• Home
  • »
  • News
  • »
  • nation
  • »
  • West Bengal: মমতাৰ অফিচত টাইপিং ভূতৰ সন্ত্ৰাস! মন্ত্ৰী-বিধায়কৰ হাহাকাৰ! ৰাজ্যপালৰো লটি-ঘটি

West Bengal: মমতাৰ অফিচত টাইপিং ভূতৰ সন্ত্ৰাস! মন্ত্ৰী-বিধায়কৰ হাহাকাৰ! ৰাজ্যপালৰো লটি-ঘটি

West Bengal: মাজনিশা ২ বজাত কিয় বিধানসভাৰ অধিবেশন আহ্বান কৰিলে ৰাজ্যপালে, মন্ত্ৰী-বিধায়কৰ হাহাকাৰ!

West Bengal: মাজনিশা ২ বজাত কিয় বিধানসভাৰ অধিবেশন আহ্বান কৰিলে ৰাজ্যপালে, মন্ত্ৰী-বিধায়কৰ হাহাকাৰ!

West Bengal: মাজনিশা ২ বজাত কিয় বিধানসভাৰ অধিবেশন আহ্বান কৰিলে ৰাজ্যপালে, মন্ত্ৰী-বিধায়কৰ হাহাকাৰ!

  • Share this:
অহা ৭ মাৰ্চত মাজনিশা ২ বজাত বিধানসভাৰ অধিবেশন (Assembly Session) আহ্বান কৰিলে পশ্চিমবংগ (West Bengal)ৰ ৰাজ্যপাল জগদ্বীপ ধনকাৰে (Governor Jagdeep Dhankhar)। এই অদ্ভূত সময়ত বিধানসভাৰ অধিবেশন আহ্বান কৰাৰ পিছতে পশ্চিমবংগৰ ৰাজনীতিত হাহাকাৰ লাগিছে। ৰাজ্যপাল ধনকাৰে কয় যে চৰকাৰৰ কেবিনেটে যি লিখি দিছে তেওঁ তাতে ছীল-মোহৰহে মাৰিছে। বিষয়টোক লৈ ৰাজ্যপাল ধনকাৰে মুখ্য সচিব আৰু চৰকাৰৰ মহাধিবক্তাক তলৱ কৰিছে।

ৰাজ্যপাল ধনকাৰে চৰকাৰৰ কেবিনেটৰ প্ৰস্তাব পত্ৰ এখনো টুইটাৰত শ্বেয়াৰ কৰিছে। অৱশ্যে বাজেট অধিবেশন (Budget Session)ৰ জাননীত সকলো ঠাইতে স্পষ্টকৈ আবেলি ২ বজাত বুলি লিখা আছে। আনকি ৰাজ্যপালৰ ভাষণৰ সময়ো বিয়লি ২ বজাত বুলি লিখা আছে। মাত্ৰ শেষৰ পিনে এঠাইত নিশা ২ বজাত বুলি লিখা আছিল। ৰাজ্যপাল ধনকাৰে এই ঘটনাক নাভূত-নাশ্ৰুত ঘটনা বুলি গৰিহণা দিয়ে।

আচলতে এই অঘটনৰ আঁৰত হৈছে কাৰ্যালয়ত টাইপিঙৰ ভুল (Typing Mistake)।

ৰাজ্যপালৰ টুইটাৰৰ পিছতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী (Mamata Banerjee)য়ে ৰাজ্যপাল জগদ্বীপ ধনকাৰক ফোন কৰি ঘটনাৰ বুজ লয় আৰু কয় যে এয়া টাইপিং ভুলৰ বাবেই হৈছে। মমতাই ঘটনাটোৰ বাবে খেদ প্ৰকাশ কৰাৰ লগতে অহা ২৮ ফেব্ৰুৱাৰীত এখন কেবিনেট বৈঠকৰ আয়োজন কৰিছে আৰু তাতেই এক নতুন শুদ্ধৰূপত জাননী জাৰী কৰা হ'ব।
Published by:Manjumoni Borah
First published: