অৰ্জুনৰ শৰ পাৰমাণৱিক শক্তিৰে সুসজ্জিত আছিল: পশ্চিম বংগৰ ৰাজ্যপাল

News18 Assam | News18-Assam
Updated:January 15, 2020, 4:11 PM IST
অৰ্জুনৰ শৰ পাৰমাণৱিক শক্তিৰে সুসজ্জিত আছিল: পশ্চিম বংগৰ ৰাজ্যপাল
Source-Google

ছচিয়েল মিডিয়াত ব্যাপক ভাবে ট্ৰ’লৰ সন্মুখীন

  • Share this:
পশ্চিম বংগৰ ৰাজ্যপালৰ এক বিশেষ মন্তব্য এতিয়া চৰ্চাত। ৰাজ্য়পালগৰাকীৰ সেই বিশেষ মন্তব্য়ৰ পিছতে ছচিয়েল মিডিয়াত ব্যাপক ভাবে ট্ৰ’লৰ সন্মুখীন হোৱা দেখা গৈছে।  পশ্চিম বংগৰ ৰাজ্যপাল তথা বিজেপিৰ প্ৰাক্তন সাংসদ জাগদ্বীপ ধানখাৰৰ মতে মহাভাৰতৰ অৰ্জুনৰ ধনুৰ শৰত আছিল পাৰমাণৱিক শক্তি ।

পূব ভাৰত বিজ্ঞান আৰু অভিযান্ত্ৰিক মেলা ২০২০ চনত অংশগ্ৰহণ কৰি এই ভাষ্য প্ৰদান কৰে পশ্চিম বংগৰ ৰাজ্যপাল গৰাকীয়ে । ৰাজ্যপালগৰাকীয়ে লগতে কয় যে,  ২০ শতিকাত নহয় ৰামায়ণৰ সময়ৰ পৰাই আছিল উৰণীয়া বস্তু (Flying Object), সঞ্জয়ে টেলিভিছন নোহোৱাকৈয়ে দিছিল পোনপটীয়া যুদ্ধৰ বিৱৰণ আৰু অৰ্জুনৰ শৰত আছিল পাৰমাণৱিক শক্তি।

ৰাজ্যপাল জাগদ্বীপ ধানখাৰ এই আচৰিত মন্তব্যৰ পিছতে  ৰাজ্যপাল গৰাকীক সমালোচনা কৰিছে বিজ্ঞানী সকলে ।
Published by: Himangshu Bhuyan
First published: January 15, 2020, 4:08 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading