Mission Pani: জল প্ৰতিজ্ঞা দিৱস কি? এই দিৱস কিয় প্ৰয়োজনীয় আৰু কোন কোন ইয়াৰ অংশ হ’বলৈ গৈ আছে?

News18 Assam | News18-Assam
Updated:November 18, 2020, 1:50 PM IST
Mission Pani: জল প্ৰতিজ্ঞা দিৱস কি? এই দিৱস কিয় প্ৰয়োজনীয় আৰু কোন কোন ইয়াৰ অংশ হ’বলৈ গৈ আছে?
১৯ নৱেম্বৰ বিশ্ব টয়লেট দিৱস (World Toilet Day) উপলক্ষ্যে জল প্ৰতিজ্ঞা দিৱস পালন কৰা হ’ব।

১৯ নৱেম্বৰ বিশ্ব টয়লেট দিৱস (World Toilet Day) উপলক্ষ্যে জল প্ৰতিজ্ঞা দিৱস পালন কৰা হ’ব।

  • Share this:
আৰম্ভনিৰে পৰা মিছন পানী ৰাইজৰ আন্দোলন হিচাপে পৰিগণিত হৈ আহিছে। এতিয়া এয়া পানী আৰু চাফ–চিকুণতা ৰক্ষা প্ৰচাৰৰ এক স্বীকৃতিপ্ৰাপ্ত মঞ্চত পৰিণত হৈছে। যিদিনা প্ৰতিজন ভাৰতীয়ৰ ওচৰত চাফা পানী আৰু সম্পূৰ্ণ পৰিচ্ছন্নতাৰ সুযোগ থাকিব সিদিনাহে ইয়াৰ লক্ষ্য উদ্দেশ্য সফল হ’ব পাৰিব। ইয়াৰ কাৰণে প্ৰয়োজন প্ৰত্যেকজন ব্যক্তিয়ে নিজৰ আচাৰ–আচৰণত অলপমান সাল সলনি কৰাটো। মিচন পানীক (Mission Pani) এক নজিৰ কৰি তুলিবলৈ নাগৰিকসকলক এনেকুৱা এক সুযোগৰ প্ৰয়োজন যাতে তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিব পাৰে। সেইকাৰণে জল প্ৰতিজ্ঞা দিৱস (Jal Pratigya Diwas) এক তাৰিখ হিচাপে আমাৰ সন্মুখলৈ আহিছে আৰু আমাৰ চিন্তা আৰু দায়িত্বক এক প্ৰতিজ্ঞালৈ পৰিণত কৰাৰ সুযোগ হিচাপে।

জল প্ৰতিজ্ঞা দিৱস ১৯ নৱেম্বৰ বিশ্ব টয়লেট দিৱস (World Toilet Day) উপলক্ষ্যত পালন কৰা হ’ব। এইটো এই কাৰণে যে এই দিনটো যাতে স্বচ্ছতা আৰু জল সংৰক্ষণক লৈ আমাৰ ৰাষ্ট্ৰীয় অভিযানৰ এক ৱাটাৰমাৰ্ক হ’ব পাৰে। জল প্ৰতিজ্ঞা দিৱস উপলক্ষ্যে আয়োজন কৰা কাৰ্যসূচীত উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু, জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট অন্তৰ্ভুক্ত হ’ব। মিচন পানীৰ উদ্দেশ্য বাখ্যা কৰাৰ লগতে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সৈতে মিলি পানী সংৰক্ষণৰ এক ভেঁটি প্ৰস্তুত কৰিব।

ইয়াৰ লগতে আমেৰিকাৰ পূৰ্ব উপ ৰাষ্ট্ৰপতি তথা এৱাৰ্ড বিজয়ী পৰিৱেশবিদ আল গ’ৰ। ৱৰ্ল্ড টয়লেট সংস্থাৰ সংস্থাপক জেক চিম আৰু মিচন পানী অভিযানৰ এম্বেচাডৰ অক্ষয় কুমাৰো (Akshay Kumar) উপস্থিত থাকিব। নিজৰ ধাৰণাসমূহ আলোচনা কৰাৰ লগতে তেওঁলোকে মিচন পানীৰ গানৰো উদ্বোধন কৰিব। এই গানটো এ আৰ ৰহমানে কম্পজ কৰাৰ লগতে লিখিছে প্ৰসুন যোশীয়ে।

হাৰপিক–নিউজ18 মিচপ পানীৰ জল প্ৰতিজ্ঞা দিৱসৰ মূল উদ্দেশ্য সন্দৰ্ভত এওঁলোকে অৱগত কৰিব। সমগ্ৰ দেশৰ জল যোদ্ধাসকলক শপত দিওৱা হ’ব। সমগ্ৰ দেশৰ স্কুলৰ শিক্ষাৰ্থী, শিক্ষক তথা অন্যান্য ভাৰতীয়ই ইণ্টাৰনেট তথা প্ৰত্যক্ষভাৱে ইয়াৰ জৰিয়তে সংযুক্ত হ’ব।

এই  উপলক্ষ্যত বিভিন্ন কণ্টক নেওচি আনৰ মাজত পৰিষ্কাৰ পানী উপলব্ধ কৰোৱা জল যোদ্ধাসকলৰ কাহিনীও আপোনালোকৰ মাজত তুলি ধৰা হ’ব। এই ঐতিহাসিক মুহূৰ্ত উপভোগ কৰিব পাৰিব ১৯ নৱেম্বৰ পুৱা ১১.৩০ বজাৰ পৰা News18.com আৰু ফেচবুক, টুইটাৰৰ জৰিয়তে।

জল প্ৰতিজ্ঞা দিৱসত শপত আপুনিও ল’ব পাৰে। শপত লৈ থকাৰ ফটো বা ভিডিও #MeriJalPratigya হেচটেগৰ সৈতে @CNNNews18 আৰু @Harpic_Indiaক টেগ কৰি পোষ্ট কৰক।
First published: November 18, 2020, 1:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading