মুখ্যপৃষ্ঠা » খবৰ

» দেশ

»প্ৰশান্ত কিশোৰ আৰু ছোনিয়া গান্ধীয়ে কি কথা আলোচনা কৰিছে? ২০২২ৰ নিৰ্বাচন নহয়, কিন্তু এয়া...

প্ৰশান্ত কিশোৰ আৰু ছোনিয়া গান্ধীয়ে কি কথা আলোচনা কৰিছে? ২০২২ৰ নিৰ্বাচন নহয়, কিন্তু এয়া...

News18 Assam | News18-Assam
Updated:August 5, 2021, 7:40 PM IST
প্ৰশান্ত কিশোৰ আৰু ছোনিয়া গান্ধীয়ে কি কথা আলোচনা কৰিছে? ২০২২ৰ নিৰ্বাচন নহয়, কিন্তু এয়া...
কংগ্ৰেছৰ প্ৰস্তাৱত কিশোৰে হয়ভৰ দিয়াৰ সময়টো কেৱল এজন পৰম প্ৰত্যাশিত আৰু পেছাদাৰী ৰাজনীতিবিদৰপৰা সক্ৰিয় ৰাজনীতিকত পৰিণত হোৱা ব্যক্তিয়েহে জানে।

কংগ্ৰেছৰ প্ৰস্তাৱত কিশোৰে হয়ভৰ দিয়াৰ সময়টো কেৱল এজন পৰম প্ৰত্যাশিত আৰু পেছাদাৰী ৰাজনীতিবিদৰপৰা সক্ৰিয় ৰাজনীতিকত পৰিণত হোৱা ব্যক্তিয়েহে জানে।

  • Share this:

নিৰ্বাচনী ৰণনীতিবিদ প্রশান্ত কিশোৰ আৰু কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীৰ মাজত সুদীৰ্ঘ এবছৰে কথোপকথন হৈছে। যোৱা বৃহস্পতিবাৰে প্ৰশান্ত কিশোৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ পৰামৰ্শদাতাৰ পদ ত্যাগ কৰি এই কথোপকথনক এক মাত্ৰা দিয়া বুলি ধাৰণা কৰিব পাৰি। তেওঁ পদ ত্যাগ কৰাটোৱে এই ইংগিত দিছিল যে তেওঁ আৰু এজন 'মুক্ত এজেণ্ট'ৰ ভূমিকা পালন নকৰে। বৰঞ্চ তেওঁ এটা ৰাজনৈতিক দলৰ অংশ হ'ব আৰু ২০২৪ চনত নিজৰ দক্ষতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব।


এতিয়া প্ৰশান্ত কিশোৰৰ ৰাজনৈতিক পৰিকল্পনাক লৈ ভিন্ন কৌতূহলৰ সৃষ্টি হৈছে। দৰাচলতে যদি কংগ্ৰেছৰ ভিতৰুৱা লোকসকলক বিশ্বাস কৰা হয়, কিশোৰে উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড বা গুজৰাটৰ আগন্তুক বিধানসভা নিৰ্বাচনত সক্ৰিয়ভাৱে 'ৰণনীতি' প্ৰস্তুত নকৰে, যি ২০২২ চনত অনুষ্ঠিত হ'ব।


প্ৰশান্ত কিশোৰ আৰু কংগ্ৰেছৰ অন্তৰ্ৱৰ্তীকালীন মুৰব্বী ছোনিয়া গান্ধীৰ এবছৰীয়া সাক্ষাতক লৈ জনসাধাৰণৰ ধাৰণা আৰু সংবাদ মাধ্যমৰ অনুমানৰ বিপৰীতে কিশোৰ-ছোনিয়া আলোচনা নিৰ্বাচনকেন্দ্ৰিক হোৱা নাই। বৰঞ্চ, তেওঁলোকে কংগ্ৰেছক পুনৰ নিৰ্মাণ কৰাৰ ওপৰত গুৰুত্ব দিছে।



