কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী (Rahul Gandhi)ক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৰাজস্থান বিজেপি (Rajasthan BJP)ৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা বিধায়ক মদন দিলাৱাৰে। বুধবাৰে ৰাহুল গান্ধীক লক্ষ্য কৰি এটা ভিডিঅ' বিবৃতি জাৰি কৰি দিলাৱৰে কয় যে মুছলমানৰ নাতি এতিয়া হিন্দু হৈ পৰিছে। ৰাহুল গান্ধী কোন জাতিৰ বুলি প্ৰশ্ন উত্থাপন কৰিছে দিলাৱৰে আৰু ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট (Ashok Gehlot)ক ইয়াৰ উত্তৰ দিবলৈ প্ৰত্যাহ্বান জনাইছে।
উল্লেখ্য যে কিছুদিন ধৰি ৰাহুল গান্ধীয়ে হিন্দু আৰু হিন্দুত্ব (Hindu and Hindutva)ক লৈ মন্তব্য কৰি আছে। মদন দিলাৱাৰে কয়, "ৰাহুল গান্ধী এতিয়া এজন ডাঙৰ পণ্ডিত হৈ পৰিছে। তেওঁ নিজকে হিন্দু বুলি কৈছে। তেওঁৰ ককাক (Rahul Gandhi's Grandfather)ৰ জাতি কি আছিল, তেওঁৰ মাতৃ কি ধৰ্মৰ, তেওঁৰ ভনীয়েক কোন ধৰ্মত বিবাহিত? তেওঁৰ দেউতাকৰ দেউতাক মানে ককা মুছলমান, মাতৃ খ্ৰীষ্টান, ভগ্নী খ্ৰীষ্টান ধৰ্মত বিবাহপাশত আৱদ্ধ হৈছে। আৰু ৰাহুলে ভগৱান কৃষ্ণ আৰু ৰামত বিশ্বাস কৰাসকলক ভুৱা হিন্দু (Fake Hindu) বুলি কৈছে। হিন্দু আৰু হিন্দুত্বৰ নতুন সংজ্ঞা দিছে।"
তেওঁ কয় যে কংগ্ৰেছীসকলে ক্ষমতাৰ লোভৰ বাবে দেশক অপমান কৰিছে। তেওঁলোকে দেশৰ কোটি কোটি হিন্দুক অপমান কৰিছে। তেওঁলোকে মহাভাৰত আৰু ৰামায়ণক মিছা বুলি কৈছে। তেওঁ মুখ্যমন্ত্ৰী অশোক গেহলটক প্ৰশ্ন কৰে যে আপোনাৰ দেউতা আৰু ককাদেউতা হিন্দু হয় নে নহয়? দিলাৱাৰে গেহলটক সুধিছিল, "আপোনাৰ দেউতাও ভুৱা হিন্দু আছিল নেকি?"
উল্লেখ্য যে, যোৱা কেইদিনমানত ৰাহুলে বিভিন্ন সময়ত হিন্দু ধৰ্ম আৰু হিন্দুত্বৰ কথা কৈছে। মঙলবাৰে জয়পুৰ জিলাৰ বাদা পদ্মপুৰাত কংগ্ৰেছৰ প্ৰশিক্ষণ শিবিৰৰ সামৰণি অধিৱেশনত ভাষণ দি ৰাহুলে কৈছিল যে ভাৰত হিন্দুৰ আদৰ্শৰ দ্বাৰাহে পৰিচালিত হ'ব, হিন্দুত্বৰ আদৰ্শৰ দ্বাৰা পৰিচালিত নহয়। ইয়াৰ পূৰ্বে ১২ ডিচেম্বৰত জয়পুৰত অনুষ্ঠিত কংগ্ৰেছৰ এক ৰেলীত ৰাহুলে কৈছিল, "মই হিন্দু, কিন্তু হিন্দুত্ব নহয়।"
Read all
News in Assamese,
Assam News Today,
Entertainment News in Assamese,
Business News in Assamese,
Sports News in Assamese,
Health News in Assamese,
India News in Assameseমদন দিলাৱাৰে প্ৰশ্ন কৰে যে যিয়ে তেওঁৰ ধৰ্ম পালন কৰে তেওঁ কি হিন্দু নহয়?
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|