মুখ্যপৃষ্ঠা »খবৰ »দেশ »Sarbananda Sonowal: পশ্চিম বংগৰ ঠাকুৰনগৰত অনুষ্ঠিত মতুৱা ধৰ্ম মহামেলাত অংশগ্রহণ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

Sarbananda Sonowal: পশ্চিম বংগৰ ঠাকুৰনগৰত অনুষ্ঠিত মতুৱা ধৰ্ম মহামেলাত অংশগ্রহণ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

পশ্চিম বংগৰ ঠাকুৰনগৰত অনুষ্ঠিত মতুৱা ধৰ্ম মহামেলাত অংশগ্রহণ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

পশ্চিম বংগৰ ঠাকুৰনগৰত অনুষ্ঠিত মতুৱা ধৰ্ম মহামেলাত অংশগ্রহণ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

মেলাখন সৰ্বভাৰতীয় মতুৱা মহাসংঘৰদ্বাৰা ১৯ মাৰ্চৰ পৰা ২৫ মার্চ, ২০২৩লৈ আয়োজন কৰা হৈছে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেইবা সহস্রাধিক মতুৱা অনুগামী আৰু ভক্তই "হৰি বোল, হৰি বোল" ধ্বনিৰে উষ্ম সম্বৰ্ধনা আৰু সাদৰ-সম্ভাষণ জনায়।

  • Share this:
কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱালে আজি শ্ৰীশ্ৰী হৰিচান্দ ঠাকুৰজীৰ ২১২তম জয়ন্তী উদযাপনৰ বাবে আয়োজিত মতুৱা ধৰ্ম মহামেলাত অংশগ্ৰহণ কৰিবলৈ পশ্চিম বংগৰ ঠাকুৰবাৰীৰ শ্ৰীধাম ঠাকুৰনগৰত উপস্থিত হয়। তেওঁৰ সৈতে উপস্থিত থাকে কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী শান্তনু ঠাকুৰ, যি হৈছে মতুৱা মহাসংঘৰো সংঘাধিপতি।

"ভক্তিতেই আছে শান্তি, শক্তি, জ্ঞান আৰু সংস্কৃতি। ভক্তিৰ বাবেই আমি এই মহা মেলাত একত্ৰিত হোৱাৰ পৰম সুযোগ লাভ কৰিছোঁ।"- এই বুলি উল্লেখ কৰি অনুষ্ঠানত সৰ্বানন্দ সোণোৱালে কয়, "শ্ৰীশ্ৰী হৰিচান্দ ঠাকুৰজীৰ জয়ন্তী উপলক্ষে আজি এই পৱিত্ৰ স্থানত উপস্থিত হৈ মই ধন্য অনুভৱ কৰিছোঁ। বঞ্চিত আৰু দলিত লোকসকলৰ কল্যাণৰ দিশত শ্ৰীশ্ৰী ঠাকুৰজীৰ মূল্যবান অৱদান আমি সদায় মনত ৰাখিব লাগিব। আধ্যাত্মিকতাৰ উপৰি শিক্ষাৰ প্ৰসাৰ, সমতা স্থাপন আৰু সমাজত মহিলাসকলৰ অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত তেওঁৰ সমৰ্পিত প্রচেষ্টা সমাজ জীৱনৰ বাবে আশাৰ উজ্জ্বল উদাহৰণ হৈ ৰ'ব। আদৰণীয় মাননীয় প্রধানমন্ত্রী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশ্বাস কৰে যে, মতুৱা ধৰ্ম মহামেলা হৈছে মতুৱা সম্প্ৰদায়ৰ জীৱন্ত আৰু বাৰেবৰণীয়া সংস্কৃতি তথা পৰম্পৰাৰ এক উৎকৃষ্ট নিদর্শন, য'ত প্ৰতিফলিত হৈছে 'এক ভাৰত, শ্রেষ্ঠ ভাৰত'ৰ মূলমন্ত্র।"

লগতে সোণোৱালে কয়, "এই মহা মেলা স্থানীয় লোকসকলৰ বাবে এক উত্তম উপলক্ষ। ইয়াত স্থানীয় শিল্পীসকলে তেওঁলোকৰ থলুৱা সা-সামগ্ৰী আৰু কাৰুশিল্প প্ৰদৰ্শন কৰিছে। মই সকলোকে ভাৰতৰ সভ্যতা-সংস্কৃতিৰ ঐতিহ্যৰ এই অনন্য প্রদর্শন দর্শনকৰিবলৈ আহ্বান জনাইছোঁ, য'ত প্ৰতিফলিত হৈছে ভ'কেল ফ'ৰ ল'কেলৰো মূলমন্ত্র।"

পূৰ্বে মতুৱা ধৰ্ম মহামেলা সন্দৰ্ভত শান্তনু ঠাকুৰে কৰা টুইটৰ উদ্ধৃতি দি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে টুইট কৰিছিল যে, মতুৱা মহা মেলা হৈছে এক গুৰুত্বপূৰ্ণ অনুষ্ঠান যিয়ে মতুৱা সম্প্ৰদায়ৰ জীৱন্ত সংস্কৃতি আৰু পৰম্পৰা প্ৰদৰ্শন কৰে। মই অধিক সংখ্যক লোকক এই মেলা ভ্ৰমণ কৰিবলৈ অনুৰোধ কৰিছোঁ। দয়া আৰু সেৱাৰ পথ দেখুওৱাৰ বাবে মানৱ সমাজ শ্ৰীশ্ৰী হৰিচান্দ ঠাকুৰজীৰ ওচৰত চিৰদিনৰ বাবে ঋণী হৈ থাকিব।

আজি কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেইবা সহস্রাধিক মতুৱা অনুগামী আৰু ভক্তই "হৰি বোল, হৰি বোল" ধ্বনিৰে উষ্ম সম্বৰ্ধনা আৰু সাদৰ-সম্ভাষণ জনায়। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী আৰু মতুৱা মহাসংঘৰ সংঘাধিপতি শান্তনু ঠাকুৰে উল্লেখ কৰে যে, শ্রীধাম ঠাকুৰনগৰৰ এই মেলা ধৰ্মীয় দৈৱত্ব, বৈচিত্র্য আৰু শান্তি-সম্প্ৰীতিৰ মহামিলনথলী হিচাপে পৰিগণিত হৈছে।

মেলাখন সৰ্বভাৰতীয় মতুৱা মহাসংঘৰদ্বাৰা ১৯ মাৰ্চৰ পৰা ২৫ মার্চ, ২০২৩লৈ আয়োজন কৰা হৈছে। শ্ৰীশ্ৰী হৰিচান্দ ঠাকুৰজীৰ আশীৰ্বাদ বিচাৰি সপ্তাহটোত প্রায় ৪৫ লাখ লোকে মেলাখনলৈ যোৱাৰ সম্ভাৱনা আছে।

শেহতীয়া বাতৰি