খবৰ অনুসৰি, প্ৰশান্ত কিশোৰে গান্ধীত্ৰয় (ছোনিয়া, ৰাহুল আৰু প্ৰিয়ংকা)ক কৈছিল যে সাংগঠনিক পুনৰ্গঠনৰ ওপৰত গুৰুত্ব দিয়া উচিত, নিৰ্বাচন আৰু নিৰ্বাচনত জয়ী হোৱাৰ ওপৰত ইমান গুৰুত্ব দিয়া উচিত নহয়। কংগ্ৰেছে আদৰ্শ, সংগঠন আৰু কৰ্মীসকলৰ বাবে ১৩৬ বছৰতকৈও অধিক সময় দেশত প্ৰভাৱ বিস্তাৰ কৰিছিল। গতিকে ইয়াক পুনৰ এনেদৰে নিৰ্মাণ কৰা উচিত, যাতে অনাগত দশকবোৰত দলটোৱে সমৃদ্ধি লাভ কৰিব পাৰে।


উচ্চপদস্থ কংগ্ৰেছ সূত্ৰৰ পৰা জানিবলৈ পোৱা মতে, কিশোৰে এক গুৰুত্বপূৰ্ণ সাংগঠনিক পৰিৱৰ্তনৰ কথা কৈ আহিছে গান্ধীক। টিকট বিতৰণ প্ৰণালীৰ প্ৰতিষ্ঠানিককৰণ, নিৰ্বাচনী মিত্ৰতা, অন্যান্য বিষয়ৰ লগতে পুঁজি সংগ্ৰহৰ বিষয়ে দীঘলীয়াকৈ আলোচনা কৰা হৈছে। মধ্য প্ৰদেশ কংগ্ৰেছৰ মুৰব্বী কমল নাথো এনে আলোচনাৰে অংশ হৈ আছে।


আনহাতে প্ৰশান্ত কিশোৰ কংগ্ৰেছৰ ভৰসা হোৱাৰ ক্ষেত্ৰত দলটোৰ নেতৃত্বৰ মাজত তেনে আপত্তি নাই। গতিকে ২০২৪ বৰ্ষলৈ লক্ষ্য কৰি তেওঁ কংগ্ৰেছক নেতৃত্ব দিয়াৰ ক্ষেত্ৰতো সম্পূৰ্ণ স্বাধীনতা পোৱাটো বাস্তৱত পৰিণত হ'ব পাৰে।


প্ৰশান্ত কিশোৰৰ দলৰ সীমা অতিক্ৰমিও বিস্তৃত সম্পৰ্ক আছে। মমতা বেনাৰ্জী, শাৰদ পাৱাৰ, এম কে ষ্টালিন, উদ্ধৱ ঠাকৰে, অখিলেশ যাদৱ, হেমন্ত সোৰেন, জগন মোহন ৰেড্ডীৰ সৈতে তেওঁৰ ঘনিষ্ঠতা সুবিদিত। নিৰ্বাচনী ৰণনীতিবিদজনৰ মতে ৰাজস্থান, মধ্য প্ৰদেশ, ছত্তিশগড়, গুজৰাট, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, অসম, হাৰিয়ানা, ঝাৰখণ্ড আদি ৰাজ্যত বিজেপিৰ সৈতে পোনপটীয়া প্ৰতিদ্বন্দ্বিতা কৰি থকা কংগ্ৰেছে দলটোৰ চিৰপ্ৰতিদ্বন্দ্বীক পৰাস্ত কৰা আৰম্ভ নকৰিলে, নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এক পৰাস্ত কৰাৰ বাবে মিলিত বিৰোধীৰ প্ৰচেষ্টা বাস্তৱত পৰিণত নহ'ব।



কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে তেওঁ সকলোকে একেখন মঞ্চত আনিব পাৰিবনে নাই? আৰু পৰিৱৰ্তনৰ প্ৰতি এলাৰ্জী থকা কংগ্ৰেছে নিজকে পুনৰ নিৰ্মাণ আৰু গঢ় দিবলৈ অনুমতি দিব নে নাই? ছোনিয়া গান্ধীয়ে ১০ আগষ্টত এআইচিচিৰ অন্তৰ্ৱৰ্তীকালীন মুৰব্বী হিচাপে দুবছৰ সম্পূৰ্ণ কৰিব। সূত্ৰ অনুসৰি, তেওঁৰ বিদেশ ভ্ৰমণৰ পৰিকল্পনা আছে। কংগ্ৰেছৰ প্ৰস্তাৱত কিশোৰে হয়ভৰ দিয়াৰ সময়টো কেৱল এজন পৰম প্ৰত্যাশিত আৰু পেছাদাৰী ৰাজনীতিবিদৰপৰা সক্ৰিয় ৰাজনীতিকত পৰিণত হোৱা ব্যক্তিয়েহে জানে।

Published by: Gautam Barman
First published: August 5, 2021, 7:27 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি