গোলাম নবী আজাদৰ আত্মজীৱনীত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ কথা ৷ ৰাহুল গান্ধী, ছোনীয়া গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাক দল ত্যাগ কৰিবলৈ দি পৰিচয় দিছিল নেকি অদূৰদৰ্শিতাৰ? কংগ্ৰেছৰ অদূৰদৰ্শিতা আৰু ৰত্ন চিনাত ভুল আছিল নেকি হিমন্ত বিশ্ব শৰ্মাৰ পৰা মমতা বেনাৰ্জীলৈ? এই প্ৰশ্নবোৰ প্ৰাসংগিক হৈ উঠিছে প্ৰাক্তন জ্যেষ্ঠ কংগ্ৰেছী নেতা গোলাম নবী আজাদৰ আত্মজীৱনী 'ৰাগা পুৰাণ'ত ৷
প্ৰেক্ষাপট ২০১৪ আৰু ২০১৫ৰ ৷ প্ৰয়াত তৰুণ গগৈৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিবাদে পাইছিল চূড়ান্ত ৰূপ ৷ ৰাহুল গান্ধীক অসমৰ নেতৃত্ব হিমন্ত বিশ্ব শৰ্মাক এৰি নিদিলে দল এৰিব বুলি গোলাম নবী আজাদে কৈছিল যদিও, ৰাহুল গান্ধীয়ে বেপৰোৱা ভাৱে 'এৰি গুছি যাওক বুলিয়েই দিছিল প্ৰত্যুত্তৰ ৷ ছোনীয়া গান্ধীয়েও লোৱা নাছিল গুৰুত্ব সহকাৰে। পৰৱৰ্তী সময় সকলোৰে সন্মুখত ৷ কংগ্ৰেছে চিনি নোপোৱা ৰত্নক চিনি পালে বিজেপিয়ে ৷ কংগ্ৰেছে নিদিয়া দায়িত্ব বিজেপিয়ে দিলে হিমন্ত বিশ্ব শৰ্মাক ৷ মুখ্যমন্ত্ৰীৰ দায়িত্বৰ লগতে ড৹ হিমন্ত বিশ্ব শৰ্মাক দিলে নেডাৰ আহ্বায়কৰো দায়িত্ব ৷ মমতা বেনাৰ্জীৰ সৈতেও কেতবোৰ এনে ঘটনাই ঘটিছিল ৷ অগ্নিকন্যা মমতা বেনাৰ্জীও এনেকৈয়ে এদিন ওলাই আহিছিল কংগ্ৰেছৰ পৰা ৷ কংগ্ৰেছৰ পৰা আহি মমতা বেনাৰ্জীয়ে পশ্চিমবংগৰ পৰাই নোহোৱা কৰি দিলে কংগ্ৰেছক ৷
ড৹ হিমন্ত বিশ্ব শৰ্মা, মমতা বেনাৰ্জীয়েইনে? অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডী এসময়ৰ কংগ্ৰেছী ৷ পৰৱৰ্তী সময়ত ৰেড্ডীয়েও নিজা দল খুলি এতিয়া মুখ্যমন্ত্ৰী ৷ পুডুচেৰীৰ মুখ্যমন্ত্ৰী এন ৰঙ্গাস্বামীৰ ক্ষেত্ৰতো একে ৷ ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী ডা৹ মানিক সাহা, মণিপুৰৰ এন বীৰেণ সিং, অৰুণাচল প্ৰদেশৰ পেমা খাণ্ডু, নাগালেণ্ডৰ নেফিঅ' ৰিঅ' সকলোৰে ৰাজনৈতিক জীৱনৰ চিনাকি আছিল এসময়ত কংগ্ৰেছী হিচাপেহে ৷ এই সকলোবোৰৰ পিছতো নাও বুৰিলেও টিঙৰ পৰা নানামে বৰ্তমানৰ কংগ্ৰেছী ৷ সেয়ে গোলাম নবী আজাদৰ কলমকো কোনোবাই কয় পঢ়া নাই বুলি কোনোবাই কয় আজাদেহে ভংগ কৰিব বিচাৰিছিল কংগ্ৰেছক ৷
Published by: Sehnaz Begum
FIRST PUBLISHED : March 25, 2023, 00:04 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।