ডেৰ-দুবছৰ বয়সৰ পৰাই মাকৰ কোলাত মাকৰ কবিতা পাঠ শুনি শুনি সম্পুৰ্ণা অভ্যস্ত হৈ পৰিছে বুলি মাতৃ পিউ পালে জনায়।
ডেৰ-দুবছৰ বয়সৰ পৰাই মাকৰ কোলাত মাকৰ কবিতা পাঠ শুনি শুনি সম্পুৰ্ণা অভ্যস্ত হৈ পৰিছে বুলি মাতৃ পিউ পালে জনায়।
বাংলা বৰ্ণমালা নিশিকাকৈ 'বীৰপুৰুষ’, ‘পুৰাতনভৃত্য’, ‘মাষ্টাৰবাবু’ ‘সমব্যথী’, ‘হাট’ আৰু ‘কঙালীনী’কে ধৰি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰ (Rabindranath Tagore)ৰ ছটা কবিতাৰ ২২৩ শাৰী মাত্ৰ ৯ মিনিট ১৮ ছেকেণ্ডত নিপুণভাৱে আবৃত্তি কৰাৰ বাবে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ (India Book of Records)ত প্ৰৱেশ কৰিছে চাৰি বছৰীয়া সম্পুৰ্ণা (Sampurna)ই । ডেৰ-দুবছৰ বয়সৰ পৰাই মাকৰ কোলাত মাকৰ কবিতা পাঠ শুনি শুনি সম্পুৰ্ণা অভ্যস্ত হৈ পৰিছে বুলি মাতৃ পিউ পালে জনায়। আনৰ পৰা শুনি আৰু মাকৰ পৰা আঁত ধৰি লৈ তাই চুটি কবিতা মুখস্থ কৰিবলৈ শিকিছিল।
সম্পুৰ্ণাই এতিয়াও বাংলা বৰ্ণমালা (Bengali alphabet) শিকা নাই বুলি মাতৃ পিউ পালে কয় যে আত্মীয়-স্বজন আৰু ওচৰ-চুবুৰীয়াই ছোৱালীজনীৰ কবিতা আবৃত্তিৰ প্ৰশংসা কৰিছিল। কবিতা আবৃত্তিৰ এই অভিলেখ হঠাতে হোৱা বুলিও তেওঁ লগতে কয়।
সম্পুৰ্ণাৰ পিতৃ চয়ন্তন পালে কয় যে তেওঁ কেতিয়াও নিজৰ ছোৱালীক আবৃত্তিৰ বাবে জোৰ দিয়া নাছিল। সম্পুৰ্ণাৰ পিতৃ-মাতৃয়ে কৈছে যে ভৱিষ্যতেও ছোৱালীজনীক আবৃত্তি-সম্পৰ্কীয় কোনো কাম-কাজ আগবঢ়াই নিবলৈ বাধ্য নকৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|