ফাঁচিৰ পৰা ৰেহাই পাব নেকি নিৰ্ভয়া কাণ্ডৰ দোষীয়ে? কি এই কিউৰেটিভ পিটিচন?

News18 Assam | News18-Assam
Updated:January 14, 2020, 11:58 AM IST
ফাঁচিৰ পৰা ৰেহাই পাব নেকি নিৰ্ভয়া কাণ্ডৰ দোষীয়ে? কি এই কিউৰেটিভ পিটিচন?
কিউৰেটিভ পিটিচনত সমগ্ৰ সিদ্ধান্তৰ ওপৰত চৰ্চা নহয়। ইয়াত কেৱল কিছু কথা দ্বিতীয়বাৰ বিচাৰ কৰা হয়। ন্যায়ালয়ত অন্তিম বিকল্প হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়।

কিউৰেটিভ পিটিচনত সমগ্ৰ সিদ্ধান্তৰ ওপৰত চৰ্চা নহয়। ইয়াত কেৱল কিছু কথা দ্বিতীয়বাৰ বিচাৰ কৰা হয়। ন্যায়ালয়ত অন্তিম বিকল্প হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়।

  • Share this:
নিৰ্ভয়া কাণ্ডৰ দোষী বিনয় আৰু মুকেশ কুমাৰৰ কিউৰেটিভ পিটিচনৰ ওপৰত আজি উচ্চতম ন্যায়ালয়ত হ’ব শুনানি। নিৰ্ভয়া কাণ্ডৰ চাৰিওজন দোষীৰ বিৰুদ্ধে ডেথ ৱাৰেণ্ট জাৰি কৰা হৈছে। ইয়াৰ পিছত দুই দোষী বিনয় আৰু মুকেশে উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে কিউৰেটিভ পিটিচন। আজি ন্যায়াধীশ, এন ভি ৰমনা, অৰুণ মিশ্ৰ, আৰ এফ নৰিমন, আৰ ভানুমতী আৰু অশোক ভূষণৰ বিচাৰপীঠে এই পিটিচনৰ ওপৰত শুনানি গ্ৰহণ কৰিব।

কি এই কিউৰেটিভ পিটিচন?
কিউৰেটিভ পিটিচন ন্যায়িক ব্যৱস্থাত ন্যায় পোৱাৰ শেষ উপায় হিচাপে জনা যায়। এই পিটিচনৰ দ্বাৰা কোনো অকথিত কথা বা তথ্য ন্যায়ালয়ে শুনে। এয়া উচ্চতম ন্যায়ালয়ে দিয়া এক ব্যৱস্থা।

কিউৰেটিভ পিটিচনত সমগ্ৰ সিদ্ধান্তৰ ওপৰত চৰ্চা নহয়। ইয়াত কেৱল কিছু কথা দ্বিতীয়বাৰ বিচাৰ কৰা হয়। ন্যায়ালয়ত অন্তিম বিকল্প হিচাপে ইয়াক ব্যৱহাৰ কৰা হয়। নিৰ্ভয়া কাণ্ডৰ দোষীয়ে নিজৰ ফাঁচিৰ শাস্তিৰ পৰা ৰেহাই পাবৰ বাবে এয়া ব্যৱহাৰ কৰিছে। তেওঁলোকে বিচাৰিছে যিকোনো প্ৰকাৰে তেওঁলোকৰ ফাঁচিৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ পৰিণত হওক।

কিউৰেটিভ পিটিচন দাখিল কৰা এজন দোষী বিনয় শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে ঘটনাৰ সময়ত তেওঁ ১৯ বছৰীয়া আছিল। সেই অৱস্থাত তেওঁৰ সামাজিক আৰু আৰ্থিক পটভূমিৰ ওপৰত বিচাৰ কৰি আদালতে নিজৰ সিদ্ধান্তক লৈ পুনৰ বিচাৰ কৰিব লাগে।

বিনয় শৰ্মাৰ ফালৰ পৰা কোৱা হৈছে যে আদালতে বলাৎকাৰ আৰু হত্যাৰ ১৭টা আন গোচৰত ফাঁচিৰ শাস্তি যাৱজ্জীৱন কাৰাদণ্ডলৈ সলনি কৰিছিল। সেইদৰে বিনয়কো ৰেহাই দিব লাগে। আজি আদালতে কি ৰায় দিয়ে তালৈ লক্ষ্য ৰাখিছে দেশবাসীয়ে।
আৰু চাওক
পৰৱৰ্তী বাতৰি