আৰম্ভ নৌহওতেই পশ্চিম বংগত NRC সন্ত্ৰাস! ৰাজ্য খনত এতিয়ালৈকে আত্মহত্যা ৬ জনৰ!

উচ্চতম ন্যায়ালয়লৈ যোৱাৰ প্ৰস্তুতি চলাইছে পশ্চিম বংগৰ সমাজকৰ্মীয়ে।

News18
Updated:September 24, 2019, 4:15 PM IST
আৰম্ভ নৌহওতেই পশ্চিম বংগত NRC সন্ত্ৰাস! ৰাজ্য খনত এতিয়ালৈকে আত্মহত্যা ৬ জনৰ!
প্ৰতীকি ফটো, ইণ্টাৰনেটৰ পৰা সংগৃহীত।
News18
Updated: September 24, 2019, 4:15 PM IST
পাৰ্থ জ্যোতি বৰা, নিউজ18: অসমৰ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ভূতে এতিয়া বাৰুকৈ খেদি ফুৰিছে চুবুৰীয়া পশ্চিম বংগৰ নেতাক। বিজেপিয়ে যদি NRC কাৰ্যকৰী কৰি ৰাজনৈতিক মুনাফা আদায় কৰিব বিচাৰিছে; আনপিনে শাসকীয় TMC য়ে NRC ৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিছে । কিন্তু তাৰ মাজতে আত্মহত্যা কৰিলে ৬ জন লোকে । এই দাবীৰে উচ্চতম ন্যায়ালয়লৈ যোৱাৰ প্ৰস্তুতি চলাইছে কলিকতাৰ কাজী কামৰুজ জামান নামৰ এজন সমাজ কৰ্মীয়ে।

পশ্চিম বংগত আধাৰ কাৰ্ড কেন্দ্ৰ সমূহত এতিয়া লাগিছে লানি নিছিগা শাৰী । আধাৰ কার্ডে NRCত নাম সুনিশ্চিত কৰিব বুলি বিয়পিছে উৰা বাতৰি । অসমত NRC ত নাম নেদেখি আত্মহত্যা কৰাৰ খবৰ বোৰেও আতংকিত কৰি তুলিছে একাংশক । যাৰ ফলত ৬ জন লোকে আত্মহত্যা কৰা বুলি দাবী কৰিছে সমাজকৰ্মী জনে ।

পশ্চিম বংগৰ মুখ্যমন্ত্ৰীয়ে NRC ক ৰাইজক আতংকিত নহবলৈ আহ্বান জনাইছে । অসমত অসম চুক্তিৰ আধাৰত NRC হৈছে কিন্তু বংগৰ পৰিস্থিতি সুকীয়া; বংগত NRC কৰিবলৈ হলে ৰাজ্য চৰকাৰে সন্মতি প্ৰদান কৰিব লাগিব বুলি মন্তব্য মমতা বেনাৰ্জীৰ ।
আৰু চাওক পৰৱৰ্তী বাতৰি