কি জঘন্য! হত্যা কৰাৰ পিছত মৃতদেহত বলাৎকাৰ, গ্ৰেপ্তাৰ হ’ল ছিৰিয়েল কিলাৰ

এই ঘটনা পশ্চিম বংগৰ বৰ্ধমান জিলাৰ। এই ঘটনাৰ সৈতে জড়িত জঘন্য অপৰাধী কামাৰুজ্জামান সৰকাৰক গ্ৰেপ্তাৰ কৰি ১২ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

news18assam
Updated:June 4, 2019, 7:15 PM IST
কি জঘন্য! হত্যা কৰাৰ পিছত মৃতদেহত বলাৎকাৰ, গ্ৰেপ্তাৰ হ’ল ছিৰিয়েল কিলাৰ
CREATOR: gd-jpeg v1.0 (using IJG JPEG v62), default quality
news18assam
Updated: June 4, 2019, 7:15 PM IST
এই কাহিনী পঢ়িলে আপোনাৰ কোনো ভয়ংকৰ ক্ৰাইম–থ্ৰীলাৰ চিনেমাৰ কাহিনীৰ দৰে লাগিব পাৰে, কিন্তু এয়া কোনো কাল্পনিক কাহিনী নহয়। এই ঘটনা পশ্চিম বংগৰ বৰ্ধমান জিলাৰ। এই ঘটনাৰ সৈতে জড়িত জঘন্য অপৰাধী কামাৰুজ্জামান সৰকাৰক গ্ৰেপ্তাৰ কৰি ১২ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। লম্পটটোৰ বিৰুদ্ধে মহিলাক লোৰ ৰডেৰে মৰিয়াই হত্যা কৰাৰ পিছত তেজেৰে লুতুৰি–পুতুৰি মৃতদেহত বলাৎকাৰ কৰাৰ অভিযোগ। আৰক্ষীয়ে কেইবাটাও পুৰণি ঘটনাতো কামাৰুজ্জামান জড়িত থকাৰ সন্দেহ কৰিছে। কামাৰুজ্জামানে কিছুদিন কাৱাৰীৰ কাম কৰিছিল। হুগলী জিলাত পাঁচগৰাকী মহিলাক হত্যা কৰা ঘটনাতো জড়িত থকাৰ সন্দেহ কৰা হৈছে।

৪২ বছৰীয়া এই যুৱকজনে বিজুলীৰ মিটাৰ ৰিডিঙৰ বাবে ঘৰে ঘৰে প্ৰৱেশ কৰিছিল আৰু তাৰ পিছত পিছত মহিলাৰ ওপৰত জঁপিয়াই পৰিছিল। আৰক্ষীৰ মতে, লম্পটটোৱে প্ৰথমে মহিলাৰ ডিঙিত চাইকেলৰ চেনেৰে চেপি হত্যা কৰে, তাৰ পিছত লোহ ৰডেৰে মূৰত মৰিয়াই মৃত্যু নিশ্চিত কৰে। আৰু তাৰ পিছতে চৰিতাৰ্থ কৰে নিজৰ অসৎ অভিপ্ৰায়। আন চাৰিটা হত্যাকাণ্ডৰ সৈতেও জড়িত থকাৰ অভিযোগত যুৱকজনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ তথ্য অনুসৰি, কামাৰুজ্জামানৰ উদ্দেশ্য চুৰি নাইবা আন একো নহয়, হত্যাকাণ্ডই তেওঁৰ মূল উদ্দেশ্য। হত্যাৰ পিছত মহিলাৰ গুপ্তাংগত চোকা অস্ত্ৰৰে আঘাত কৰাৰ কথাও উল্লেখ কৰিছে আৰক্ষীয়ে। আদহীয়া বয়সৰ মহিলাসকলক টাৰ্গেট কৰি লৈছিল কামাৰুজ্জামানে।

সোমবাৰে এখন ৰঙা ৰঙৰ বাইকেৰে গৈ থকাৰ সময়তে সন্দেহবশতঃ আৰক্ষীয়ে ৰখায় কামাৰুজ্জামানক। ৰঙা ৰঙৰ হেলমেটো পিন্ধি আছিল যুৱকজনে। প্ৰকৃততে আন এক হত্যাকাণ্ডৰ পিছতে জিলাখনৰ সকলো আৰক্ষী থানালৈ চিচিটিভি ফুটেজ প্ৰেৰণ কৰা হৈছিল, য’ত সন্দেহজনক লোকজনে ৰক্ষা ৰঙৰ হেলমেট পৰিধান কৰি ৰঙা ৰঙৰ বাইক চলাই আছিল। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
আৰু চাওক পৰৱৰ্তী বাতৰি