ধোনীৰ গ্লভচত লিখা বলিদানৰ অৰ্থ আৰু পেৰা স্পেচিয়েল ফৰ্চৰ কাহিনী আচলতে কি?

মহেন্দ্ৰ সিং ধোনীয়ে পৰিধান কৰা বিশেষ গ্লভচৰ বলিদান চিহ্নক লৈ তীব্ৰ বিতৰ্ক অব্যাহত। আইচিচিয়ে বিচিচিআইক ধোনীৰ গ্লভচ আঁতৰাবলৈ নিৰ্দেশ দিছে।

news18
Updated:June 8, 2019, 1:15 PM IST
ধোনীৰ গ্লভচত লিখা বলিদানৰ অৰ্থ আৰু পেৰা স্পেচিয়েল ফৰ্চৰ কাহিনী আচলতে কি?
মহেন্দ্ৰ সিং ধোনীয়ে পৰিধান কৰা বিশেষ গ্লভচৰ বলিদান চিহ্নক লৈ তীব্ৰ বিতৰ্ক অব্যাহত। আইচিচিয়ে বিচিচিআইক ধোনীৰ গ্লভচ আঁতৰাবলৈ নিৰ্দেশ দিছে।
news18
Updated: June 8, 2019, 1:15 PM IST
টীম ইণ্ডিয়াৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীয়ে আইচিচি ক্ৰিকেট ৱৰ্ল্ড কাপ ২০১৯ত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলত স্পেচিয়েল পেৰা ফৰ্চেজৰ চিহ্ন থকা গ্লভচ পিন্ধাৰ পিছতে সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ। এই চিহ্নৰ অৰ্থ হৈছে ‘বলিদান’।

এই চিহ্ন থকা গ্লভচ ধোনীক পিন্ধাত বাধা দিবলৈ বিচিচিআইক নিৰ্দেশ দিছে আইচিচিয়ে। বিচিচিআয়ে ও নিজৰ স্থিতিত আঁকোৰগোজ হৈ আছে। ভাৰতীয় বৰ্ডৰ দাবী এই সন্দৰ্ভত আইচিচিক আগতেই তথ্য প্ৰদান কৰা হৈছে। লগতে ধোনীয়ে কোনোপধ্যে এই চিহ্ন আঁতৰাই নলয় বুলিও জনাই দিয়া হৈছে।

ছুপ্ৰিম কৰ্টৰ তৰফৰ পৰা এই সন্দৰ্ভত গঠন কৰা চিঅ’ৰ অধ্যক্ষ বিনোদ ৰায়ে কয় যে ধোনীয়ে আইচিচিৰ কোনো নিয়ম ভংগ কৰা নাই। পিটিআইৰ সৈতে হোৱা বাৰ্তালাপত বিনোদ ৰায়ে উল্লেখ কৰে যে ধোনীৰ গ্লভচত থকা চিহ্নৰ ভাৰতীয় সেনা অথবা সুৰক্ষাবাহিনীৰ সৈতে কোনো সম্পৰ্ক নাই। এনেকুৱাত নিয়ম ভংগৰ কথাই নাহে।

 

নিয়মে কি কয়?

আইচিচিৰ নিয়ম অনুসৰি, আইচিচিৰ কাপোৰ অথবা অন্য সামগ্ৰীৰ ওপৰত আন্তঃৰাষ্ট্ৰীয় খেলৰ সময়ত ৰাজনীতি, ধৰ্ম আৰু জাতিভেদ থকা কোনো বাৰ্তা থাকিব নোৱাৰে। ইয়াৰ মাজতে প্ৰশ্ন উঠিছে যে ধোনীৰ গ্লভচত থকা চিহ্ন কি আৰু ইয়াৰ অৰ্থ কি? লগতে পেৰা স্পেচিয়েল ফৰ্চেজ কি?

আইপিএল ২০১৯তো ধোনীয়ে ‘বলিদান’ চিহ্ন থকা টুপী পৰিধান কৰিছিল

এই বিশেষ চিহ্ন থকা টুপী ধোনীয়ে ২০১৯ৰ আইপিএলৰ সময়তো পৰিধান কৰিছিল।


বলিদান বেজৰ অৰ্থ কি?

