বাক্ষৰত কি ভূমিকা লৈছে হিমন্ত বিশ্ব শৰ্মাই?

News18 Assam | News18-Assam
Updated:October 13, 2020, 2:35 PM IST
নগা চুক্তি স্বাক্ষৰত কি ভূমিকা লৈছে হিমন্ত বিশ্ব শৰ্মাই?
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিশেষ দায়িত্ব অৰ্পণ কৰিছে NEDAৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাক৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিশেষ দায়িত্ব অৰ্পণ কৰিছে NEDAৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাক৷

  • Share this:
নগা চূড়ান্ত চুক্তিৰ বাবে NSCN-IM আৰু সাতটা বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ NNPGsৰ মাজত থকা বৈষম্যক দূৰ কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে NEDAৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাই৷ লগত সংগ দিছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'য়ে৷

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিশেষ দায়িত্ব অৰ্পণ কৰিছে NEDAৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাক৷ সেই হিচাপত অন্যান্য কামৰ লগতে সেই বিশেষ দায়িত্বও পালন কৰিবলৈ চেষ্টা কৰিছে ড০ শৰ্মাই৷ অমিত শ্বাহে দিয়া এই বিশেষ দায়িত্ব হ'ল - নগা সশস্ত্ৰ বিদ্ৰোহী সংগঠন NSCN-IMক চুক্তিৰ বাবে সৈমান কৰোৱা৷ লগতে অখণ্ড ভাৰত অটুট ৰখোৱাৰ ব্লুপ্ৰিণ্টক কাৰ্যকৰী কৰা৷

এইক্ষেত্ৰত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ' ৰিঅ'ৰ সৈতে মিলি কাম কৰাৰ নিৰ্দেশ দি থৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে৷ এই হিচাপতে নেফিঅ' ৰিঅ'ই ১৫ অক্টোবৰত আহ্বান কৰিছে সৰ্বদলীয় বৈঠক৷ কহিমাৰ মুখ্যমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হ'ব এই বৈঠকৰ৷

মুখ্যমন্ত্ৰী ৰিঅ'ৰ আহ্বানক্ৰমে অনুষ্ঠিত হ'বলগীয়া বৈঠকত নগা সমাজৰ সকলো সংগঠনক আমন্ত্ৰণ জনোৱা হৈছে৷ নগালেণ্ড গাঁওবুঢ়া ফেডাৰেচন, নগা মাদাৰ্ছ এছ’চিয়েচন, নগা ষ্টুডেণ্ট ফেডাৰেচন, ENPO আদি সকলো সংগঠন প্ৰস্তাৱিত বৈঠকত উপস্থিত থাকিব৷ মুখ্যত NSCN-IM আৰু NNPGsক একেখন চুক্তিত স্বাক্ষৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা আৰু নেফিঅ' ৰিঅ'ই প্ৰচেষ্টা চলোৱাৰ বাবেই পোন্ধৰ অক্টোবৰৰ বৈঠকখন আয়োজন কৰা হৈছে৷

কিন্তু এইপৰ্যন্ত NSCN-IM–এ পৃথক পতাকা আৰু পৃথক সংবিধান অবিহনে ভাৰত চৰকাৰৰ সৈতে চুক্তি কৰিবলৈ সৈমান হোৱা নাই৷
Published by: Sanjay Kumar Das
First published: October 13, 2020, 2:35 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading