পশ্চিমবংগৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ। গ্ৰেপ্তাৰ কৰিলে ইডিয়ে। শনিবাৰে পুৱা নক্টলাস্থিত ৰাজ্যিক মন্ত্ৰী পাৰ্থ চেটাৰ্জীৰ ঘৰত ইডি (Enforcement department)ৰ জেৰা অব্যাহত আছে। ২৭ জেৰা কৰাৰ অন্তত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
শুকুৰবাৰে পুৱা প্ৰায় ৭:৩০-৮:৩০ বজাত ইডিৰ বিষয়া পাৰ্থ চেটাৰ্জীৰ ঘৰত উপস্থিত হয়। তাৰ পৰাই আৰম্ভ হয় জেৰা। গোটেই দিনটোৰ সোধা-পোছাৰ অন্তত নিশা প্ৰায় ১০.৪০ বজাত আন এজন ইডি বিষয়া পুনৰ হাজিৰ হয় পাৰ্থৰ ঘৰত। শনিবাৰে পুৱাও কৰা সোধা-পোছাৰ সময়ত পাৰ্থ চেটাৰ্জীয়ে কেইবাটাও প্ৰশ্নৰ উত্তৰ দিব নোৱাৰিলে। সেইবাবেই তেওঁক গ্ৰেপ্তাৰ কৰা হয় বুলি জানিব পৰা গৈছে।
আজি পাৰ্থ চেটাৰ্জীক ইডি আদালতত হাজিৰ কৰোৱা হ’ব পাৰে। পাৰ্থ চেটাৰ্জীৰ অধিবক্তা অনিন্দ্য ৰাউতেও কয় যে ইডিয়ে পাৰ্থ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিছে ( Partha Chatterjee arrested by ED )। তেওঁক ইডি আদালতত হাজিৰ কৰোৱা হ’ব।
উল্লেখ্য, পশ্চিমবংগ বিদ্যালয় সেৱা আয়োগ আৰু প্ৰাথমিক শিক্ষা ব'ৰ্ডত নিযুক্ত কেলেংকাৰি সংক্ৰান্তত ইডিয়ে ৰাজ্যখনৰ প্ৰাক্তন শিক্ষামন্ত্ৰী পাৰ্থ চেৰ্টাজীৰ ঘনিষ্ঠৰ ঘৰৰ পৰা উদ্ধাৰ কৰে বহু আপত্তিজনক তথ্য। পাৰ্থ চেটাৰ্জীৰ ঘনিষ্ঠ অৰ্পিতা মুখোপাধ্যায়ৰ গৃহৰ পৰা ইডিয়ে উদ্ধাৰ কৰে ২০ কোটি টকাৰ লগতে কেইবাটাও ম'বাইল ফোন আৰু একাধিক আপত্তিজনক নথি-পত্ৰ।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|