‘বলিদান’ৰ চিহ্ন পেৰা স্পেচিয়েল ফৰ্চেজৰ আটাইতকৈ ডাঙৰ সন্মান। এই চিহ্ন সকলোৱে ব্যৱহাৰ কৰিব নোৱাৰে। পেৰা কামাণ্ডোসকলেহে এই চিহ্ন ব্যৱহাৰ কৰিব পাৰে। এই চিহ্ন পৰিধান কৰিবলৈ কামাণ্ডো এজনে পেৰাশ্বুট ৰেজিমেণ্টৰ হাৱাই জাঁপৰ নিয়মসমূহ সুচাৰুৰূপে পালন কৰিব লাগে। ইয়াৰ পিছত কামাণ্ডোজনে নিজৰ ইউনিফৰ্ম পৰিধান কৰাৰ সময়ত তেওঁলোকৰ কেপত ৰূপৰ ‘বলিদান’ চিহ্ন থাকে।

‘বলিদান’


যুদ্ধনাদৰ পৰা লোৱা হৈছে ‘বলিদান’ শব্দ

এই চিহ্নত দুখন পাখিৰ মাজত তৰোৱাল আছে। তলত পট্টা এটাত দেৱনাগৰী লিপিত ‘বলিদান’ শব্দ লিখা হৈছে। এই বেজ ব্ৰিটিশ স্পেচিয়েল ফৰ্চেজৰ চিহ্নৰ দৰে হয়। এই শব্দ তেওঁলোকৰ যুদ্ধনাদৰ পৰা লোৱা হৈছে। পেৰা স্পেচিয়েল ফৰ্চেজৰ যুদ্ধনাদ হৈছে ‘শৌৰ্যম দক্ষে, বলিদান পৰমো ধৰ্ম’। পেৰা স্পেচিয়েল ফৰ্চেজৰ লক্ষ্য, 'Men apart, every man an emperor’ অৰ্থাৎ ভিৰৰ পৰা আঁতৰি আপুনিও সম্ৰাট।

পেৰা স্পেচিয়েল ফৰ্চৰ ইতিহাস কি?

লেফটেনেণ্ট কৰ্নেল মেঘ সিং


পেৰা স্পেচিয়েল ফৰ্চৰ ইতিহাস স্বাধীনতাৰো পূৰ্বৰ। ভাৰতীয় পেৰাশ্বুট ইউনিট পৃথিৱীৰ ভিতৰতে অন্যতম পুৰণি পেৰাশ্বুট ইউনিট। ১৯৪১চনত ৫০তম ভাৰতীয় পেৰাশ্বুট ব্ৰিগেডৰ গঠন হৈছিল। অৱশ্যে পেৰাশ্বুট ৰেজিমেণ্টৰ গঠন ১৯৫২চনত কৰা হৈছিল। এই ৰেজিমেণ্ট সকলোৱে চিনি পাবলৈ ধৰে ১৯৬৫চনৰ ভাৰত–পাকিস্তানৰ যুদ্ধৰ সময়ত। সেই সময়ত ব্ৰিগেড অব গাৰ্ডচৰ মেজৰ মেঘ সিঙে সেনাৰ বেলেগ বেলেগ গোটৰ জোৱানক পেৰাশ্বুট ৰেজিমেণ্টত ভৰ্তি কৰাই প্ৰশিক্ষণ প্ৰদান কৰিছিল। জানিব পৰা মতে মেঘ সিঙে প্ৰথমে নিজা উদ্যোগত পেৰাশ্বুট ৰেজিমেণ্টত জোৱান ভৰ্তি কৰাইছিল। এইসকলক মেঘদূত ফৰ্চ আখ্যা দিয়া হৈছিল।

লেফটেনেণ্ট জেনেৰেল হৰবক্স সিঙৰ কিতাপৰ বেটুপাত


 

পেৰা স্পেচিয়েল ফৰ্চে কৰিছিল চাৰ্জিকেল ষ্ট্ৰাইক

লেফটেনেণ্ট জেনেৰেল হৰবক্স সিঙৰ গ্ৰন্থ ‘লাইন অব ডিউটিঃএ ছল্জাৰ ৰিমেম্বৰ্ছ’তো মেঘ সিঙৰ যোগদান আৰু পেৰাশ্বুট ৰেজিমেণ্ট গঠনৰ বিষয়ে সবিস্তাৰে আছে। আজিও বেলেগ বেলেগ ৰেজিমেণ্টৰ জোৱানক পেৰা স্পেচিয়েল ফৰ্চেজত ভৰ্তি কৰোৱা হয়। বিগত কিছু বছৰত ভাৰতীয় সেনাই ম্যানমাৰ আৰু পাকিস্তানত যি ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল সেইসমূহত পেৰা স্পেচিয়েল ফৰ্চ চামিল আছিল। যোৱা বছৰ ৰিলীজ হোৱা বলিউডৰ ছবি ‘উৰি’ত পেৰা স্পেচিয়েল ফৰ্চে ছাৰ্জিকেল ষ্ট্ৰাইক কৰা দেখোৱা হৈছে।
আৰু চাওক পৰৱৰ্তী বাতৰি