• Home
  • »
  • News
  • »
  • nation
  • »
  • ডিঙি ৰেপি RSS নেতা, গৰ্ভৱতী পত্নী আৰু ৮ বছৰীয়া সন্তানক নৃশংস হত্যা, মুৰ্ছিদাবাদ কাণ্ডই কঁপাইছে দেশ

ডিঙি ৰেপি RSS নেতা, গৰ্ভৱতী পত্নী আৰু ৮ বছৰীয়া সন্তানক নৃশংস হত্যা, মুৰ্ছিদাবাদ কাণ্ডই কঁপাইছে দেশ

পশ্চিম বংগৰ মুৰ্ছিদাবাদ জিলাত সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ড। দুৰ্গা পূজাৰ অষ্টমীৰ দিনাও দুগৰাকী বিজেপি কৰ্মীক হত্যা কৰা হৈছিল ৰাজ্যখনত।

  • Share this:
    পশ্চিম বংগৰ মুৰ্ছিদাবাদত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড। নিশা অচিনাক্ত দুৰ্বৃত্তই ডিঙি ৰেপি হত্যা কৰিলে RSS নেতা বন্ধুশংকৰ পাল , গৰ্ভৱতী পত্নী আৰু ৮ বছৰীয়া সন্তানক। এই হত্যাকাণ্ডৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ উত্তেজনা। শিক্ষক হিচাপে কৰ্মৰত বন্ধুশংকৰ পাল বহু বছৰ ধৰি আৰ এছ এছৰ সৈতে জড়িত আছিল। এই ঘটনাৰ পূৰ্বেও দুৰ্গা পূজাৰ অষ্টমীৰ দিনা দুগৰাকী বিজেপি কৰ্মীক অচিনাক্ত দুৰ্বৃত্তই নৃশংস ভাবে হত্যা কৰিছিল।
    হিংসাই এদিন ধবংস কৰিব ইছলাম! বিধায়ক শিলাদিত্যৰ মন্তব্য:

    ঘটনাৰ ৩৬ ঘণ্টাৰ পিছতে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই লোকজন RSSৰ সৈতে জড়িত থকাৰ সন্দৰ্ভত নিশ্চিতি প্ৰদান কৰে। মাত্ৰ দুদিনৰ অন্তৰালত ৰাজ্যখনত দুগৰাকী বিজেপি কৰ্মী আৰু এগৰাকী RSS কৰ্মীৰ সম্পূৰ্ণ পৰিয়ালক হত্যা কৰাৰ পিছতো পশ্চিম বংগৰ চৰকাৰে কোনো ব্যৱস্থা নোলোৱাত জাঙুৰ খাই উঠিছে  আৰ এছ এছ আৰু বিজেপি। উল্লেখযোগ্য যে, টকাৰ লেনদেনৰ বাবেই এই ধৰণৰ এক হত্যাকাণ্ড সংঘটিত হ’ল বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে।

    First published: