Nirbhaya Case: আজি কিয় নহ’ল নিৰ্ভয়াৰ ৪টা দোষীৰ ফাঁচি? ক’ৰ্টত এইকেইটা যুক্তি দিছিল অভিযুক্তৰ অধিবক্তাই

News18 Assam | News18-Assam
Updated:February 1, 2020, 12:29 PM IST
Nirbhaya Case: আজি কিয় নহ’ল নিৰ্ভয়াৰ ৪টা দোষীৰ ফাঁচি? ক’ৰ্টত এইকেইটা যুক্তি দিছিল অভিযুক্তৰ অধিবক্তাই
২০১২চনৰ ১৬ডিচেম্বৰত ৰাজধানী দিল্লীত এখন চলন্ত বাছত ২৩বছৰীয়া এগৰাকী পেৰামেডিকেলৰ ছাত্ৰীক দলৱদ্ধ বলাৎকাৰ আৰু নৃশংসতাৰ সকলো সীমা চেৰাই বৰ্বৰ অত্যাচাৰ চলাইছিল ৬পাষণ্ডই। ছিংগাপুৰৰ এখন হাস্পতালত অতি কষ্ট ভুগি মৃত্যু হৈছিল ছাত্ৰীগৰাকীৰ। 

২০১২চনৰ ১৬ডিচেম্বৰত ৰাজধানী দিল্লীত এখন চলন্ত বাছত ২৩বছৰীয়া এগৰাকী পেৰামেডিকেলৰ ছাত্ৰীক দলৱদ্ধ বলাৎকাৰ আৰু নৃশংসতাৰ সকলো সীমা চেৰাই বৰ্বৰ অত্যাচাৰ চলাইছিল ৬পাষণ্ডই। ছিংগাপুৰৰ এখন হাস্পতালত অতি কষ্ট ভুগি মৃত্যু হৈছিল ছাত্ৰীগৰাকীৰ। 

  • Share this:
দিল্লীৰ এখন আদালতে শুকুৰবাৰে নিৰ্ভয়াৰ চাৰি দোষীৰ ফাঁচি স্থগিত কৰাৰ পিছতে দেশজুৰি এতিয়া ক্ষোভৰ পৰিৱেশ। পাটিয়ালা হাউচ ক’ৰ্টৰ অতিৰিক্ত চেছন ন্যায়াধীশ ধৰ্মেন্দ্ৰ ৰাণাই মৃত্যুদণ্ডৰ ৰায় পৰৱৰ্তী আদেশলৈ স্থগিত কৰিছিল। চাৰিওটা দোষীৰ হৈ অধিবক্তা এ পি সিঙে ফাঁচি ৰখোৱাৰ কাৰণে যুক্তি দিছিল। মুকেশ সিং, বিনয় শৰ্মা, অক্ষয় ঠাকুৰ আৰু পৱন গুপ্তা, এই চাৰিওট দোষীৰ ফাঁচি প্ৰথমে ২২জানুৱাৰীৰ পুৱা ৭বজাত আৰু তাৰ পিছত ১ফেব্ৰুৱাৰীৰ পুৱা ৬বজাত ধাৰ্য কৰা হৈছিল। দুয়োবাৰে আইনী মেৰ পেচৰ সুযোগ লৈ দোষীয়ে ফাঁচিৰ পৰা সাৰি যায়। দোষীৰ অধিবক্তাই আদালতত এই যুক্তি দিছিল যে আইনী উপায় গ্ৰহণৰ বাট এতিয়াও খোলা আছে আৰু সেই কাৰণে ফাঁচি স্থগিত কৰিব লাগে। অধিবক্তাৰ এই আৱেদনৰ যুক্তি তিহাৰ জেল প্ৰশাসনে খাৰিজ কৰিছিল, তিহাৰৰ পৰা যুক্তি দিয়া হৈছিল যে দোষীক বেলেগে বেলেগে ফাঁচি দিয়া হওক। কিন্তু সময়মতেই হওক নিৰ্ভয়াৰ দোষীৰ ফাঁচি। তিহাৰৰ অধিবক্তাৰ এই আৱেদন আদালতত খাৰিজ হ’ল।

দোষীৰ অধিবক্তাই এই যুক্তি দিছিল যে যেতিয়ালৈকে এখন আৱেদন বিচাৰাধীন হৈ আছে তেতিয়ালৈ দ্বিতীয়জনক ফাঁচি কাঠত ওলমাব নোৱাৰে। ন্যায়াধীশে নিজৰ ৰায়ত কয় যে, যদি কোনো এজন দোষীয়ে আপীল কৰে বা আৱেদন কৰে তেনেহ’লে সেই গোচৰৰ আনসকল দোষীৰ শাস্তিৰ ওপৰতো স্থগিতাদেশ বলৱৎ হয়। দোষীৰ অধিবক্তা আৰু জেল কৰ্তৃপক্ষক এই আদেশৰ প্ৰতিলিপি দিয়াৰ আদেশ দিয়া হয়। আদেশত কোৱা হয়, ‘জেল অধীক্ষকে কাইলৈৰ ভিতৰত এই আদেশ পালনৰ ৰিপ’ৰ্ট দাখিল কৰিব লাগিব।’

নিৰ্ভয়াৰ মাতৃয়ে কয়, আমি হতাশ হৈছো কিন্তু যুঁজ চলাই যাম। বাৰে বাৰে আইনী সুৰুঙাৰ দুৰ্ব্যৱহাৰ কৰি দোষীয়ে মৃত্যুদণ্ড স্থগিত কৰোৱাৰ অভিযোগ পিতৃ–মাতৃৰ। ক্ষুব্ধ অভিভাৱকে কয়, এটা বছৰে দোষীকেইটাক সকলো আইনী উপায় গ্ৰহণ কৰিবলৈ কৈ থকা হৈছে কিন্তু সিঁহতি কেৰজেৰ কৰি আছিল। এতিয়া এটা–এটাকৈ আইনী ব্যৱস্থা গ্ৰহণ কৰি আছে যাতে ফাঁচি নহয়।

অনন্ত কাললৈকে নহয় নিৰ্ভয়াৰ দোষীৰ ফাঁচি! https://assam.news18.com/news/nation/nirbhaya-mother-reaction-after-nirbhaya-rape-case-convicts-45851.html
আৰু চাওক
পৰৱৰ্তী বাতৰি